Breaking

লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্য আৰু জাতীয় চেতনা…

0 421

বেজবৰুৱাৰ সাহিত্য আৰু জাতীয়চেতনা

✍ হিমাংশু ৰণ্‌জন ভূঞা, জামুগুৰিহাট

অসমীয়া ভাষা, সংস্কৃতি, জাতি গঠনৰ ভূমিকাত মহাপুৰুষ শ্ৰীশংকৰদেৱ আৰু শ্ৰীমাধৱদেৱে যি বৰঙণি আগবঢ়াই থৈ গ’ল, কালৰ কুটিল পৰিক্ৰমাত এইসমূহ পুনৰ নিঃচ্ছিন্ন হোৱাৰ পথতে লক্ষ্মীনাথ বেজবৰুৱাই পুনৰ ঠন ধৰাই তুলিছিল। সময়ৰ গতিশীল পাকচক্ৰত অসমীয়া ভাষাৰ দুৰ্যোগৰ সময়তে কেইগৰাকীমান উদাৰপ্ৰাণ খ্ৰীষ্টিয়ান মিছনেৰীৰ চেষ্টাত আৰু আনন্দৰাম ঢেকীয়াল ফুকন, গুণাভিৰাম বৰুৱা, হেমচন্দ্ৰ বৰুৱা আদি অসমৰ সুযোগ্য সন্তানৰ নেতৃত্বত অসমীয়া ভাষাৰ পুনৰ উত্থান হ’বলৈ ধৰে। এই সকলৰ আশা-আকাংক্ষাৰ বাটত চন্দ্ৰকুমাৰ আগৰৱালাৰ সম্পাদনাত আৰম্ভ হোৱা জোনাকীয়ে সোণালী দলিচা পাৰি দিয়ে। জোনাকীত নৱ চেতনাৰ উন্মেষে আধুনিক অসমীয়া সাহিত্যক বৈচিত্র্যপূর্ণ সাহিত্য সম্ভাৰেৰে জীপাল কৰি পাশ্চাত্য সাহিত্যৰ লগত নতুন পৰিচয় কৰি দিলে। জোনাকীয়ে সৃষ্টি কৰিলে ‘ৰোমান্তিক যুগ’ ৰ দৰে নব্য ধাৰা। জোনাকীৰ বুকুত লক্ষ্মীনাথ বেজবৰুৱাই সাহিত্যৰ পাতনি মেলি ঊনবিংশ শতিকাৰ শেষ দশকৰ পৰা বিংশ শতিকাৰ ত্ৰিশৰ দশকলৈ সমগ্ৰ সময়খিনি একছত্ৰী সম্ৰাটৰ দৰে সাহিত্যৰ প্ৰধান জুমুঠিটোক দৃঢ়তাৰে ধৰি ৰাখিছিল। জোনাকীয়ে সৃষ্টি কৰা অসমীয়া সাহিত্যৰ যি নৱ উন্মেষিত যুগ বুলি পৰিচিত হৈছে তাৰে সিংহভাগ বৰঙণি বেজবৰুৱাৰ ৰচনাৱলীয়ে অধিকাৰ কৰি আছে। অসমীয়া জাতি, ভাষা, সাহিত্য আৰু সংস্কৃতিক নতুন ৰূপেৰে নিৰ্মাণৰ সাধনাৰে ব্ৰতী হোৱা বেজবৰুৱাই গোটেই জীৱন সাহিত্যৰ বৰপথাৰখনত অসমীয়া জাতিৰ বিকাশৰ বাবেই বিবিধ সামাজিক দিশক বিষয়বস্তু হিচাপে লৈ সাহিত্য ৰচনা কৰি গ’ল। তেওঁৰ সমগ্র সাহিত্য পুথি, ৰচনা, প্ৰৱন্ধ আদিবোৰলৈ লক্ষ্য কৰিলে দেখা যায় যে তেওঁ গোটেই জীৱনজুৰি সৃষ্টি কৰা বিবিধ দিশৰ সাহিত্যত এনেকুৱা এক বিষয় নাই যিটো সামাজিক অথবা সময়ৰ পৰিপ্ৰেক্ষিতত অপ্ৰাসংগিক।
লক্ষ্মীনাথ বেজবৰুৱাই অতি সৰুকালৰে পৰা ঘৰুৱা পৰিবেশত জাতীয় সত্তাৰ শিক্ষা পাইছিল। তেওঁৰ প্ৰায়বোৰ লেখনিতে জাতীয়তাবোধৰ নিদর্শন পোৱা যায়। যদিও কলিকতাত থাকি লক্ষ্মীনাথ বেজবৰুৱাই পাশ্চাত্য শিক্ষাৰে শিক্ষিত হৈছিল, তেওঁৰ অন্তৰত সন্তর্পণে শুই থকা জাতীয় সত্তাটোৰ মৃত্যু হোৱা নাছিল। বৰং পাশ্চাত্য শিক্ষাই এই সত্তাক তীব্ৰ ৰূপত প্ৰস্ফূটিত হোৱাত সাৰ পানীহে যোগান ধৰিলে। অসমীয়া জাতি, ভাষা সংস্কৃতিক অকৃত্ৰিমভাৱে ভাল পোৱাৰ স্বাৰ্থতেই বেজবৰুৱাই আধুনিক আৰু বৈজ্ঞানিক দৃষ্টিভংগীৰে ভাষা-সাহিত্য-সংস্কৃতিক নতুন ৰূপত সজাই তোলাৰ চেষ্টা কৰিলে। অসমীয়া জাতীয় সত্তাৰ ধাৰণা তথা অসমীয়া বৌদ্ধিক সমাজত লক্ষ্মীনাথ বেজবৰুৱাই জাতীয়তাবোধৰ নৱ উন্মেষ ঘটাইছিল। তেওঁৰ অমৰ সৃষ্টি ‘অ’ মোৰ আপোনাৰ দেশ’, ‘অসম সংগীত’, ‘কদমকলি’, ‘পদুমকুঁৱৰী’, চুটিগল্পৰ সংকলনসমূহ, নাটক, কৃপাবৰী ৰচনা, মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱ বিষয়ক গ্রন্থ- এই সমূহত জাতীয়তাবাদী চেতনাসমূহ অতি সচেতনতাবে প্রকাশ কৰিছে। তেওঁ এই চেতনাক হাস্য ব্যংগ অথবা গহীন ভাব ভংগীৰে ফুটাই তুলিবলৈ সক্ষম হৈছে। তাৰোপৰি, জাতীয় চেতনাৰে উদ্বুদ্ধ লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচনাবোৰত সমাজ সংস্কাৰৰো এক তীব্র চেতনা দেখা পোৱা যায়। কৃপাবৰী ৰচনা, চুটিগল্প প্ৰায়বোৰতে সমাজ সংস্কাৰৰ নিদর্শন দেখা যায়। তেওঁ সমাজৰ পৰম্পৰাগত ৰীতি-নীতি, কু-সংস্কাৰ, শোষণ, মিছা অহংকাৰ, মিছা ভেম আদিবোৰক ব্যংগ বাণেৰে তীব্র সমালোচনা কৰাৰ লগতে সমাজৰ সু সংস্কাৰৰ বাবে অহোপুৰুষাৰ্থ চেষ্টাত কৰা দেখা যায়। তেওঁৰ গল্প আৰু কৃপাবৰী ৰচনাত এনে সংস্কাৰকামী দৃষ্টিভংগী পৰিলক্ষিত হয়।

