কণ কণ ল’ৰা-ছোৱালীক পেলুৰ পৰা ৰক্ষা কৰাৰ উদ্দেশ্যে চৰকাৰৰ স্বাস্থ্য বিভাগে সময়ে সময়ে পেলু নিৰ্মূলৰ দৰৱ সেৱনৰ প্ৰক্ৰিয়া চলাই আহিছে। ইয়াৰে অংশ হিচাপে আজি বাক্সা জিলা ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ উদ্যোগত ‘জৌংমা’ অনাথ আশ্ৰমত ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ পষেকৰ শুভাৰম্ভণি কৰা হয়। জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ মবিদুৰ ৰহমানে শুভাৰম্ভণি কৰা এই পষেকত জিলাখনৰ ৩ লাখ ৬০ হাজাৰ কণ কণ শিশুক সামৰি লব বুলি কয়। ১ বছৰৰ পৰা ১৯ বছৰ বয়সৰ শিশুক সামৰি লোৱা এই পেলু নিৰ্মূলকৰণ দৰৱৰ কোনো ধৰণৰ পাৰ্শ্বক্ৰিয়া নাই বুলি স্বাস্থ্য সঞ্চালক গৰাকীয়ে জানিবলৈ দিয়ে। আজিৰ এই অনুষ্ঠানত জিলা স্বাস্ব্য মিছনৰ ডিপিএম কৰুণা ব্ৰহ্ম, ডিএমই প্ৰশান্ত দত্ত, স্বাস্থ্য বিষয়া ৰফিক আহমেদকে ধৰি বহু লোক উপস্থিত থাকে।

