Breaking

আলু আৰু ইয়াৰ ঔষধি গুণৰ বিষয়ে জানক…

0 103

আলুত নিম্নোল্লেখিত ধৰণে ৰাসায়নিক পদাৰ্থসমূহ পোৱা যায়, যিবোৰ দেহৰ বাবে অত্যাৱশ্যকীয়। প্ৰ’টিন ১.৬ শতাংশ, কাৰ্ব’হাইড্ৰেট ২৩ শতাংশ, কেলচিয়াম ০.০১ শতাংশ, ফছফৰাছ ০.০৩ শতাংশ, লৌহ পদাৰ্থ ০.৭ মি:গ্ৰাম(১০০ গ্ৰামত) আৰু খাদ্যপ্ৰাণ-এ, বি-২, নিয়াচিন আৰু খাদ্যপ্ৰাণ চি(গ) পোৱা যায়। খাদ্যপ্ৰাণ-গ(ভিটামিন চি) থকা বাবে আলু স্কাৰ্ভি(Scurvy) ৰোগ নাশক। অৱশ্যে নতুন সজীৱ আলুতহে আশানুৰূপ ধৰণে খাদ্যপ্ৰাণ গ পোৱা যায়। পুৰণা আলুত ইয়াৰ পৰিমাণে ক্ৰমে কমি যায়।

আলু সাধাৰণতে সকলো প্ৰকাৰৰ পাচলিৰ সৈতে মিহলাই খাব পাৰি ইয়াৰ প্ৰধানতম বৈশিষ্ট এয়ে যে এইবিধ সামগ্ৰীক যিহৰ সৈতে মিহলোৱা যায় তাৰেই ই পুষ্টিগুণ বৰ্দ্ধন কৰি তোলে বুলি কোৱা হয়। আলুত থকা ক্ষাৰকীয় উপাদানে তেজৰ ইউৰিক এচিডৰ পৰিমাণ কম কৰে। সেইবাবে ই ‘গাইট’ ৰোগতো উপকাৰী।

খৰ আদি চৰ্মৰোগত আলু মিহিকৈ পিহি লগালে আৰু ইয়াৰ ৰস সেৱন কৰিলে যথেষ্ট সুফল পোৱা যায়। উচ্চ ৰক্তচাপ ৰোগতো আলু উপকাৰী। খাদ্য বিশেষজ্ঞসকলৰ মতে ৰক্তচাপ নিয়ন্ত্ৰণ কৰি ৰাখিব বিচৰাসকলৰ বাবে আলু এবিধ উত্তম খাদ্য দ্ৰব্য। আলুত থকা মেগনেছিয়ামে উচ্চ ৰক্তচাপ প্ৰশমিত কৰে। অম্লপিত্ত ৰোগীৰ বাবেও আলু উপকাৰী। জুয়ে পোৰাতো এক উত্তম ঔষধ হিচাপে আলু অনন্য। কেঁচা আলু পিহি পোৰা অংশত লগালে পোৰণি প্ৰশমিত হয় আৰু ঘা সোনকালে শুকায়। এনেহেন বহুগুণী আলু খাদ্যৰ প্ৰধান উপাদান হিচাপে গ্ৰহণ কৰি নি:সন্দেহে আমি নিজৰ সুস্বাস্থ্য সুনিশ্চিত কৰিব পাৰোঁ।

লেখক:ভুৱনেশ্বৰ ডেকা

Leave A Reply