লক্ষ্মীনাথ বেজবৰুৱাই সাহিত্য জগতত প্রৱেশ কৰে লিতিকাই নামৰ ধেমেলীয়া নাট এখনৰ জৰিয়তে। ই এটা পুৰণি সর্বজনবিদিত সাধুকথাৰে নাট্যৰূপ। বেজবৰুৱাৰ সাহিত্যিক জীৱনৰ মূল আধাৰ আছিল অসমীয়া সমাজখন। অসমীয়া সমাজ জীৱনৰ বিভিন্ন ৰীতি-নীতি, আচাৰ ব্যৱহাৰ, বিশ্বাস-অন্ধবিশ্বাস, ধর্ম, আদর্শ, খাদ্য, সাজ-পাৰ ইত্যাদিৰ এখন সুন্দৰ চিত্ৰ তেওঁৰ প্ৰায়বোৰ ৰচনাৰ মাজতেই দেখা যায়।
মূলতঃ পাশ্চাত্য দৰ্শনৰ প্ৰভাৱে বেজবৰুৱাক প্ৰভাৱিত কৰিছিল যদিও জাতীয় সাহিত্যৰ উন্নতিহে তেওঁৰ মূল উদ্দেশ্য আছিল। অসমীয়া সাহিত্যত বেজবৰুৱাৰ যোগেদিয়ে প্ৰৱেশ কৰিলে পাশ্চাত্য দর্শন, নৱন্যাসবাদ আদিয়ে। পাশ্চাত্য দৰ্শনৰ দ্বাৰাই বেজবৰুৱাই অসমীয়া সাহিত্যক বস্তুনিষ্ঠ দৃষ্টিভংগীৰে সমৃদ্ধ কৰিলে। মাধৱ কন্দলী, শংকৰদেৱ, মাধৱদেৱৰ ধ্রুপদী সাহিত্যই যিদৰে এটা যুগ সৃষ্টি কৰিলে, সেইদৰে সেইসকল মনীষীৰ ৰচনাৰ পটভূমিত বেজবৰুৱাই সৃষ্টি কৰিলে জাতীয় ভাবযুক্ত দৃষ্টিভংগীৰে সমৃদ্ধ অসমীয়া সাহিত্যৰ এটি নতুন যুগৰ। জাতীয় সচেতনতা আৰু স্বদেশ স্বজাতিৰ উন্নতি সাধন বেজবৰুৱাই নিজৰ জীৱনৰ ব্ৰত হিচাপে গ্রহণ কৰিছিল। অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ ঐতিহ্যৰ কথা সোঁৱৰাই অসমীয়া মানুহৰ জাতীয়তাবোধ আৰু ভাষা চেতনা জাগ্রত কৰাৰ মূলতে আছিল বেজবৰুৱা। “অসমীয়া ভাষা, সাহিত্যৰ সমৃদ্ধিয়েই হৈছে অসমীয়া জাতিৰ সমৃদ্ধি”- এই কথাষাৰকে মৰণপণ কৰি লোৱা লক্ষ্মীনাথ বেজবৰুৱাই অসমীয়া জাতিৰ উদ্ধাৰৰ হকেই হাতত কলম তুলি লৈছিল আৰু তেওঁৰ সেই কলম কেতিয়াও থমকি ৰোৱা নাছিল। অসমীয়া জাতিৰ স্বকীয় বৈশিষ্ট্য উদ্ধাৰৰ হেতু প্রাণে-পণে লাগি জাতিটোৰ প্ৰাণ প্রতিষ্ঠা কৰাৰ বাবে বেজবৰুৱাৰ স্থান অসমীয়াৰ বুকুত চিৰদিন খোদিত হৈ ৰ’ব।

