Breaking

শোণিতপুৰ জিলাত প্ৰয়াত বীনেন্দ্ৰ চন্দ্ৰ ভগত দেৱৰ দশম স্মৃতি দিৱস

0 5

শোণিতপুৰ জিলাৰ অন্তৰ্গত জামুগুৰি হাটৰ নিকটৱৰ্তী শিয়াল মাৰীৰ মহেন্দ্ৰ মোহন প্ৰাথমিক বিদ্যালয় খেলপথাৰত অলপতে অনুষ্ঠিত হোৱা শোণিতপুৰ জিলা কুডুখ  (ওৰাও) সাহিত্য সভাৰ উদ্য্যোগ আৰু নদুৱাৰ আঞ্চলিক সমিতি ৰ সহযোগত অনুষ্ঠিত হয় স্মৃতি দিৱস ও মুকলি সভা । পুৱা পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণ ৰে আৰম্ভ হোৱা এই কাযসুচীত দিনৰ এক বজাৰ পৰা অনুষ্ঠিত হয় মুকলি সভা।শোণিতপুৰ জিলা কুডুখ সাহিত্য সভাৰ সভাপতি,জাকাৰিয়াচ লাকডাৰ পৌৰোহিতত অনুষ্ঠিত হোৱা এই মুকলি সভাত কুডুখ সাহিত্য সভাৰ কেইবা গৰাকী বিশিষ্ট লোকে অঙশ গ্ৰহণ কৰে।সভাত বিভিন্ন অতিথি য়ে কুডুখ (ওৰাও) সমাজৰ বিভিন্ন সামাজিক দিশৰ ওপৰত আলোকপাত কৰাৰ লগতে বিশেষ আলোচনা ৰ বিষয় আছিল কুডুখ ভাষা শিক্ষা গ্ৰহণ তেওঁ সাহিত্য সভাৰ ভুমিকা আৰু সমাজ সঙসকাৰত সাহিত্য সভাৰ ভুমিকা ৰ ওপৰত  ইডমানুৱেল কুজুৰ আৰু ঘন কান্ত ওৰাঙে বহল ভাৱে আলোচনা আগবঢ়ায় । উল্লেখযোগ্য যে সুদীৰ্ঘ দিন ধৰি অসমত কৰা এই অতিকৈ পিছপৰা জনগোষ্ঠীৰ ভাষাক ভাৰতীয় সঙবিধানৰ অষ্টম অনুসুচিত অন্তৰ্ভুক্ত কৰিবলৈ চৰকাৰক হেঁচা প্ৰয়োগ কৰা হৈছে যদিও চৰকাৰে অদেপিও কুডুখ ( ওৰাও )ভাষা ক স্বীকৃতি প্ৰদান নকৰাক লৈ ক্ষোভ প্ৰকাশ কৰে কুডুখ সাহিত্য সভাৰ নেতৃবৃন্দই