নামখলাত জল জীৱন আঁচনিৰ ঘৰুৱা পানী যোগানৰ শুভাৰম্ভ

কলাইগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত নামখলা অঞ্চলৰ আঠিয়াবাৰী খাটত জল জীৱন আঁচনিৰ অধীনত ৩১ জুলাইত নতুনকৈ আৰম্ভ কৰা ঘৰুৱা পানী যোগান ব্যৱস্থাৰ শুভাৰম্ভণি কৰে কলাইগাঁও বিধানসভা সমষ্টিৰ স্থানীয় বিধায়ক দূৰ্গা দাস বড়োৱে । বিধায়ক গৰাকীয়ে উদ্বোধনী সভাত অংশগ্ৰহণ কৰি আঁচনি খনে ৰাইজৰ বহু দিনীয়া সমস্যা সমাধান ঘটাব বুলি আশা প্ৰকাশ কৰে। পানী সংৰক্ষণ আৰু বিশুদ্ধ খোৱা পানী ব্যৱহাৰ কৰাৰ ক্ষেত্ৰতো তেওঁ ৰাইজক সজাগ সচেতন হ’বলৈ আহ্বান জনায়। 

Related Articles