বেজবৰুৱাৰ সৃষ্টিৰাজী সম্পৰ্কত আলোচনা কৰিবলৈ হ’লে আমি সেই সময়ৰ অসমীয়া ভাষাৰ দুৰ্যোগপূর্ণ পৰিস্থিতিলৈ উভতি যাব লাগিব। কুখ্যাত ইয়াণ্ডাবু সন্ধিয়ে অসমৰ ৰাজনৈতিক, অর্থনৈতিক তথা সামাজিক ব্যৱস্থাকে ধ্বংস কৰি দিয়া নাছিল, ইয়াৰ লগতে ইংৰাজৰ আগমনে অসমীয়া ভাষালৈকো সংকটপূৰ্ণ অৱস্থাৰ সৃষ্টি কৰিছিল। কুটিল ৰাজনৈতিক ষড়যন্ত্রত অসমত বাংলা ভাষাৰ প্ৰচলনে অসমীয়া জনসমাজলৈ ভাবুকিৰ সৃষ্টি কৰিছিল। কিন্তু সেইসময়ত কেইগৰাকীমান উদাৰমনা বেপ্তিষ্ট মিছনাৰীৰ সহযোগত অসমীয়া ভাষাৰ ঐতিহ্যক স্বকীয়তাৰে ধৰি ৰখাৰ আপ্রাণ চেষ্টা কৰিলে। এই মিছনেৰীসকলৰ ভূমিকা অসমৰ জাতীয় জীৱনত চিৰস্মৰণীয় হৈ ৰ’ব। ১৮৩৬ চনৰ পৰা ১৮৭৩ চনলৈকে বাংলা ভাষাৰ দৌৰাত্ম্য আৰু অসমীয়া ভাষাক বিদ্রুপ কৰি আক্ৰমণাত্মক সমালোচনা কৰি কিছুমান প্রবন্ধ বাংলাভাষী আলোচনী প্রবাসী, মৃন্ময়ী আদিত প্ৰকাশ পাইছিল। কিন্তু কলিকতাত উচ্চশিক্ষা লাভ কৰি থকা প্রবাসী অসমীয়া ছাত্ৰৰ জাতীয়তাবোধৰ সন্মিলিত চেষ্টাত জন্ম হোৱা জোনাকী আৰু পিছলৈ বাঁহীত লক্ষ্মীনাথ বেজবৰুৱাই অসমীয়া ভাষা, সাহিত্য সম্পর্কে এলানী তথ্যপূর্ণ প্রবন্ধ ৰচনা কৰি অসমীয়া বিৰোধী ষড়যন্ত্ৰকাৰীসমূহক উচিত প্ৰত্যুত্তৰ দিছিল। অসমীয়া ভাষাৰ স্বকীয়তা, ঐতিহ্য, প্রাচীনতা আৰু বিকাশৰ দীঘলীয়া পৰিক্ৰমাৰ বিষয়ে জোনাকী আৰু বাঁহী আলোচনীত গৱেষণাধর্মী কিছুমান প্রবন্ধ ৰচনা কৰি বেজবৰুৱাই অসমীয়া ভাষা-সাহিত্যৰ দৃঢ়তাপূৰ্ণ স্থান নিৰ্ণয় কৰি থৈ গৈছে। বেজবৰুৱাৰ হৃদয়ত জাতিৰ প্ৰতি থকা দায়িত্ববোধ, ভাষাৰ প্ৰতি থকা উচিত মৰ্যাদাৰ কেতিয়াও হীন দেৰি হোৱা নাছিল। দেশাত্মবোধ, জাতীয়তাবোধ, সংস্কাৰমুখী, ভাবধাৰা, আত্মমর্যাদা আদি বেজবৰুৱাৰ মজ্জাগত বৈশিষ্ট্য আছিল। সেয়েহে তেওঁ কলিকতাত উচ্চ শিক্ষা লাভ কৰিবলৈ গৈ পাশ্চাত্য সাহিত্যৰ বহল ক্ষেত্ৰখনৰ লগত পৰিচিত হৈও অসমীয়া ভাষা সাহিত্যৰ উত্তৰণৰ বাবে সমগ্ৰ জীৱন উচৰ্গা কৰি থৈ গ’ল । ভাষা সাহিত্যৰ উত্তৰণৰ বাবেই কলিকতাৰ প্রবাসী ছাত্ৰসকল চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱা প্ৰমুখে অসমীয়া ছাত্ৰ সকলৰ প্ৰচেষ্টাত ১৮৮৮ চনত ‘অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা’ গঠন কৰে। এই সভাৰ মূখপত্ৰৰূপে ১৮৮৯ চনত জোনাকী আলোচনীখন চন্দ্ৰকুমাৰ আগৰৱালাৰ সম্পাদনাত প্রকাশ হয়।

জোনাকীয়ে অসমীয়া সাহিত্যত এক নতুন যুগৰ সৃষ্টি কৰিছিল। লিতিকাইৰে সাহিত্যিক জীৱনৰ পাতনি মেলা লক্ষ্মীনাথ বেজবৰুৱাই অসমীয়া ভাষা-সাহিত্যলৈ বৰ্ণাঢ্য বিষয়ক ৰচনা উপহাৰ দিলে। বেজবৰুৱাৰ নেতৃত্বতেই এমুঠি অসমীয়া লেখকৰ সৃষ্টি হৈছিল আৰু অসমীয়া সাহিত্যইও লাহে লাহে প্রাণ পাই উঠিছিল। বেজবৰুৱাই নিজেও সাহিত্যৰ আটাইকেইটা ঠালতেই হাত দিছিল। কবিতা, গল্প, উপন্যাস, নাটক, ৰম্যৰচনা আদি প্রায় সকলোবিলাক বিভাগতেই বেজবৰুৱাই এটা নতুন ধাৰাৰ সৃষ্টি কৰে। লগতে, বেজবৰুৱাৰ হাততেই আধুনিক অসমীয়া গদ্যই বিশিষ্ট শৈলী, সাৱলীলতা আৰু বিবর্তন লাভ কৰিলে বুলিও একেমুখে স্বীকাৰ কৰিব পাৰি। আকৌ, জোনাকীৰ পাছত, সম্পূর্ণ তেওঁৰ প্ৰচেষ্টাত প্রকাশিত হোৱা বাঁহী আলোচনীখনেও অসমীয়া সাহিত্যৰ বুৰঞ্জীত এক বিশেষ স্থান লাভ কৰি আহিছে। নিভাঁজ অসমীয়া ৰচনা বীতি আৰু জাতীয়তাবাদৰ নতুন সুচনাৰে বাঁহী আছিল অসমীয়া সাহিত্যৰ ইতিহাসৰ বাবে সঞ্জীৱনী স্বৰূপ। বাঁহীয়ে অসমীয়াক নিজৰ জাতিকে চিনি পাবলৈ শিকাইছিল আৰু বেজবৰুৱা আছিল ইয়াৰ অন্যতম হোতা।

