আমি গৰমৰ দিনত দাইলৰ সৈতে প্ৰায়ে নেমু চেপি খাঁও। (Lemon and Lentils) কিয়নো দাইলৰ সৈতে নেমু চেপি খালে যথেষ্ট সোৱাদ লাগে। কিন্তু মচুৰ দাইলত নেমু মিহলাই খালে স্বাস্থ্যৰ বাবে উপকাৰী হয় নেকি?
হয়, মচুৰ দাইলত নেমু চেপিলে সোৱাদ বৃদ্ধি হোৱাই নহয়, স্বাস্থ্যৰ বাবেও বহু উপকাৰী হয়। নেমুত ভিটামিন-চি, এন্টিঅক্সিডেন্ট আৰু চাইট্ৰিক এচিড আদি পুষ্টিকৰ উপাদান থাকে, যিবোৰ শৰীৰৰ বাবে অতি উপকাৰী। দাইলৰ সৈতে নেমু খালে কি কি উপকাৰ হয় জানো আহক-
মচুৰ দাইলত প্ৰচুৰ পৰিমাণে আইৰণ থাকে যদিও শৰীৰে ইয়াক সহজে শোষণ কৰিবলৈ সক্ষম নহয়। নেমুৰ ভিটামিন-চি-এয়ে আইৰণ শৰীৰত সঠিকভাৱে শোষণ কৰাত সহায় কৰে। ইয়াৰ ফলত ৰক্তহীনতা প্ৰতিৰোধ হয়।
নেমুত থকা চাইট্ৰিক এচিডে পাচন প্ৰক্ৰিয়া উন্নত কৰে। মচুৰ দাইলত নেমু মিহলাই খালে গেছ, বদহজম আৰু পেট ফুলাৰ দৰে সমস্যা কমোৱাত সহায় কৰে।
ঘিউ বা তেল ব্যৱহাৰ কৰা মচুৰ দাইলত নেমু চেপিলে সোৱাদ বৃদ্ধি হোৱাই নহয়, কেলৰিও ভাৰসাম্য ৰক্ষা কৰে।
নেমুত থকা ভিটামিন চি য়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে। নেমুৰ ৰস মচুৰ দাইলৰ লগত মিহলাই দৈনিক খালে ভাইৰাছৰ সংক্ৰমণ আৰু চৰ্দি আৰু কাহৰ পৰা শৰীৰ সুৰক্ষিত হয়।
নেমু শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ বাহিৰলৈ উলিয়াই দিয়াত সহায় কৰে। মচুৰ দাইলৰ দৰে আঁহযুক্ত খাদ্যৰ সৈতে নেমু মিহলাই খালে বিষাক্ত পদাৰ্থ সমূহ দূৰ হয়।