Breaking

টংলা মহাবিদ্যালয়ত “ভাৰতত বিশ্বায়ন আৰু উচ্চ শিক্ষাৰ প্ৰত্যাহ্বান আৰু সম্ভাৱনা ” শীর্ষক বক্তৃতানুষ্ঠান

0 194

ওদালগুৰি জিলাৰ অন্তৰ্গত টংলা মহাবিদ্যালয়ৰ সভা কক্ষত টংলা মহাবিদ্যালয়ৰ আই কিউ এ চি ,আৰ্টছ ফ’ৰাম আৰু ৰাজনৈতিক বিজ্ঞান বিভাগৰ উদ্যোগত টংলাস্থিত ৰমেশ চন্দ্ৰ চহৰীয়া শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ সহযোগত অনুষ্ঠিত হোৱা ” ভাৰতত বিশ্বায়ন আৰু উচ্চ শিক্ষাৰ প্ৰত্যাহ্বান আৰু সম্ভাৱনা” শীর্ষক বক্তৃতানুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ড০ শান্তেষ কুমাৰ সিঙে।দুয়োখন মহাবিদ্যালয়ৰ শতাধিক ছাত্ৰ-ছাত্ৰী,শিক্ষক- শিক্ষয়িত্ৰীৰ সন্মুখত ডঃ সিঙে ভাষণ প্ৰসংগত আৰু কয় যে আজিৰ বিশ্বায়নত আমাৰ ভাৰতীয় শিক্ষা বহি:ৰাষ্ট্ৰত যেনেকৈ ভাগ -বতৰা কৰিব লাগিব, সেইদৰে আমিও বিশ্বায়নত বহি ৰাষ্ট্ৰৰ পৰা জ্ঞান অৰ্জন কৰিব লাগিব। আজিৰ পৰা ৭৫ বছৰ পূৰ্বে আমাৰ দেশ স্বাধীন হ ‘ল যদিও আমাৰ চিন্তা আজিও পৰাধীন। আমাৰ চিন্তা, মন আজিও স্বাধীন হ’ব পৰা নাই। আমাৰ শিক্ষা ব্যৱস্থা আজিও পশ্চিমীয়া দৃষ্টিভঙ্গীৰে চলি আছে। ইয়াৰ বিপৰীতে আমাৰ ভাৰতীয়সকলৰ অন্যতম শিক্ষা ব্যৱস্থা “গুৰুকুল “জানো প্ৰযোজ্য হৈছে? ড০ সিঙে আৰু কয় যে প্ৰকৃতিৰ বুকুত গঢ়ি উঠা গুৰুকুল শিক্ষা ব্যৱস্থাৰ বিপৰীতে আমি নগৰ- মহানগৰত বৃহৎ বৃহৎ অট্টালিকাৰ ভিতৰত অর্জন কৰা শিক্ষাক প্ৰাধান্য দিছো। ইয়ে প্ৰমাণ কৰে যে আমি আজিও মানসিকভাৱে পৰাধীন বুলি।

টংলা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ প্ৰসেন দৈমাৰী য়ে সঞ্চালনা কৰা উক্ত বক্তৃতানুষ্ঠানত সমল ব্যক্তি ড০ সিঙে পুংখানুপুংখভাৱে বিশ্লেষণ দাঙি ধৰি চাকৰি কৰিবলৈ শিক্ষা অর্জন নকৰি মানুহ হ’বলৈ শিক্ষা অর্জন কৰিবলৈ আহ্বান জনায়।প্ৰায় দুঘণ্টা জোৰা ভাষণত ড০ সিঙে বিশ্বায়নৰ সময় আৰু ভাৰতীয় জাতীয় শিক্ষা সম্পৰ্কে বহুতো মহত্বপূৰ্ণ কথা উল্লেখ কৰি শিক্ষাৰ্থী আৰু শিক্ষক সকলক উৎসাহিত কৰিব সক্ষম হয় ।টংলা মহাবিদ্যালয়ৰ আই কিউ এ চি কোষৰ সমন্বয়ক মিন্টু পাঠকে উদ্দেশ্য ব্যাখ্যা কৰা আৰু টংলা মহাবিদ্যালয়ৰ আৰ্টছ ফৰামৰ সভাপতি ড০ আব্দুল কৰিমে আদৰণি ভাষণ দিয়া উক্ত বক্তৃতা অনুষ্ঠানখনত ভাষণ প্ৰদানেৰে শুভাৰম্ভনি কৰা টংলা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ প্ৰসেন দৈমাৰীয়ে কয় যে বিশ্বায়নৰ যুগত আমাৰ অৰ্জিত জ্ঞান ,কাৰিকৰী জ্ঞান এখন দেশে আন এখন দেশৰ লগত আদান প্ৰদান কৰিব লাগিব বুলি কয়।

টংলা মহাবিদ্যালয়ৰ উপাধ্যায় ড০ অঞ্জলি চক্ৰৱৰ্তী ৰমেশ চন্দ্ৰ চহৰীয়া শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ উপাধ্যক্ষ ৰাজশ্ৰী বৰা ,টংলা মহাবিদ্যালয়ৰ শিক্ষক গোটৰ সভাপতি ড০ কৈলাশ গোস্বামী ,ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক মহন্ত নাৰ্জাৰী আদিকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে মঞ্চৰ আসন শুৱনি কৰে।অনুষ্ঠানটিত নৃত্য শিল্পী পূৰ্বাশ্ৰী বণিয়া আৰু সতীৰ্থ বৃন্দই পৰিৱেশন কৰা শাস্ত্ৰীয় নৃত্যই অনুষ্ঠানটো অধিক জীপাল কৰি তোলে।

Leave A Reply