এটা কথা উল্লেখ কৰিব লাগিব যে, লক্ষীনাথ বেজবৰুৱাই সাহিত্য সাধনা কৰিছিল ঔপনিৱেশিকতাৰ কৱলত ককবকাই থকা জাতিটোৰ ভাষা-সাহিত্যৰ নিৰ্মাণ আৰু সমৃদ্ধিৰ বাবে। তেওঁ আছিল উত্তৰণৰ সাধক, প্রগতিশীল চিন্তাৰে পৰিপুষ্ট আৰু গভীৰ জীৱনবোধ থকা সাংস্কৃতিক খনিকৰ। অসমীয়া সাহিত্য সংস্কৃতিত বিশেষ অৱস্থাটোৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ ৰাজনীতিৰ পৰিৱৰ্তে প্ৰজানীতিৰ কথা কৈছিল। ব্রিটিছ বিৰোধী আন্দোলনৰ লগত তেওঁৰ পোনপটীয়া সম্পর্ক নাছিল যদিও একে সময়তে পৰাধীন জাতিৰ ৰাজনীতি থাকিব নোৱাৰে বুলিও বিশ্বাস কৰিছিল। তেওঁৰ মতে, স্বাধীন জাতীয় জীৱনবোধেহে সুস্থ সাহিত্য সৃষ্টি কৰিব পাৰে। ঔপনিৱেশিক শক্তিয়ে অসমীয়া ভাষাক নিজৰ মুলুকতে বিতাড়িত কৰি বঙালী ভাষাক চৰকাৰী ভাষাৰ মৰ্যদা দিব খুজিছিল। কিন্তু বিশ্বমুখী লক্ষ্মীনাথে ভাষা-সাহিত্যৰ উত্তৰণ যে বহিঃবিশ্বৰ সুস্থ সাহিত্য-সংস্কৃতিৰ চিন্তাৰ সতে হোৱা আদান-প্রদানৰ জৰিয়তেহে সম্ভৱ, সেই কথাও গভীৰভাৱে বিশ্বাস কৰিছিল আৰু তেনে এক অনুশীলনত বঙালী ভাষা সাহিত্যৰ সফলতাক সশ্ৰদ্ধাৰে সোঁৱৰণ কৰিছিল। পৰাধীন জাতি এটাৰ ৰাজনীতি থাকিব নোৱাৰে বুলি ভবা বেজবৰুৱাই আধুনিক বিশ্বত সংঘটিত যুদ্ধত ৰাজনৈতিক-অর্থনীতি যে সাম্রাজ্যবাদ সেই কথা স্বীকাৰ কৰিছিল। এয়া নিঃসন্দেহে বেজবৰুৱাৰ গভীৰ ৰাজনৈতিক দূৰদৃষ্টিৰ পৰিচায়ক। তাৰোপৰি, বেজবৰুৱাৰ সাহিত্যিক জীৱনত দুটা স্পষ্ট ধাৰা পৰিলক্ষিত হোৱা দেখা যায়। এটা সৃষ্টিশীল ধাৰা, আনটো সমালোচনামূলক ধাৰা। অৱশ্যে সৃষ্টিশীল সাহিত্যৰ মাজতো ব্যঙ্গকাৰ- সমালোচক বেজবৰুৱা সজীৱ হৈয়েই ৰৈছিল। সমালোচনামূলক ধাৰাটোৰ মূল সুৰ দুটা জাতীয় জীৱনৰ অতীত গৌৰৱ প্রতিষ্ঠা আৰু ব্যঙ্গৰ মাজেদি সমাজ সংস্কাৰ। বেজবৰুৱাৰ হাতত অসমীয়া ব্যঙ্গ সাহিত্যই যি মাত্রা পালে সেয়া আজিও অনতিক্রম্য হৈ ৰৈছে। সমালোচনামূলক ধাৰাটোৰ এক অনন্য সাধাৰণ স্মৃতি হ’ল বৈষ্ণৱ সাহিত্য-সংস্কৃতি বিষয়ক গহীন প্রবন্ধসমূহ। অসমীয়া জাতীয় জীৱনত শংকৰদেৱক আধুনিক ৰূপত প্রতিষ্ঠা আৰু জাতীয় পৰিচয়ৰ মধ্যমণি ৰূপে প্রতিষ্ঠাত বেজবৰুৱাৰ অৱদান অনন্য ৷

