Breaking

শীতৰ বতৰত ধনিয়াৰ উপকাৰিতাৰ কথা জানক…

0 72

কি কি উপকাৰিতাৰ কথা জনা যায় ?

  • টুথপেষ্ট আবিষ্কাৰ হোৱাৰ আগতে মানুহে মুখৰ দূৰ্গন্ধ আতৰাবলৈ ধনিয়া ব্যৱহাৰ কৰিছিল ৷
  • একেদৰে আগৰ দিনত মানুহে শৰীৰৰ ঘামৰ বা দেহৰ আন বেয়া গোন্ধ আতৰাবলৈ ধনিয়া ব্যৱহাৰ কৰিছিল ৷
  • চাবুন আৰু আন প্ৰসাধন সামগ্ৰী তৈয়াৰ কৰাত ধনিয়া ব্যৱহাৰ কৰা হয় ৷
  • তেজৰ শৰ্কৰা (চুগাৰ) নিয়ন্ত্ৰণত সহায়ক – দেহৰ ইনচুলিনৰ সক্ৰিয়তা ধনিয়াই বঢ়াবলৈ সক্ষম ৷
  • উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত ধনিয়াৰ ভূমিকা – ধনিয়াত ১৪শতাংশ প’টেচিয়ামৰ বিপৰীতে চ’ডিয়াম থাকে সামান্য (মাত্ৰ ১শতাংশ)৷ সেয়ে তেলৰ নলী বহলাই ৰখাত (Vasodilator action) ৰক্তচাপ হ্ৰাস পায় ৷ তদুপৰি ধনিয়াৰ প্ৰসাব বঢ়োৱা (Diuretic action ) গুণো ৰক্তচাপ কমোৱাত সহায়ক হয় ৷
  • অপকাৰী ক’লেষ্টেৰল (LDL) কমায় আৰু উপকাৰী ক’লেষ্টেৰলৰ (HDL)বৃদ্ধি ঘটায় ৷

  • পাক প্ৰণালীৰ উপকাৰিতা- পেট ফুলা,বমি ভাৱ কমায় ৷ গ্ৰহণী আৰোগ্য কৰে ; ভোক লগায় আৰু হজম হোৱাত সহায়ক হয় ৷ আমেৰিকাৰ Digestive Diseases and Sciencesত প্ৰকাশিত তথ্য অনুসৰি Irritable Bowel Syndromeত ভোগা ৰোগীয়ে ধনিয়াৰে চিকিৎসা কৰাত উপকৃত হোৱা দেখা গৈছে ৷
  • ফুড পইজনিং ৰোধ কৰিবৰ সক্ষমতা ৰাখে – Journel of Agricultural & Food Chemistyত প্ৰকাশিত তথ্যমতে চালমোনেলা বেক্টেৰিয়াৰ বিৰুদ্ধে ধনিয়াৰ এন্টিবেক্টেৰিয়েল গুণ দেখা গৈছে ৷
  • হেভি মেটেল পইজনিঙৰ চিকিৎসা- লিড,মাৰকাৰি আদি বিষাক্ত ধাতুৰ অপকাৰিতা হ্ৰাস কৰে ৷
  • থাইৰয়েড হৰমোনৰ (হাইপো আৰু হাইপাৰ থাইৰয়েডিজম) উপশম ঘটোৱাত ধনিয়াৰ গুটি সিজোৱা পানী খাবলৈ পৰামৰ্শ দিয়া হয় ৷ হেভি মেটেলৰ প্ৰভাৱত উৎপন্ন হোৱা থাইৰয়েডৰ এন্টিবডি ধনিয়াই বিনষ্ট কৰে আৰু তেজ বিশুদ্ধকৰণ কৰে ৷
  • মানসিক ৰোগ প্ৰতিৰোধক – Journel of Molucular Microbiologyত প্ৰকাশিত তথ্যমতে Alzheimers disease, Parkinsonisom, Multiple sclerosis ত ভোগা ৰোগী ধনিয়াৰ দ্বাৰা উপকৃত হোৱা দেখা গৈছে ৷ মেগনেচিয়াম, মেংগানিজ আৰু এন্টিঅক্সিডেন্টে মস্তিষ্কৰ স্নায়ু প্ৰণালীৰ ক্ৰিয়া সুচল ৰখাত সহায় কৰে ৷
  • শৰীৰৰ আৰু মনৰ উত্তেজনা,দু:চিন্তা আতৰ কৰাত সহায়ক ৷ সুনিদ্ৰাত সহায় কৰে ৷
  • প্ৰসাবৰ সংক্ৰমণৰ উপশম ঘটায় -ইয়াৰ বাবে ২কাপ পানীত দেড় চামুচ ধনিয়া গুটি ৰাতিটো তিয়াইথৈ পুৱা খাবলৈ কোৱা হয় ৷
  • কিডনিৰ পাথৰৰ চিকিৎসাত সহায়ক – ধনিয়াৰ Diuretic action আৰু তেজ শুদ্ধিকৰণ গুণৰ দ্বাৰা ৷
  • মাহেকীয়াৰ বিষ আৰু অনিয়মীয়া ঋতুস্ৰাবৰ চিকিৎসাত ব্যৱহৃত ধনিয়া হ’ল আয়ুৰ্বেদিক ঔষধি ৷
  • এনিমিয়া আতৰ কৰাত সহায়ক –আইৰণ আৰু ভিটামিন-চিৰ বাবে সেয়া সম্ভৱ ৷
  • মুখৰ ঘাঁ আৰু দাঁতৰ আলু ফুলা আদি ৰোগ আৰোগ্য কৰে ৷

