Breaking

তেতেলী খোৱাৰ ৪টা উপকাৰৰ বিষয়ে জানক…

0 85

তেতেলী বহুতেই ভাল পায়, কিন্তু আপুনি জানেনে তেতেলী আমাৰ স্বাস্থ্যৰ বাবেও অতি উপকাৰী। তেতেলী নাম শুনিলে লোভতে বহুতৰে মুখত পানী ওলাই। ভাৰতৰ বহু সোৱাদযুক্ত ৰেচিপি আৰু ষ্ট্ৰীট ফুডত ইয়াক যোগ কৰিলে সোৱাদ সম্পূৰ্ণ হৈ পৰে। পুষ্টি বিশেষজ্ঞৰ মতে তেতেলী অত্যধিক খালে ক্ষতিকাৰক হ’ব পাৰে, কিন্তু যদি ইয়াক সীমিত পৰিমাণত খোৱা হয় তেন্তে স্বাস্থ্যৰ উপকাৰ হয়। তেতেলী খোৱাৰ উপকাৰিতা-


আপুনি যদি তেতেলী এটা সীমাৰ ভিতৰত খায় তেন্তে ই হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে উপকাৰী। তেতেলী পটাছিয়ামৰ লগতে মেগনেছিয়ামৰো ভাল উৎস যিয়ে ৰক্তচাপৰ সংখ্যা সুস্থ কৰি ৰখাত সহায় কৰিব পাৰে। ইয়াৰ উপৰিও ইয়াত ফ্লেভন’ইডৰ দৰে পলিফেনল থাকে, যিয়ে কলেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰে যাৰ ফলত হাৰ্ট এটেকৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস পায়।

বিশেষজ্ঞৰ মতে তেতেলীয়ে টনিক, কাৰ্মিনেটিভ, এন্টিচেপ্টিক, চাফাই এজেণ্ট আৰু জ্বৰ নিবাৰণকাৰী হিচাপে কাম কৰে। ই অন্ত্ৰৰ কাম-কাজ আৰু হজম শক্তি নিয়ন্ত্ৰণ কৰিব পাৰে। ইয়াৰ দ্বাৰা গেছ, বদহজম, কোষ্ঠকাঠিন্য আদি সমস্যাৰ পৰা সকাহ পোৱা যায়।

তেতেলীত বহুতো গুণ আছে যিয়ে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ কাৰ্য্যক্ষমতা বৃদ্ধি কৰিব পাৰে। ভিটামিন চি, এন্টিঅক্সিডেন্ট, ফ্লেভনয়ড, কেৰটিন আৰু অন্যান্য পুষ্টিকৰ উপাদান আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বাবে ভাল বুলি বিবেচিত হয়। ইয়াৰ ফলত চৰ্দি, কাহ, জ্বৰৰ সম্ভাৱনা কম হয়।

Leave A Reply