নেমুৰ খোৱাৰ আগত নেমুৰ উপকাৰীতা বিষয়ে জানি লওক…

ঘৰত কাৰোবাৰ বমি ভাব আহিলে নেমুৰ পাত হাতেৰে মোহাৰি শুঙিবলৈ দিয়া পৰম্পৰা সমাজত এতিয়াও প্ৰচলিত আছে। পেটৰ অসুখ হ’লে আচাৰৰ বৈয়ামত নিমখত দিয়া অকণমান নেমু খালে পেটৰ অসুখ ভাল হয়।নেমুটেঙাক কাজী টেঙা বুলিও কয়। ইয়াৰ শাস্ত্ৰীয় নাম- নিম্বুক, বহ্নিদপ্যি, বহ্নিবাজ, দস্তঘাত ইত্যাদি। নেমু গছৰ ফল পাত, শিপা আৰু ছাল দৰবত ব্যৱহাৰ হয়। পাত, শিপা আৰু ছালৰ ৰস একৰ পৰা দুই তোলা হিচাবত দৰকাৰ।

ঘৰত কাৰোবাৰ বমি ভাব আহিলে নেমুৰ পাত হাতেৰে মোহাৰি শুঙিবলৈ দিয়া পৰম্পৰা সমাজত এতিয়াও প্ৰচলিত আছে। পেটৰ অসুখ হ’লে আচাৰৰ বৈয়ামত নিমখত দিয়া অকণমান নেমু খালে পেটৰ অসুখ ভাল হয়।

নেমুটেঙাক কাজী টেঙা বুলিও কয়। ইয়াৰ শাস্ত্ৰীয় নাম- নিম্বুক, বহ্নিদপ্যি, বহ্নিবাজ, দস্তঘাত ইত্যাদি। নেমু গছৰ ফল পাত, শিপা আৰু ছাল দৰবত ব্যৱহাৰ হয়। পাত, শিপা আৰু ছালৰ ৰস একৰ পৰা দুই তোলা হিচাবত দৰকাৰ।

নেমুটেঙাৰ বহু ঔষধি গুণ আছে জানেনে?

১)পানী লগা অসুখত গোল নেমুৰ ৰস বা গুটি পিহি খালে এই ৰোগ নিৰাময় হয়।

২) মূৰ ঘূৰণি আৰু মূৰৰ বিষ হ’লে নাৰিকলৰ তেলৰ লগত নেমুৰ ৰস মিহলাই মূৰত লগালে ৰোগ উপশম হয়।

৩) চকুৰ উজ্জ্বলতা বৃদ্ধিৰ উপৰি চকুত ছানি পৰা ৰোগত গোল নেমুৰ ৰস অতি উপকাৰী।

৪)সৰু ল’ৰা-ছোৱালীৰ কৃমি নাশ কৰিবলৈ খালী পেটত গোল নেমুৰ ৰস আৰু গুটি পিহি খুৱাব লাগে।

৫) ইনফ্লুৱেঞ্জা, কলেৰা, জ্বৰ, ভাইৰেল জ্বৰ, স্নায়ু দুৰ্বল আদি ৰোগ প্ৰতিৰোধত নেমুৰ যথেষ্ট ঔষধি গুণ আছে।

৬) আমি গ্ৰহণ কৰা খাদ্যৰ প্ৰয়োজনীয় পুষ্টি শৰীৰত শোষিত হোৱাত নেমুৰ ৰস আৰু বাকলিয়ে যথেষ্ট সহায় কৰে।

৭) মূৰ ঘূৰণি আৰু মূৰৰ বিষ হ’লে নাৰিকলৰ তেলৰ লগত নেমুৰ ৰস মিহলাই মূৰত লগালে ৰোগ উপশম হয়।

Related Articles