“ নৃত্য নাটকৰ কৰ্মশালা বা প্ৰশিক্ষনে শিশুৰ চৰিত্ৰ গঠনত সহায় কৰে ৷ শিশু ,কিশোৰ সকল সদায় বন্ধু বান্ধৱৰ লগত খেলি ভাল পায় ৷ নৃত্য বা নাট কৰ্মশালাত তেওঁলোকে সমুহীয়া ভাৱে শাৰিৰীক কচৰৎ কৰাৰ লগতে কৰ্মশালাৰ বিভিন্ন নিয়মনীতি, নীতি কথা আৰু নাটকৰ আদব কায়দা শিকিব পায় যাৰফলত শিশু সকলৰ চৰিত্ৰ গঠন হয় ৷” নলবাৰী জিলাৰ চামতাত কালি পশ্চিম নলবাৰী অঞ্চলৰ স্হানীয় চামতা চানৰাইজ ক্লাৱৰ প্ৰেক্ষাগৃহত উত্তৰণ সাংস্কৃতিক গোষ্ঠী চামতাৰ উদ্যোগত এক ২১ দিনীয়া নাট কৰ্মশালাৰ শুভাৰম্ভ কৰি দিয়া ভাষণত প্ৰবীন সাংবাদিক, শিক্ষাবিদ, অভিনেতা, পৰিচালক ৰাজেন বৈশ্যই এনেদৰে কয় ৷ দিনৰ প্ৰায় ১২ বজাত কৰ্মশালাত কৰ্মশালা উদ্বোধনী অনুষ্ঠানত প্ৰথমে বন্তি প্ৰজ্বলন কৰে চামতা চানৰাইজ ক্লাৱৰ সভাপতি হৰিচৰণ শৰ্মাই ৷ উদ্বোধনী অনুষ্ঠানত আন্তৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন ইলুচন শিল্পী সুচিব্ৰত ৰয় , মিমিক্ৰি শিল্পী গৌতম বৰ্মন, প্ৰবীন সাংবাদিক হিতেশ্বৰ লহকৰ, মঞ্চ আৰু সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেতা সুকুমাৰ বৰ্মন, সাংবাদিক, সমাজকৰ্মী দুলাল ডেকা নিমন্ত্ৰিত অতিথি হিচাবে উপস্হিত থাকি নাটক, কৰ্মশালাৰ বিষয়ক ভাষণ প্ৰদান কৰে ৷ অনুষ্ঠানত শিল্পী গৌতম বৰ্মনে মিমিক্ৰি কৰি সকলোকে আমোদ দিয়ে ৷ কৰ্মশালাৰ উদ্যোগক্তা উত্তৰণৰ বিষয়ববীয়া কুলদ্বীপ তালুকদাৰে আতধৰা অনুষ্ঠানত শলাগৰ শৰাই আগবঢ়ায় প্ৰজ্ঞা তালুকদাৰে ৷