তেওঁ আছিল অসমীয়া চুটিগল্পৰ জন্মদাতা। অসমীয়া সমালোচনা সাহিত্যৰো প্ৰথম জন্মদাতা বুলি তেওঁকেই ক’ব পাৰি। দ্বিতীয়তে, হাস্য ব্যংগ ৰচনাত তেওঁৰ স্থান আজিলৈকে কোনেও দখল কৰিব পৰা নাই। বিশেষকৈ, কৃপাবৰ চৰিত্ৰ বেজবৰুৱাৰ অনন্য সৃষ্টি। তেওঁৰ আত্মজীৱনীমূলক ৰচনা মোৰ জীৱন সোঁৱৰণখনি অসমীয়া গদ্য সাহিত্যৰ উজ্জ্বল নিদর্শন হোৱাৰ লগতে সেই সময়ৰ অসমীয়া সমাজ জীৱনৰো এক জীবন্ত দলিল স্বৰূপ। জাতীয়তাবোধ, দেশপ্রেম আৰু ঐতিহ্যচেতনাই তেওঁক প্রথমৰ পৰাই উদ্বুদ্ধ কৰি আহিছে আৰু এই চেতনাৰেই সাহিত্য ৰচনা কৰি তেওঁ যুগে যুগে পাঠকৰ হৃদয় জয় কৰি আহিছে। তেওঁৰ কবিতা সম্ভাৰৰ ভিতৰত – ‘প্রিয়তমা’, ‘প্রিয়তমাৰ সৌন্দর্য’, ‘বীণ-বৰাগী’, ‘ধনবৰ আৰু ৰতনী’ আদি কবিতা আবেগ সঞ্চাৰী হোৱাৰ লগতে লোকউপাদানেৰেও সিক্ত। আনহাতে, ‘মোৰ দেশ’ বা “অ’ মোৰ আপোনাৰ দেশ”-এ অসম সঙ্গীতৰ মৰ্যাদা পোৱাটোও তেওঁৰ জাতীয় প্ৰেমৰ উৎকৃষ্ট নিদর্শন। কদমকলি আৰু পদুমকলি কাব্যগ্রন্থ দুখনিয়ে বেজবৰুৱাৰ কাব্যপ্রতিভাক উজলাই ৰাখিছে। অসমৰ জাতীয় জীৱনৰ লগত বেজবৰুৱাৰ ইমানেই নিবিড় সম্পর্ক আছিল যে তেওঁৰ প্ৰতিটো ৰচনাতেই অসমৰ লোকসংস্কৃতি আৰু ভাষা-সাহিত্যৰ প্ৰতি অপত্য প্রেম জিলিকি উঠিছে। অৱশ্যে, এই কথাটোতো সন্দেহ নাই যে, বেজবৰুৱাৰ সৃষ্টিশীল সাহিত্য সৃষ্টিৰ অনুপ্ৰেৰণা ইংৰাজী অথবা বাংলা সাহিত্যহে আছিল। কিন্তু ইংৰাজী বা বাংলা সাহিত্যৰ আদৰ্শত গঢ় লৈ উঠিলেও তেওঁ কোনো বিষয়তে আনক অনুকৰণ কৰা দৃষ্টিগোচৰ হোৱা নাছিল। বৰঞ্চ বাহিৰৰ প্রভাৱত সম্পূর্ণভাৱে ঘৰুৱা ঠাঁচতহে তেওঁ সাহিত্যকর্ম সম্ভাৰ সৃষ্টি কৰিছিল। জাতিৰ আত্মাক জনাৰ প্ৰচেষ্টাৰ ফল স্বৰূপে আমি তেওঁৰ পৰা বুঢ়ী আইৰ সাধু, জুনুকা, ককাদেউতা আৰু নাতি ল’ৰা, শ্রী শ্রী শংকৰদেৱ, মহাপুৰুষ শ্রীশংকৰদেৱ আৰু শ্রীমাধৱদেৱ আদি সাহিত্য লাভ কৰোঁ। ইয়াৰ বাহিৰেও ধৰ্মৰ গধুৰ তত্ত্ব সম্পর্কে জ্ঞান লাভ কৰিবলৈ তেওঁ আমাক দিয়ে ভগবৎ কথা, তত্ত্বকথা, শ্রীকৃষ্ণকথা আদিৰ দৰে আলোচনাসমূহ। এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে, এটা সম্ভ্রান্ত বৈষ্ণৱ পৰিয়ালত জন্মগ্রহণ কৰাৰ ফলস্বৰূপেই বেজবৰুৱাই শংকৰদেৱৰ আদর্শ, চিন্তা-চৰ্চা আৰু কৰ্মৰ লগত পৰিচয় লাভ কৰাৰ সুযোগ পাইছিল আৰু তাৰেই প্ৰভাৱ তেওঁৰ সাহিত্যকৰ্মতো পৰিছিল।

