Margherita । মাৰ্ঘেৰিটাত প্ৰয়াত চিংফৌ ৰজা বিছা নং চিংফৌ সোৱৰণী সভা

২৪ জানুৱাৰী, ২০২৫ঃ Margherita । টিৰাপ স্বায়ত্ত্বশাসিত দাবী পৰিষদ আৰু চিংফৌ ৰাষ্ট্ৰীয় পৰিষদৰ উদ্যোগত মাৰ্ঘেৰিটাত সদ্য প্ৰয়াত চিংফৌ ৰজা বিছা নং চিংফৌ সোৱৰণী সভা অনুষ্ঠিত কৰা হয়। সভা আৰম্ভণিতে প্ৰয়াত চিংফৌ ৰজা বিছা নং চিংফৌৰ প্ৰতিমুৰ্তি মাল্যৰ্পন, বন্তি প্ৰজ্বলনৰ লগতে তেখেতৰ আত্মাৰ চিৰশান্তি কামনাৰে একমিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয়।


প্ৰয়াত ৰজা বিছা নং চিংফৌ সোঁৱৰণীত অনুষ্ঠিত সভাত বিভিন্ন জনজাতীয় সংগঠনৰ উপৰিও অসম সন্মিলিত মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিও ৰহমান উপস্থিত থাকে। ৰহমানে সংবিধান মতে চৰকাৰে টিৰাপ স্বায়ত্ত্বশাসিত পৰিষদ প্ৰদান কৰিব লাগে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। চিংফৌ ৰজা বিছা নং চিংফৌৰ মৃত্যু চিংফৌ জনগোষ্ঠীৰ লগতে সমগ্ৰ অসমৰ বাবে এক অপুৰণীয় ক্ষতি বুলি কয় টিৰাপ স্বায়ত্ত্বশাসিত দাবী পৰিষদৰ সভাপতি পল্লৱশ্যাম বাইলুঙে।


উল্লেখ্যে যে প্ৰয়াত বিছা নং চিংফৌ মৃত্যুৰ আগমুহূৰ্ত্তলৈকে অসম সন্মিলিত মহাসংঘৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল ৷ ইয়াৰ ওপৰিও উল্লেখ্যে যে প্ৰয়াত বিছা নং চিংফৌয়ে নাগৰিকত্ব সংশোধনী আইন ২০১৯ৰ বিৰুদ্ধে মহাসংঘই চুপ্ৰিম ক’ৰ্টত তৰা গোচৰত তেওঁ অন্যতম গোচৰীয়া আছিল।
প্ৰয়াত চিংফৌ ৰজা বিছা নং চিংফৌয়ে চিংফৌ জাতীয় পৰিষদৰ সভাপতি হিচাপে তেওঁ নাগৰিকত্ব ভিত্তি বছৰ ১৯৫১ ৰ পক্ষত চুপ্ৰিম ক’ৰ্টত মহাসংঘৰ গোচৰৰ সপক্ষে শপতনামাও প্ৰদান কৰিছিল।
জাতি, মাটি ,ভেটি,কৃষ্টি সংস্কৃতিৰ ৰক্ষা বাবে বিছা নং চিংফৌয়ে আজীৱন কাম কৰি গৈছিল প্ৰয়াত চিংফৌ ৰজা বিছা নং চিংফৌয়ে।

Related Articles