স্বৰ্গীয়া নিৰেমাই দেৱী সোঁৱৰণী দ্বিতীয় বাৰ্ষিক দিবানৈশ চলন্ত ট্ৰফি প্ৰাইজমানি ভলীবল প্ৰতিযোগিতা

 মৰিগাঁও জিলাৰ নোৱাগাওঁ ৰাভা স্মৃতি যুৱক সংঘ ও পুথিভঁৰালৰ উদ্যোগত স্বৰ্গীয়া নিৰেমাই দেৱী সোঁৱৰণী দ্বিতীয় বাৰ্ষিক আমন্ত্ৰণমূলক দিবানৈশ চলন্ত ট্ৰফি প্ৰাইজমানি ভলীবল প্ৰতিযোগিতাত ৰাজ্যৰ আঠোটা আগশাৰীৰ ভলীবল দলে অংশগ্ৰহণ কৰে। সম্পূৰ্ণ ক’ভিড বিধি অনুযায়ী অনুস্থিত হোৱা প্ৰতিযোগিতাখন ৰাতি প্ৰায় এঘাৰ মান বজাত সফলভাৱে সামৰণি পৰে। এইবাৰৰ প্ৰতিযোগিতাখনত মিৰ্জাৰ আৰিয়ান ভলীবল দলে তেজপুৰ ভলীবল দলক পৰাস্ত কৰি চূড়ান্ত  বিজয়ৰ সন্মান লাভ কৰিবলৈ সক্ষম হয়। আনহাতে নগাঁও জিলাৰ ভলীবল দলটিয়ে তৃতীয় স্থানতে থমকি ৰয়। Best Ateker আৰু Best Blocker হিচাপে আৰিয়ান ভলীবল দলৰ খেলুৱৈ ক্ৰমে মধু আৰু আৰিফুল হকে বঁটা লাভ কৰাৰ সমান্তৰালকৈ তেজপুৰ ভলীবল দলৰ খেলুৱৈ মানস হাজৰিকাই Setter হিচাপে বটাঁ লাভ কৰে।

Related Articles