  • বাত বিষ কমায় – ধনিয়াত থকা ভলেটাইল অইলৰ বাবে সেয়া সম্ভৱ ৷
  • চৰ্মৰোগ যেনে খৰ (একজিমা), খজুৱতি – আতৰ কৰাত ধনিয়াত থকা ভলেটাইল অইলে সহায় কৰে ৷
  • শালমন আৰোগ্য কৰাত সহায়ক ৷
  • মুখমণ্ডলৰ পৰা দাগ আৰু বয়সৰ ছাপ আতৰ কৰাত সহায়ক ৷
  • চুলিসৰা ৰোধ কৰিবলৈ কেঁচা ধনিয়াৰ পাতেৰে মূৰত ভালদৰে মালিশ কৰিব লাগে ৷
  • সূৰ্য্যৰ প্ৰখৰ উত্তাপৰ পৰা সুৰক্ষা – খনিজ আৰু ভিটামিনৰ বাবে শৰীৰৰ ছালখনক আলট্ৰাভায়লেট ৰশ্মি   আৰু চানবাৰ্ণৰ পৰা বচাই ৰাখে ৷
  • দৃষ্টিশক্তিৰ উন্নতি ঘটায় আৰু নানান চকুৰ ৰোগ উপশম ঘটায় ৷
  • যৌন শক্তি বঢ়োৱাত সহায়ক ৷
  • কৰ্কট ৰোগ প্ৰতিৰোধক – ইয়াত থকা এন্টি অক্সিডেন্ট অহিতকাৰী ফ্ৰি-ৰেডিকেল বিনষ্ট কৰে ৷
  • মেদবহুলতা কমোৱাত সহায়ক – ইয়াৰ বাবে ৫০গ্ৰাম কেঁচা ধনিয়াৰ পাত ৪গিলাচ পানীত ভালদৰে উতলাই সিজাই পানীখিনি চেকি লব ৷ সেয়া ঠাণ্ডা হলে তাত মৌজোল আৰু নেমুৰ ৰস এচামুচকৈ মিহলাব৷ ৰাতিপুৱা খালি পেটত ৭৷১০দিন সেৱন কৰিব ৷
  • মাতৃদুগ্ধৰ পৰিমাণ বঢ়োৱাত সহায়ক ৷

লবলগীয়া সতৰ্কতা :

  • কাচিৎ ধনিয়াই কোনো লোকৰ ছালত এলাৰ্জি কৰিব পাৰে
  • সতৰ্ক হব ৷
  • গৰ্ভৱতী মহিলাই সীমিত মাত্ৰাতহে গ্ৰহণ কৰিব ৷

ডা০ ভূপেন শইকীয়া

Leave A Reply