Breaking

সোণতলীৰ মাহতলী গাঁও পঞ্চায়তত সাতোটাকৈ উন্নয়ন মূলক কামৰ আধাৰশিলা স্থাপন

0 1,244

সোণতলী, ৯ ডিচেম্বৰ: দক্ষিণ কামৰূপ জিলাৰ বকো সমষ্টিৰ ছমৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত মাহতলী গাঁও পঞ্চায়ত কালি সাতটাকৈ উন্নয়ন মূলক কামৰ আধাৰশিলা স্থাপন কৰা হয় ৷ জানিব পৰামতে, ২০২০-২১ বৰ্ষৰ এম জি এনৰেগা আঁচনিৰ অধীনত ৬ লাখ ১২ হাজাৰ টকা ব্যয় সাপেক্ষে পানীখাইতী বজাৰৰ পৰা হাছেন আলী চৰ্দাৰৰ ঘৰলৈ যোৱা পথটো নিৰ্মানৰ বাবে আধাৰশিলা স্থাপন কৰে সোণতলী – টুপামাৰী জিলা পৰিষদৰ সদয্য ছাহজাহান আলীয়ে ৷ ইয়াৰোপৰি ২০২০-২১ বিত্তীয় বৰ্ষৰ এম জি এনৰেগা আঁচনিৰ অধীনত ৬ লাখ ব্যয় সাপেক্ষে নিৰ্মান কৰিব লগীয়া ছামাদ চি আৰ পি এফৰ ঘৰৰ পৰা পানীখাইতী বজাৰলৈ যোৱা পথ আৰু ৬ লাখ টকা ব্যয়ৰে আনোৱাৰৰ ঘৰৰ পৰা আৰিকাটি ই এণ্ড ডি দলংলৈ যোৱা পথ নিৰ্মানৰো আধাৰশিলা স্থাপন কৰে সোণতলী – টুপামাৰী জিলা পৰিষদৰ সদস্য ছাহজাহান আলীয়ে ৷ আনহাতে, ২০২০-২১ বিত্তীয় বৰ্ষৰ এম জি এনৰেগা আঁচনিৰ অধীনত ৯ লাখ ৯৬ হাজাৰ টকা ব্যয় সাপেক্ষে বেজৰসুঁতি বালিকা প্ৰাথমিক বিদ্যালয়ৰ ভূমি উন্নয়ন, ৯ লাখ ৬০ হাজাৰ টকা ব্যয় সাপেক্ষে আৰিকাটি প্ৰাথমিক বিদ্যালয়ৰ ভূমি উন্নয়ন, ৯ লাখ ৮১ হাজাৰ টকা ব্যয় সাপেক্ষে কাঞ্চু দেৱানী মেমৰিয়েল হাইস্কুলৰ ভূমি উন্নয়ন আৰু ৭ লাখ টকা ব্যয়ৰে আৰিকাটি কৱৰস্থানৰ ভূমি উন্নয়নৰ কামৰো আনুষ্ঠানিকভাবে আধাৰশিলা স্থাপন কৰে সোণতলী-টুপামাৰী জিলা পৰিষদৰ সদস্য ছাহজাহান আলীয়ে ৷ মাহতলী গাঁও পঞ্চায়তৰ বিভিন্ন এলেকাত কালি সাতোটাকৈ উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন অনুষ্ঠানত মাহতলী গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য আমিন ময়নুল হক, গ্ৰাম ৰোজগাৰ সহায়ক ইছমাইল হোছেইন, ছমৰীয়া উন্নয়ন খণ্ডৰ অভিযন্তা জিয়াউৰ ৰহমানৰ উপৰিও স্থানীয় ৰাইজ আৰু পঞ্চায়ত প্ৰতিনিধি সকল উপস্থিত থাকে ৷

Leave A Reply