Breaking

শিমলুগুৰিত স্ব-নিৰ্ভৰ নাৰী আত্মনিৰ্ভৰ অসম আঁচনিৰ শুভাৰম্ভণি

0 2,021

ৰাজ্যৰ নাৰী সৱলীকৰণৰ লক্ষ্য আগত ৰাখি অসম চৰকাৰে গ্ৰহণ কৰা মহাত্মা গান্ধী গ্ৰাম্য নিয়োগ নিশ্চিত আইনৰ অধীনত স্ব-নিৰ্ভৰ নাৰী আত্মনিৰ্ভৰ অসম আঁচনিখন নাজিৰা উন্নয়ন খণ্ডৰ অধীনৰ শিমলুগুৰি গাঁও পঞ্চায়তত যোৱা বৃহস্পতিবাৰে শুভাৰম্ভণি কৰা হয়।  আঁচনিখনৰ ২০২০-২১ বৰ্ষৰ শুভাৰম্ভণি কৰে শিমলুগুৰি গাঁও পঞ্চায়তৰ হৈ পঞ্চায়ত সচিব মলয় কাকতিয়ে। শুভাৰম্ভণিৰ দিনটোত পঞ্চায়তটোৰ ৫ গৰাকী মহিলালৈ উদ্যান শস্যৰ বাগিছা, পথাৰৰ পুখুৰী খনন, গাহৰি আৰু কুকুৰা পালনৰ গড়াল নিৰ্মাণ আদি শিতানৰ বাবে পুঁজি আৱন্টন দিয়া হয়। লগতে এই আঁচনিসমূহ কেনেদৰে বিজ্ঞানসন্মত পদ্ধতিৰে ফলপ্ৰসু কৰি এই আঁচনিসমূহৰ জৰিয়তে আত্মনিৰ্ভৰ হব পাৰি তাৰ ওপৰত আলোকপাত কৰি পঞ্চায়ত প্ৰতিনিধিসকলৰ তৰফৰ পৰা এক সজাগতামূলক অনুস্থানৰো আয়োজন কৰা হয়। আগন্তুক সময়ত পঞ্চায়তটোৰ অধীনত মূঠ ৫২ গৰাকী মহিলাক এই আঁচনিখনৰ জৰিয়তে সামৰি লোৱা হব বুলি জানিবলৈ দুয়ে পঞ্চায়ত সচিব মলয় কাকতিয়ে।

Leave A Reply