বেজবৰুৱাৰ আধুনিক, সংস্কাৰমুক্ত দৃষ্টিভংগীৰ পৰিচয় তেওঁৰ হাস্য-ব্যংগ ৰচনাসমূহতো পোৱা গৈছে, যাৰ বাবেই তেওঁ ‘ৰসৰাজ’ উপাধি লাভ কৰিছিল। কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা, কৃপাবৰ বৰুৱাৰ ওভতনি, কৃপাবৰ বৰুৱাৰ ভাৱৰ বুৰবুৰণি, বৰবৰুৱাৰ বুলনি আৰু বৰবৰুৱাৰ চিন্তাৰ শিলগুটি আদি তেওঁৰ ব্যংগ সাহিত্যৰ উৎকৃষ্ট সংকলন। অসমীয়া সমাজক অন্ধকাৰ আৰু কু-সংস্কাৰৰ গৰাহৰ পৰা উদ্ধাৰ কৰাৰ উদ্দেশ্যৰেই তেওঁ উক্ত শ্ৰেণীৰ সাহিত্যৰাজীৰ সৃষ্টি কৰিছিল। ইয়াৰ বাহিৰেও নোমল, পাঁচনি, চিকৰপতি-নিকৰপতি আদি বিমল হাস্য ৰস যুক্ত প্রহসন কেইখনৰ উদ্দেশ্যও আছিল- হাস্যৰসৰ চলেৰে অসমীয়া সমাজৰ দুৰ্নীতিৰ স্বৰূপ উদঙাই দেখুওৱা। মুঠতে অন্ধবিশ্বাস, কু-সংস্কাৰ, ভণ্ডামি, হীনমান্যতা আৰু আনুকৰণপ্রিয়তা আদিক অসমীয়া সমাজৰ পৰা আঁতৰ কৰাৰ উদ্দেশ্যৰেই তেওঁৰ সমাজ সংস্কাৰকৰ ভূমিকাও গ্রহণ কৰিছিল। অসমীয়া চুটিগল্পৰ জন্মদাতা বেজবৰুৱাই আকৌ সাধুকথা আৰু চুটিগল্পৰ মাজত বিশেষ পার্থক্য ৰখা নাছিল। তেওঁ নিজেই সেই কথা উল্লেখ কৰিছে। সেয়ে বেজবৰুৱাৰ বহুতো চুটিগল্প প্রাচীন সাধুকথা আৰু আধুনিক চুটিগল্পৰ মাজৰ বস্তু। অসমৰ ঐতিহ্য সন্ধান কৰাৰ লগতে ইউৰোপীয় চুটিগল্পৰ সমন্বয় ঘটাই যে তেওঁ চুটিগল্প ৰচনা কৰিছিল, তাত সন্দেহ নাই। ‘ভোকেন্দ্র বৰুৱা,’ ‘ভেমপুৰীয়া মৌজাদাৰ’, ‘জাতিৰামৰ জাত’, আদিৰ দৰে গল্পত তেওঁৰ ঐতিহ্যৰ সন্ধানৰ লগতে আধুনিক সংস্কাৰকামী মনটোৰো প্ৰকাশ ঘটিছে। ইয়াৰ উপৰি ‘ভদৰী’, ‘মুক্তি’, ‘পাতমুগী’, ‘আমালৈ নেপাহৰিব’, ‘জয়ন্তী’, ‘চোৰ’, ‘কন্যা’ আদি গল্পত অসমীয়া লোকসমাজ, সমাজৰ ভিন্‌ ভিন্‌ স্তৰৰ স্ত্রী-পুৰুষৰ চৰিত্ৰ নিৰ্মাণ, ঠগ-প্ৰৱঞ্চনা-ভণ্ডামি আদিৰ লগতে প্ৰকৃতিৰ সতে লোকসমাজৰ অবিছিন্ন সম্পর্ক আদিক ফুটাই তুলিবলৈ যত্ন কৰিছে। সুৰভী, সাধুকথাৰ কুকি, জোনবিৰি, কেহোঁকলি আদি তেওঁৰ চুটিগল্পৰ সংকলন।

আধুনিক অসমীয়া নাটকৰ ইতিহাসতো বেজবৰুৱাই উল্লেখযোগ্য স্থান দখল কৰিছে। চক্ৰধ্বজ সিংহ, বেলিমাৰ, জয়মতী কুঁৱৰী আদি নাটকত বুৰঞ্জীৰ পুনৰোদ্ধাৰৰ লগতে তেওঁৰ সৃষ্টিশীলতাৰো প্রকাশ ঘটিছে। উদাহৰণস্বৰূপে চক্ৰধ্বজ সিংহ নাটকখনত হাস্য ৰস সৃষ্টিৰ উদ্দেশ্যৰে সৃষ্টি কৰা গজপুৰীয়া, গজপুৰীয়ানী; উদাৰতা আৰু ত্যাগৰ প্রতীক হিচাপে জয়মতী কুঁৱৰী নাটকৰ ‘ডালিমী’ চৰিত্ৰটো বেজবৰুৱাৰ নিজা সৃষ্টি। ইয়াৰ বাহিৰেও তেওঁৰ প্ৰহসন জাতীয় নাটক কেইখনতো বিভিন্ন কাল্পনিক ৰহণেৰে অসমীয়া জাতীয় ঐতিহ্যৰ অস্তিত্ব ৰক্ষাৰ প্ৰয়াস দেখা গৈছে। তেওঁৰ একমাত্র উপন্যাস পদুম কুঁৱৰীৰ জৰিয়তেও তেওঁ ঐতিহাসিক সচেতনতা আৰুজাতীয় প্ৰীতিৰ সুন্দৰ সংযোগ ঘটাইছে। এইদৰেই দেখা যায় যে বেজবৰুৱাৰ সাহিত্যিক প্রতিভাই অসমীয়া সাহিত্য জগতক সমৃদ্ধ কৰাৰ লগতে এক বিশেষ ধৰণৰ প্ৰভাৱো পেলাই থৈ গৈছে। সেইদৰে, অসমীয়া সাংস্কৃতিৰ পথাৰখনলৈও বেজবৰুৱাই অভূতপূর্ব অৱদান আগবঢ়াইছে। প্রকৃতার্থত তেওঁৰ জাতীয় প্ৰীতিৰ মূলতে আছিল সাংস্কৃতিক সম্ভাবনা। জাতীয় চৈতন্য আৰু সাংস্কৃতিক চেতনাৰ উদ্রেক ঘটাবলৈকে বেজবৰুৱাই হাতত কলম তুলি লৈছিল বুলি ক’ব পাৰি। বহু ক্ষেত্ৰত কলা-সাহিত্যতকৈও জাতীয় আৰু সাংস্কৃতিক চেতনাৰ উদ্রেক ঘটোৱাটোহে তেওঁৰ মূল উদেশ্য আছিল যেন বোধ হয়।

