সৰিয়হত থকা কিছুমান ঔষধি গুণৰ বিষয়ে জানক…

সৰিয়হ এবিধ শাক। ইয়াৰ গুটিৰ পৰা দৈনন্দিন জীৱনত সচৰাচৰ ব্যবহাৰ কৰা সৰিয়হ তেল বা মিঠাতেল পোৱা যায়। সৰিয়হ গছৰ ফুলবোৰ হালধীয়া৷ ইয়াৰ গুটিবোৰ মটৰ গুটিৰ দৰে আৱৰণৰ ভিতৰত থাকে। পূৰঠ হ’লে সেই আৱৰণবোৰ ফাটি যায় আৰু তাৰ ভিতৰৰ পৰা অসংখ্যা নিচেই সৰু গুটি ওলায়। সৰিয়হ দুবিধ— হালধীয়া গুটিৰ সৰিয়হক বগা সৰিয়হ আৰু ক’লা-মুগা চানেকীয়া সৰিয়হক ক’লা সৰিয়হ বোলা হয়। সৰিয়হক মছলা হিচাপেও ব্যৱহাৰ কৰা হয়।

সৰিয়হত থকা কিছুমান ঔষধি গুণ এনেধৰণৰ-

  • সৰিয়হ মিহিকৈ পিহি শালমইনা হোৱা স্থানত লগালে শালমইনাৰ দাগ আঁতৰে।
  • ক’লা সৰিয়হৰ আঞ্জা কুষ্ঠ ৰোগীৰ বাবে উপকাৰী।
  • গোধ ৰোগত বগা সৰিয়হ আৰু চজিনা গছৰ ছাল মিহিকৈ পিহি লগালে ৰোগ সোনকালে নিৰাময় হয়।
  • কিছুমান ছোৱালীৰ মাহেকীয়া হোৱাৰ সময়ত পেটৰ বিষ হয়। সৰিয়হ পিহি গৰম কৰি পেটত লগালে আৰাম পোৱা যায়।

  • দাঁতত হালধীয়া দাগ পৰিলে নিমখ, চৌদাখাৰ, নেমু টেঙাৰ ৰস আৰু সৰিয়হ তেল মিহলাই ঘঁহিলে পৰিষ্কাৰ হয়।
  • নহৰু আৰু সৰিয়হ তেল মিহলাই মালিচ কৰিলে বাত বিষত আৰাম পোৱা যায়।
  • টোপনি কম হ’লে নেমুৰ ৰস আৰু সৰিয়হ তেল ভৰিত ঘঁহিলে টোপনি ভাল হয়।
  • কেতিয়াবা চূণে ডাকে। তেতিয়া সৰিয়হৰ তেল ডকা অংশত লগালে আৰাম পোৱা যায়।

  • গা ধোৱাৰ সময়ত জাৰকালি কেঁচা সৰিয়হৰ তেলেৰে মালিচ কৰি গা ধুলে ঠাণ্ডা লগাৰ ভয় নাথাকে।
  • মিঠাতেলৰ চাকি জ্বলাই অলপ জ্বলোতেই শলিতাডাল নুমাই গৰম তেল নখত দিলে নখচুকীয়া ৰোগ ভাল হয়।
  • তলপেটত মিঠাতেলেৰে মালিচ কৰিলে শৌচ খোলোচা হয়।

লেখিকা: ললিতা শৰ্মা লহকৰ,

Related Articles