Breaking

আকন উদ্ভিদৰ উপকাৰিতা বিষয়ে জানক…

0 1,369

আকন উদ্ভিদৰ উপকাৰিতা

আকন উদ্ভিদৰ ঔষধি গুণাগুণ (Medicinal Qualities of Crown flower/Calorropis Gigantea)

  • এণ্টি – ফাংগাল (Anti-fungal)
  • এণ্টি – ডায়েবেটিক (Anti-diabetic)
  • এণ্টি – কাৰ্চিনোজেনিক (Anti-carcinogenic)
  • এক্সপেক্টৰেন্ট (Expectorant)
  • এফ্ৰডিয়েক (Aphrodisiac)
  • প্ৰদাহ – প্ৰতিৰোধী (Anti-inflammatory)
  • এণ্টি – কোৱাগোলান্ট (Anti-coagulant)
  • এণ্টি – ডিচেনণ্টেৰিক (Antidysenteric)
  • এণ্টি – চিফিলিটিক (Antisyphilitica)
  • এণ্টি – ৰিউমেটিক (Anti-rheumatic)

  • আকন উদ্ভিদৰ উপকাৰিতা আৰু ব্যৱহাৰ (Benefits and uses of Crown flower)১. ডায়েবেটিচ চিকিৎসা কৰে (Treats Diabetes)আকন গছ (Crown flower) উদ্ভিদত ডায়েবেটিচ প্ৰতিৰোধী গুণাগুণ থাকে যাক ডায়েবেটিচ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হয়। ইয়াৰ বিশিষ্ট গুণাগুণ আছে যি ইনচুলিনৰ সংবেদনশীলতা বৃদ্ধি কৰে। তাৰ একে সময়তে ইনচুলিনৰ উৎপাদন তৈয়াৰ কৰে। আকন উদ্ভিদত ডায়েবেটিচ প্ৰতিৰোধী এজেণ্ট থাকে যি ডায়েবেটিচ ৰোগীৰ বাবে ভাল।২. প্ৰদাহ – প্ৰতিৰোধী (Anti-inflammatory)ৰোগ প্ৰতিৰোধ প্ৰণালী (WBC) সঁহাৰি স্বৰূপে ৰাসায়নিক পদাৰ্থ মুকলি হোৱাৰ ফলত প্ৰদাহ হয়। এই ৰাসায়নিক পদাৰ্থবোৰ আক্ৰমণকাৰী বা জীৱাণুৰ পৰা শৰীৰটোক সুৰক্ষিত কৰিবলৈ তেজ বা কলত প্ৰৱেশ কৰে। ই সংক্ৰমিত এলেকাবোৰত ৰক্ত সঞ্চালন বৃদ্ধি কৰে। প্ৰদাহৰ ফলত ৰঙা পৰা, বিষ, ফুলা ৰোগ হয়। আটাইতকৈ বেয়া ক্ষেত্ৰত, ইয়াৰ ফলত কাৰ্যক্ষমতা হেৰুৱাবলগীয়া হ’ব পাৰে। আকন উদ্ভিদবিধে প্ৰদাহজনিত ৰোগ যেনে Gout আৰু Rheumatism ৰ চিকিৎসাত সহায় কৰে।৩. ছালৰ দাগ আঁতৰ কৰে (Helps to get rid of Skin Blemishes)আকন উদ্ভিদৰ পৰা আহৰণ কৰা গাখীৰৰ দৰে তৰল (Latex) বিধ ছাল সম্পৰ্কীয় বিকাৰত অতি উপকাৰী। এই Latex ব্যৱহাৰ কৰি বিভিন্ন প্ৰকাৰৰ ছালৰ ৰোগ দূৰ কৰিব পাৰে। এই Latex ছালৰ প্ৰভাৱিত স্থানত প্ৰয়োগ কৰক ই ফোঁহা, ঘাঁহ নিৰাময়ৰ বাবে উপকাৰী। আকন উদ্ভিদত থকা Anti-oxidant বোৰ ছালৰ সমস্যা নিৰাময়ত সহায়ক।
  • ৪. অন্ত্ৰৰ চলাচলত সহায় কৰে আৰু ডায়েৰিয়া নিৰাময় কৰে (Helps in Bowel movement and Cures Diarrhea)আকন গছৰ ফুল হজম প্ৰক্ৰিয়াৰ বাবে উৎকৃষ্ট বনৌষধি আৰু এই ভেষজ বিধে ভোক বৃদ্ধি কৰে। আকন ভেষজ বিধ অনান্য হজম সমস্যা যেনে – অত্যাধিক গেছ আৰু ফুলা আদিৰ চিকৎসাত সহায় কৰে। দীঘলীয়া ডায়েৰিয়া নিৰাময় কৰিবলৈও আকন ভেষজ ব্যৱহাৰ কৰা হয়। ই পাকস্থলীৰ স্থিৰ কৰে আৰু পাচন প্ৰক্ৰিয়া বৃদ্ধি কৰে আৰু কোষ্ঠকঠিন্যৰ সমস্যাও নিৰাময় কৰে।