কলৰ অনান্য উপকাৰিতা |
১) কল হাতেৰে পিটিকি শৰীৰত লেপন দি গা ধুলে অংগবিলাকৰ ছালৰ সৌন্দৰ্য্য অটুত থাকে ।
২) কাহ – কফত তেজ ওলালে কল খাব পাৰে। এনে ক্ষেত্ৰত কলৰ উপকাৰিতা দেখা যায়।
৩) কল পিহি জলফাই তেল মিলাই সর্বাংগত মালিচ কৰিলে ত্বক কোমল হয় আৰু ছালত থকা দাগ নোহোৱা হয় ।

৪) কলগছৰ খোলাৰ ৰস বা থোৰৰ ৰস ক্ষয়ৰোগ আৰোগ্য হোৱাৰ পিছত খাবলৈ দিলে শৰীৰৰ দুৰ্বলতা আঁতৰে ।
৫) চিকিৎসক সকলৰ মতে কল এবিধ শক্তি বৃদ্ধিকাৰক ফল । কল খালে শুক্ৰ বৃদ্ধি হয় আৰু পৰিপুষ্ট হয় ।
৬) কলে শৰীৰত চৰ্বি জমা হোৱাত বাধা প্ৰদান কৰে ।
৭) পকা কল টুকুৰা কৰি ঘিউ সানি দনে দুবাৰ খালে মহিলাসকলৰ শ্বেতপ্ৰদৰ ( বগাস্ৰাব ) দোষ দূৰ হয় ।

৮) আলচাৰ বা পেটত ঘাঁ হোৱা ৰোগী হলে কলৰ লগত গাখীৰ খালে উপকাৰ পায়।
৯) কলে আমাৰ ছাল মসৃণ কৰে ।
১০) অম্ল পিত্ত বা হিকটি হৈ অস্থিৰ হলে কল মিহি কৰি সানি তাৰ লগত ইলাচি পাউদাৰ ( ডাঙৰ ইলাচি ) মিলাই খুৱাই দিলে ৰোগৰ উপশম হয় । এনেয়ো কলৰ টুকুৰাত ইলাচি গুৰি মিলাই খালে এচিডিটি বা পিত্ত দোষ নহয় ।
১১) শিশুক প্ৰায়েই কল পিটিকি গাখীৰ দি খুৱাব লাগে । আহাৰ খাব পৰা শিশুক ভীমকল চালি গাখীৰৰ লগত খুৱাব পাৰিলে বহুত উপকাৰ পোৱা যায় ।

১২) শিশুক সদায় কল খুৱাব পাৰিলে শৰীৰৰ কেলচিয়াম আৰু ফচফৰাচ যথেষ্ঠ আয়ত্ব কৰিব পাৰে । লগে লগে মানসিক উৎকৰ্ষও সাধন হয় ।
১৩) কিছুদিন কাঁচকল বা পুৰাকলৰ ৰস কৰি খুৱালে আন্ত্ৰিক ক্ষত নিৰাময় হয় ।
১৪) কলৰ সৰু সৰু টুকুৰা কৰি মৌ মিলাই খুৱালে জণ্ডিচ ৰোগ ভাল হয় ।
১৫) মহিলাসকলৰ শ্বেতপ্ৰদৰ দোষ থাকিলে কলৰ লগত আমলখী ৰস আৰু চেনি মিলাই প্ৰতিদিনে খালে এই ৰোগৰ পৰা মুক্ত পাব ।