আচলতে, বেজবৰুৱাৰ ভাষা প্ৰেমৰ মাজতেই লুকাই আছিল সাংস্কৃতিক পৰাকাষ্ঠা। এই ক্ষেত্ৰত প্ৰথমেই তেওঁৰ দ্বাৰা সংকলিত সাধুকথাখিনিৰ কথা ক’ব পাৰি। যিহেতু লোকসংস্কৃতিৰ অংশ হিচাপে সাধুকথাবোৰ জাতীয় জীৱনৰ এক মূল্যৱান সাংস্কৃতিক সম্পদ। বুঢ়ী আইৰ সাধু, ককাদেউতা আৰু নাতি ল’ৰা, জুনুকা আদি আপুৰুগীয়া সংকলনবোৰৰ মাজত তেওঁৰ সেই প্রচেষ্টা দেখা যায়। সাধুকথাৰ আধাৰতেই ৰচনা কৰা তেওঁৰ ধেমেলীয়া নাট কেইখনতো লোকগীতৰ সুৰৰ সংযোগ ঘটা দেখা যায়, যিবোৰ সাংস্কৃতিক চেতনাৰে অপূর্ব নিদর্শন।

তেওঁৰ কাহিনী গীতৰ আধাৰত ৰচিত মালিতা কেইটিও সাংস্কৃতিক চেতনাৰেই নিদর্শন য’ত ৰন্ধ্রে বন্ধে জন-জীৱনৰ বং-বিৰঙী সাংস্কৃতিক চিত্র ফুটি উঠিছে। তেওঁৰ ‘বৰদৈচিলা’, ‘বিহুৱান’ আদি কবিতাতো অসমীয়া লোকসংস্কৃতিৰ উল্লেখ ঘটিছে-

যাগৈ বিহুৱা
চিলা বৰদৈয়া
খাগৈ মাৰৰ ঘৰত চিৰা।
উভতি আহোতে দৈ পইতা দিম
(বৰদৈচিলা) বহুৱাম পাৰি বৰপীৰা।।

ইয়াৰ বাহিৰেও তেওঁৰ ‘মোৰ দেশ’, ‘অসম সঙ্গীত’, ‘ব্রহ্মপুত্র সংগীত’, ‘আমাৰ জন্মভূমি’, ‘বিহু’, আদি গীতো লোকসংস্কৃতিৰ অন্যতম বার্তাবাহক। অসমৰ প্ৰতি থকা গভীৰ শ্রদ্ধা আৰু ভালপোৱাৰ বাবেই ‘মোৰ দেশ’ৰ দৰে তীব্র দেশাত্মবোধৰ কবিতা তেওঁ ৰচনা কৰিব পাৰিছিল। দেশৰ মাটি-পানী, পুৰাণ-ইতিহাস, স্থাপত্য- ভাস্কর্য, শিল্পকলা, উৎসৱ-অনুষ্ঠান, আচাৰ-বিচাৰ, ধৰ্ম-সংস্কৃতি আদি সকলোবোৰকে তেওঁ বুকুত কঢ়িয়াইছিল আৰু অসমীয়া বর্ণিল সংস্কৃতিক গীতটিৰ মাজত তুলি দিছিল। তেওঁৰ ‘অসম সংগীত’ নামৰ গীতটিত কুমাৰ ভাস্কৰ বৰ্মা, শংকৰদেৱৰ পৰা আৰম্ভ কৰি লাচিত, জয়মতী, মোমাই তামুলী, হেমচন্দ্র, ঢেকিয়াল ফুকন, গুণাভিৰাম, মাণিক চন্দ্র, জগন্নাথ বৰুৱা আদিৰ জয়গুণ গাইছিল। আমাৰ জাতীয় চৰিত্ৰসমূহক পুনৰ নিৰ্মাণ কৰি দেশক আগুৱাই নিয়াৰ উদেশ্য তেওঁৰ তীব্র জাতীয় দায়ৱদ্ধতা আৰু সাংস্কৃতিক চেতনাৰ পৰিচায়ক ৷ ‘অসম সঙ্গীত’ত বেজবৰুৱাই উল্লেখ কৰা আহ্বানৰ মাজত অসমীয়াৰ বাবে প্ৰচুৰ জাতীয়তাবোধ, দেশপ্ৰেম তথা সাংস্কৃতিক সচেতনতাৰ আহ্বান লক্ষ্য কৰা যায়-

হেৰা অসমীয়া
নোহোৱা দুখীয়া
কিহৰ দুখীয়া হ’বা?
নিজক নাপাহৰি
প্রভুক সুৱৰি
লাগাচোন সুফল পাবা।

‘অসম সঙ্গীত’ৰ দৰেই তেওঁৰ ‘ব্রহ্মপুত্র সঙ্গীতো’ সাংস্কৃতিক চেতনাৰ প্রতীক। বেজবৰুৱাই ৰচনা কৰা ‘বিহু’ নামৰ গীতটোত অসমীয়া বিহু কেন্দ্রিক আচাৰ-নীতিৰ পৰা আৰম্ভ কৰি ৰং- ৰহইচ তথা আনন্দ-উছাহৰ অপূর্ব সংযোগ ঘটিছে। অসমীয়া লোকসংস্কৃতিৰ অন্যতম বাহক বিহুৰ যি ৰং স্ফুর্তি সেয়া গীতৰ মাজেৰে হুবহুভাৱে তুলি ধৰি তেওঁ অসমীয়া সংস্কৃতিৰ ভৰাঁল টনকিয়াল কৰি গৈছে।

