Breaking

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত প্রয়াত লোক সংস্কৃতিবিদ ড° প্রবীণ চন্দ্র দাস স্মাৰক বক্তৃতানুষ্ঠান…

0 26

বিশিষ্ট লোকসংস্কৃতিবিদ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ শ্ৰেণী সমুহৰ অৱসৰপ্ৰাপ্ত সচিব, প্রয়াত ড° প্রবীণ চন্দ্র দাসৰ জন্মদিনটো আজি অসম জনকৃষ্টি সমাজৰ উদ্যোগত আৰু গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ সহযোগত বিশ্ববিদ্যালয়খনৰ মূল শৈক্ষিক ভৱনৰ সভাগৃহত পালন কৰা হয়। জন্মদিনৰ লগত সংগতি ৰাখি এক স্মাৰক বক্তৃতানুষ্ঠানৰো আয়োজন কৰা হয়। এই উপলক্ষে অসম জনকৃষ্টি সমাজৰ সভাপতি ডঃ মুণাল কুমাৰ বৰাৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটোত মূল বক্তৃতা প্রদান কৰে বিশিষ্ট সাংবাদিক গৌতম শর্মাই। ভাষণ প্রসংগত গৌতম শর্মাই বিশিষ্ট লোকসংস্কৃতিবিদ ডঃ প্রবীণ চন্দ্র দাসৰ সৈতে লাভ কৰা সান্নিধ্য, লোকসংস্কৃতি আৰু সংগীতৰ ক্ষেত্ৰখনত লাভ কৰা অভিজ্ঞতা আদিৰ আলোকপাত কৰে। আনহাতে অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ উপাচার্য ডঃ কন্দর্প দাসে প্রয়াত লোক সংস্কৃতিবিদ ডঃ প্রবীণ চন্দ্র দাসৰ সোঁৱৰণত এনে ধৰণৰ অনুষ্ঠান বিশ্ববিদ্যালয়ত অনুষ্ঠিত কৰা বাবে অসম জনকৃষ্টি সমাজৰ শলাগ লয়। অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী ডঃ অণিমা চৌধুৰীয়ে চমু ভাষণ দিয়াৰ লগতে লোকগীত পৰিৱেশন কৰে। তেনেদৰে গৱেষক আৰু বিশ্ববিদ্যালয়খনৰ অতিথি অধ্যাপক হীৰকজ্যোতি শর্মাই অনুষ্ঠানত লোক সংগীতৰ ঐতিহ্য আৰু বিবর্তন শীর্ষ এক অনুষ্ঠান প্রদর্শন কৰে।

অনুষ্ঠানত আবিলেকৰ সঞ্চালক ডঃ দিলীপ কলিতা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোকসংস্কৃতি গৱেষণা বিভাগৰ অধ্যাপকদ্বয় ডঃ অনিল চন্দ্র বড়ো আৰু ডঃ কিশোৰ ভট্টাচাৰ্য, অসমীয়া বিভাগৰ জ্যেষ্ঠ অধ্যাপক ড’ উপেন ৰাভা হাকাছাম , অসম জনকৃষ্টি সমাজৰ কেবাজনো কর্মকর্তা , ডঃ মণিৰূপা মিশ্ৰকে ধৰি বিশ্ববিদ্যালয়খনৰ কেবাজনো শিক্ষক আৰু বহু সংখ্যক ছাত্ৰ – ছাত্ৰী উপস্থিত থাকে। শেষত শলাগৰ শৰাই আগবঢ়াব অসম জনকৃষ্টি সমাজৰ সাধাৰণ সম্পাদক ডঃ কৰুণাকান্ত কাকতিয়ে। উল্লেখ্য যে পূৰ্বতে ডঃ প্ৰবীণ চন্দ্ৰ দাসৰ ১৬ ফেব্ৰুৱাৰীৰ জন্মদিনটো তেওঁৰ গুণমুগ্ধ সকলে সেউজ মনৰ দিন হিচাপে পালন কৰি আহিছিল। ২০২২ চনৰ ছেপ্তেম্বৰ মাহত তেওঁৰ মৃত্যু হৈছিল।

Leave A Reply