Breaking

কেঁচা জলকীয়াৰ স্বাস্থ্যসন্মত গুণৰ বিষয়ে জানক…

0 66
  • কেঁচা জলকীয়াই ছাল সুস্থ আৰু সুন্দৰ কৰি তোলাত অতি উপকাৰী ভূমিকা পালন কৰে। ইয়াত থকা ভিটামিন ‘চিয়ে মূলতঃ ছাল স্বাস্থ্যকৰ আৰু উজ্জ্বল কৰি ৰাখে।
  • কেঁচা জলকীয়াই ব্যক্তিৰ হজম শক্তি বৃদ্ধি কৰে। ভিটামিন ‘চি’ৰ আধিক্যৰ বাবেই দৈনিক আহাৰৰ সৈতে কেঁচা জলকীয়া খালে আহাৰ সোনকালে হজম হয়।

  • শুনিবলৈ আচৰিত যদিও কেঁচা জলকীয়াই ওজন হ্রাস কৰাত সহায় কৰে। দেহৰ অতিৰিক্ত মেদ-চৰ্বি হ্ৰাস কৰি তোলাত কেঁচা জলকীয়া অনন্য। তদুপৰি ই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি কৰে।
  • বর্তমান অতি কমবয়সীয়া কিশোৰ-কিশোৰীৰ পৰা আদি কৰি প্ৰাপ্তবয়স্ক, বয়স্ক বয়সৰ প্ৰতি স্তৰৰ ব্যক্তি মধুমেহ ৰোগত আক্রান্ত হোৱা দেখা যায়। মধুমেহ ৰোগীয়ে প্রতিদিনেই নিজৰ খাদ্য তালিকাত কেঁচা ফলত শৰীৰৰ ‘ছুগাৰ লেভেল’ নিয়ন্ত্রিত হয়।
  • কেঁচা জলকীয়া এন্টি অক্সিজেনেৰে পূর্ণ। সেয়েহে ই প্রাকৃতিক সুৰক্ষাস্বৰূপে কাম কৰি শৰীৰক “ফ্রি ৰেডিকেল’ হোৱাৰ পৰা ৰক্ষা কৰে। তদুপৰি কেঁচা জলকীয়া প্ৰষ্টেটৰ সমস্যাও দূৰ কৰি ৰখাত সহায়কাৰী।

  • কেঁচা জলকীয়াৰ পৰা এণ্ডৰফিন নামৰ উপাদান নিৰ্গত হয়। যি ব্যক্তিৰ মানসিক স্বাস্থ্য ভালে ৰখাত সহায় কৰে। আনহাতে কেঁচা জলকীয়াই বিভিন্ন বিষো উপশম কৰে।
  • কেঁচা জলকীয়াৰ এণ্টিবেক্টেৰিয়েল উপাদানে ছালৰ বিভিন্ন ধৰণৰ সংক্রমণ ৰোধ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
  • কেঁচা জলকীয়া ভিটামিন ‘কে’ ৰে পৰিপূৰ্ণ। ই এষ্টিঅ’পেৰ’ছিছৰ সম্ভাৱনা ৰোধ কৰাত সহায় কৰে।
Leave A Reply