৫. আৰোগ্যৰ গতি উন্নত কৰে আৰু ফোঁহা নিৰাময় কৰে (Improve the speed of healing and cures boil)আকন উদ্ভিদৰ গাখীৰৰ দৰে তৰল (Latex) ত আৰোগ্যকাৰী গুণাগুণ আছে যিবোৰে আঘাত আৰু ফোঁহা চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হয়। আকন উদ্ভিদৰ Latex, হালধিৰ সৈতে মিহলাই প্ৰভাৱিত ছাল পৃষ্ঠত প্ৰয়োগ কৰিলে আঘাত, ফোঁহা সমূহ আৰোগ্য হয়।৬. Vermifuge ৰ বাবে উতকৃষ্ট আৰু বমি থেৰাপীত ব্যৱহৃত (Excellent Vermifuge and uses in vomit therapy)পলুৰ সংক্ৰমণৰ ফলত ৰোগ হ’ব পাৰে কিয়নো পলুটোৱে হজম নোহোৱা খাদ্যৰ পৰা পুষ্টি খাব পাৰে। এই পলুৰ সংক্ৰমণৰ ফলত ওজন হ্ৰাস হয়, পটাৰ বিষ, পেটৰ জ্বলা – পোৰা, গুহ্য দ্বাৰৰ চাৰিওফালে খজুৱতি হয় আৰু শৌচত তেজ ওলাই। পলুবোৰে অন্ত্ৰক ব্যাপকভাৱে প্ৰভাৱিত কৰে আৰু কেতিয়াবাহে তেজ বা যকৃতত প্ৰৱেশ কৰে। পলুৰ সংক্ৰমণ নিৰাময়ত আকন গছৰ ফুল আৰু পাত ব্যৱহাৰ কৰা হয়।আকন পাতৰ Letex ৰ ফলত বমি আৰু পৰিপূৰ্ণতাৰে হ’ব পাৰে। ইয়াক বমি পৰিশোধন চিকিৎসাত ব্যৱহাৰ কৰা হয়।৭. ভৰিৰ ফোঁহা নিৰাময় কৰে (Cures blister in feet) ভৰিৰ ফোঁহা নিৰাময়ৰ বাবে আকন উদ্ভিদৰ Latex ব্যৱহাৰ কৰা হয়। ভৰিৰ ফোঁহাটোৰ পৰা তাৎক্ষণিক সকাহ পাবলৈ কেৱল সংক্ৰমিত স্থানত Latex ব্যৱহাৰ কৰিব লাগে।৮. কাণ বিষ নিৰাময় কৰে (Cures Ear pain)কাণৰ সংক্ৰমণ কাণত থকা বেক্টেৰিয়া, ভাইৰাছ বা তৰলৰ ফলত হ’ব পাৰে। চৰ্দি, এলাৰ্জি বা চাইনাছ সংক্ৰমনৰ ফলত কাণ বিষ হয়। কানৰ বিষৰ পৰা পৰিত্ৰাণ পাবলৈ আকন গছৰ ডাঙৰ পাত লওক পাতবোৰ ভালকৈ ধুই শুকাই তাৰ পৰা ৰস উলিয়াই আকন পাতৰ ৰস  আৰু তিল তেল সমান অনুপাতত ১চামুচ কৈ মিহলি কৰক আৰু তাৰ পিছত ডালচেনি, asafoetida, calamus,  নহৰু প্ৰতিটো ১/৪ ১চামুচ যোগ দিয়ক মিশ্ৰণটো  চেঁচা ঠাইত ৰাখক আৰু ইয়াক কাণৰ টোপাল হিচাপে ব্যৱহাৰ কৰক।৯. হাঁপানি ৰোগ নিৰাময় কৰে (Cures Asthma)আকন উদ্ভিদ হাঁপানি ৰোগৰ মহৌষধ। ১৪ পাহ মান আকন ফুলৰ মাজৰ অংশ লৈ তাৰ সৈতে ২১ টা মান জালুক দি একেলগে পিচি ২১টা বড়ি বনাই প্ৰতিদিন পুৱা পানীৰ সৈতে এটাকৈ বড়ি খালে হাঁপানি ৰোগ নিৰাময় হয়। এই ঔষধ খোৱা পিছত কেৱল গাখীৰৰ সৈতে ভাত খাব লগে তেতিয়া শ্বাসকষ্ট কমি যায়।১০. সাপৰ বিষৰ প্ৰতিষেধক হিচাপে কাম কৰে (Acts as antidote to snake venom)প্ৰাচীন কালত লোক সকলে সৰ্প দংশনৰ প্ৰভাৱৰ চিকিৎসাৰ বাবে আকন উদ্ভিদ ব্যৱহাৰ কৰিছিল। সাপে কামোৰা ঠাইৰ ওপৰত আকনৰ গছৰ Latex প্ৰয়োগ কৰিছিল আৰু আকন পাত চোবাইছিল। আকন উদ্ভিদত হ্রাইড্ৰ’ এলকহলিক নিষ্কাশন থাকে যি সাপৰ বিষৰ কাৰ্যকলাপ নিষ্ক্ৰিয় কৰে।১১. দাঁতৰ বিষৰ চিকিৎসা কৰে (Treats toothache)দাঁতৰ বিষ নিৰাময়ৰ বাবে আকন উদ্ভিদ বিশেষ উপকাৰী। দাঁতৰ বিষৰ পৰা আৰোগ্য পাবলৈ আকন উদ্ভিদৰ Latex প্ৰয়োগ কৰি দাঁতৰ বিষৰ পৰা তৎ ক্ষণাত সকাহ পাব পাৰি।১২. ছালৰ ৰোগৰ চিকিৎসা কৰে (Treats skin disease)আকন উদ্ভিদত Anti-fungal উপাদান আছে যিয়ে Cadida আৰু Ringworm দৰে ৰোগ নিৰাময় কৰে।
Leave A Reply