কবিতা আৰু গীত পদবোৰৰ বাহিৰেও তেওঁৰ বুৰঞ্জীমূলক নাটকসমূহত অসমীয়া সংস্কৃতিত প্ৰায়বোৰ দিশেই ৰক্ষিত হৈছে। তেওঁৰ প্রায়কেইখন নাটকতেই আহোম যুগৰ নীতি- আদৰ্শৰ লগতে আন আন ভালেমান সামাজিক ৰীতি-নীতি প্রতিবিম্বিত হৈছিল, যিবোৰ আছিল অসমীয়া সংস্কৃতিৰ ঐতিহ্যৰ বাহক। উদাহৰণস্বৰূপে ক’ব পাৰি আহোম ৰজাসকলে যুদ্ধৰ বাবে শুভক্ষণ গণনা কৰা, যুদ্ধত জয়ী হ’লে উৎসৱ-অনুষ্ঠানৰ আয়োজন কৰা, মন্দিৰ-দেৱালয়ত চাকি জ্বলোৱা, সৈনিক সেনাপতিক বটা-বাহন দিয়া, সত্র-থান আদিলৈ সোণ-ৰূপ আগবঢ়োৱা, গোঁসাই-ব্রাহ্মণক চাউল-সিধা দিয়া আদি পৰম্পৰাবোৰ উল্লেখযোগ্য। ইয়াৰ বাহিৰেও চক্ৰধ্বজ সিংহ নাটকত চেনেহীয়ে তাতঁশালত ফুল বোৱা, গদাধৰ ৰজাত কমলাই মুগা-ৰিহা বোৱা আদি নিঃসন্দেহে অসমীয়া সংস্কৃতি তথা ঐতিহ্যৰ পৰিচায়ক। ৰিহা-মেখেলা, আঁচু সূতাৰ ফুল তোলা, হাতত খাৰু পিন্ধা আদিবোৰ কথাই বেজবৰুৱাৰ সাংস্কৃতিক মনৰ পৰিচয় দিয়ে।

তেওঁৰ প্ৰায়বোৰ সাধুকথাতেই অসমৰ সহজ-সৰল লোকজীৱন ফুটি উঠিছে। তেওঁৰ হাস্য-ব্যংগ ৰচনাসমূহতো ঐতিহ্য আৰু সংস্কৃতি চেতনা পৰিলক্ষিত হয়। অসমীয়া গ্রাম্য সংস্কৃতিৰ নিভাঁজ চিত্র আঁকাৰ উপৰি তেওঁ পৰস্পৰকে নতুন দৃষ্টিভঙ্গীৰে চোৱাৰো প্ৰয়াস কৰিছিল তেওঁৰ কেইবাটাও গল্পত। বেজবৰুৱাৰ সংস্কাৰকামী মনটোৱে ঐতিহ্য ৰক্ষাৰ নামত অন্ধ অনুকৰণক সমর্থন কৰা নাছিল সেয়ে তেওঁ সংস্কৃতি চর্চাৰ জৰিয়তে সমাজৰ সংস্কাৰ সাধন কৰিবলৈ চেষ্টা কৰিছিল। বেজবৰুৱাৰ সংস্কৃতিৱান মনটোত শংকৰী সংস্কৃতিৰ প্ৰভাৱো মন কৰা যায়। তেওঁৰ বৈষ্ণৱধর্ম আৰু দর্শন সম্পৰ্কীয় ৰচনাসমূহত এই শংকৰী ধৰ্ম-সংস্কৃতিৰ শিক্ষাই যে গভীৰভাৱে প্রভাৱ পেলাইছিল সেয়া নক’লেও হ’ব। আগতেই উল্লেখ কৰি অহা হৈছে যে, বেজবৰুৱাৰ মতে বহিঃ বিশ্বৰ স’তে হোৱা আদান- প্রদানে ভাষা-সাহিত্যক পাৰস্পৰিক অৱদানেৰে সমৃদ্ধ কৰি তোলে। এই দৰ্শনৰ আধাৰতেই লক্ষ্মীনাথে ইংৰাজী সাহিত্য আৰু বঙলা সাহিত্যৰ বিচাৰ কৰিছে।

পৰিশেষত ক’ব পাৰি, মূলতঃ লক্ষ্মীনাথ বেজবৰুৱাই জাতি নিৰ্মাণৰ বাবেই সাহিত্য সৃষ্টি কৰিছিল। গল্প, কবিতা, নাটক অথবা ব্যংগ সাহিত্যৰ জৰিয়তে তেওঁ জাতীয় উত্তৰণত বাবে আহোপুৰুষাৰ্থ কৰিছিল আৰু তেওঁ সফলো হৈছিল। জাতিটোৰ প্ৰতি থকা এনে গভীৰ দায়িত্ববোধে তেওঁক এক বিশাল সাহিত্যৰাজী সৃষ্টি কৰিবলৈ অনুপ্ৰেৰণা যোগাইছিল আৰু কলমটোকে তেওঁ অস্ত্র হিচাপে ব্যৱহাৰ কৰিছিল। নক’লেও হ’ব যে জাতীয় সাহিত্যৰ লগত জাতীয় জীৱনৰ ওতপ্রোত সম্পর্ক। এই কথালৈ লক্ষ্য ৰাখিয়েই বেজবৰুৱাই এইবুলি কৈছিল যে “জাতীয় জীৱন সংকীর্ণ হ’লে জতীয় সাহিত্যও সেই সংকীর্ণতাৰ পৰা হাত সাৰিব নোৱাৰে। যি জাতিৰ জীৱন মুক্ত আৰু স্বাধীন, সেই জাতিৰ সাহিত্য মুক্ত, স্বাধীন আৰু অব্যাহত জাতি, সেই সাহিত্যই নির্ভয়ে, নিঃসংকোচে কল্পনা আৰু ভাবৰ ৰাজ্যত স্বচ্ছন্দে বিচৰণ কৰিব পাৰে, যি সোনকালে কদাপিও বিদেশী বিজাতিৰে সৈতে ভাৱ আৰু কল্পনাৰ আদান-প্রদানত নিজৰ অস্তিত্ব হেৰুৱাৰ ভয় কৰি নিজক সংকুচিত কৰি নুফুৰে।”

( লিখক শিক্ষাবিভাগৰ বিশ্বনাথ জিলাৰ নলবাৰী মণ্ডলৰ মণ্ডল সমল কেন্দ্র সমন্বয়ক )

Leave A Reply