Breaking

ৰঙালাউ আৰু ইয়াৰ গুটিৰ বনৌষধৰ বিষয়ে জানক…

0 92

ৰঙালাউ আৰু ইয়াৰ গুটি বনৌষধ হিচাপে ব্যৱহৃত হয় যদিও থলুৱা পৰম্পৰা ফুলেৰেও দৰৱ প্ৰস্তুত কৰে। তন্ত্ৰত ফিটাকৃমি তথা ঘূৰণীয়া কৃমিয়ে বাহ লৈ মানুহক যমৰ যাতনাত ভোগায়। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ আমেৰিকা যুক্তৰাজ্যৰ দৰব প্ৰতিষ্ঠানে ৰঙালাউকে অব্যৰ্থ বুলি স্বীকৃতি দিছিল।

চীন দেশ তথা ৰুছিয়াত সম্পন্ন গৱেষণা অনুসৰি ফিটাকৃমিৰ বৃদ্ধিত বাধা দিবলৈ ৰঙালাউৰ বীজ অমোঘ। পুৰুষৰ মদন গ্ৰন্থি সক্ৰিয় কৰাত লাউ বীজত থকা কেৰটিনয়ড তথা ওমেগাত চৰ্বিৰ ভূমিকা অপৰিসীম আৰু ইয়াত থকা দস্তাই মদন গ্ৰন্থিৰ কামত বিশেষ প্ৰভাৱ পেলায়।

দেহৰ হাড় মজবুত কৰি ৰখাৰ ক্ষেত্ৰত দস্তাৰ অৰিহণা অনন্য যি মৌল ৰঙালাউৰ বীজত উভৈনদী। বৃদ্ধাৱস্থাত বহুতো লোকে হাড়ৰ বিকাৰত ভোগে আৰু ৰজ:স্ৰাৱ বন্ধ হোৱা মহিলাসকলে অষ্টিঅ’পৰছিছ নামৰ হাড়ৰ বিকাৰত ভোগে যাৰ ফলত হাড় চনকা হোৱা বাবে কম আঘাততে ফাটে নাইবা ছিগে যাৰ পৰা হাত সাৰিবলৈ ৰঙালাউ তথা বীজৰ পৰা প্ৰস্তুত খাদ্যগ্ৰহণ কৰা উচিত।

Leave A Reply