গাওঁ পঞ্চায়তৰ সভানেত্ৰী কণিকা হাজৰিকাক স্থিতি স্পষ্টিকৰণৰ বাবে লেছীৰ হুংকাৰ

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ  অৰুণাচল সীমান্তত অৱস্থিত বৰডুমচাস্থিত মাধৱপুৰ বৃহস্পতিবৰীয়া সাপ্তাহিক বজাৰখনৰ  গৰু ছাগলী বজাৰত স্থানীয় পুৰণি পুখুৰী পঞ্চায়তৰ যোগে অতিৰিক্তভাৱে অবৈধ কৰ সংগ্ৰহ কৰি অহাৰ অভিযোগ তুলিছে বজাৰখনৰ লেছীয়ে। তিনিচুকীয়া জিলা পৰিষদৰ যোগেদি নিবিদা প্ৰদান হোৱা বজাৰখনৰ  গৰু ছাগলী ক্ৰয় বিক্ৰয় বজাৰত বিগত কেইবা বছৰ ধৰি বজাৰৰ লেছীয়ে কৰ সংগ্ৰহ কৰাৰ উপৰিও পঞ্চায়তৰ দ্বাৰাও প্ৰতিটো গৰুৰ বিপৰিতে ৩০ টকা আৰু প্ৰতিটো ছাগলীৰ পৰা ১০ টকাকৈ অতিৰিক্তভাৱে কৰ সংগ্ৰহ কৰি অহা বুলি বজাৰখনৰ লেছীয়ে ( মহলদাৰ) গুৰুত্বৰ অভিযোগ আনিছে । উক্ত বজাৰখনৰ পৰা সংগ্ৰহিত  কৰৰ ৪০ শতাংশ ধন যিহেতু পুনৰ পঞ্চায়তে লাভ কৰেই তৎস্বত্বেও পঞ্চায়তখনৰ সভানেত্ৰী গৰাকীৰ দ্বাৰা পঞ্চায়ত কতৃপক্ষই অতিৰিক্ত ৩০ শতাংশ কৰ সংগ্ৰহ কৰা কাৰ্যক তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি সাপ্তাহিক বজাৰখনৰ বৰ্তমানৰ লেছী গোটে বিগত তিনি বৰ্ষ জোৰা  অতিৰিক্ত ভাৱে সংগ্ৰহিত ধন কাৰ পকেটত সোমাল ক’ত ব্যয় কৰিছে তাৰ খতিয়ানৰ উপৰিও কি পৰিস্থিতিত পঞ্চায়তৰ দ্বাৰা কৰ সংগ্ৰহ প্ৰক্ৰিয়া চলাই আহিছে তাৰ তথ্য পঞ্চায়ত কতৃপক্ষই  দিব লাগিব বুলি দাবী জনাইছে ।জিলা পৰিষদৰ নিবিদা যোগে আৱণ্টন লাভ কৰা বজাৰখনৰ বৰ্তমানৰ লেছী গোটলৈ পঞ্চায়ত কতৃপক্ষই এক বৈঠকৰ যোগেদি মহলদাৰলৈ কৰ সংগ্ৰহৰ অনুমতি বিছাৰি পত্ৰ প্ৰেৰণ কৰা কাৰ্যক ধিক্কাৰ প্ৰদান কৰি দুৰ্নীতিৰ শূণ্য সহণশীল চৰকাৰখনৰ শাসকীয় বি জে পিৰে প্ৰতিনিধিত্ব পঞ্চায়তৰ সভানেত্ৰী গৰাকীয়ে কাৰ ক্ষমতাত বলীয়ান হৈ এনে কাৰ্যত লিপ্ত হৈছে বুলিও প্ৰশ্ন উঠিছে ।বজাৰখনত অতিৰিক্ত অবৈধ কৰ সংগ্ৰহ প্ৰক্ৰিয়া বন্ধ হোৱাৰোপৰি অতি সোনকালে বিষয়টো বিভাগীয় কতৃপক্ষই নিষ্পত্তিৰ ব্যৱস্থা গ্ৰহণ নকৰিলে বজাৰখনত অতিৰিক্ত কৰ সংগ্ৰহ কৰাক লৈ সভানেত্ৰী গৰাকীৰ বিৰোদ্ধে আইনি ব্যৱস্থাৰ কাষ চপাৰো হুংকাৰ প্ৰদান কৰিছে মহলদাৰ গোটে ।

Related Articles