Breaking

কিডনীৰ পাথৰ আৰু ইয়াৰ প্ৰতিৰোধ সমূহ জানো আহক…

0 90

শৰীৰত পানীৰ অভাৱ ঘটিলে, বংশানুক্রমিক, জেনেটিক, মেদবহুলতা, অধিক মাত্ৰাৰ প্ৰ’টিন, লৱণ আৰু গ্লু’কজ থকা খাদ্য, পেৰাথাইৰয়ড গ্রন্থিৰ অসুখ, গেষ্ট্রিক বাইপাছ ছাৰ্জাৰি, Diureties, anti seizure drugs, কেলচিয়ামযুক্ত এন্টাচিড ইত্যাদি।

কিডনী বা বৃক্ক আমাৰ শৰীৰৰ ভিতৰৰ এক অপৰিহার্য অংগ। কিডনীয়ে দেহৰ তৰল পদার্থ লৱণ, খনিজ পদার্থ আৰু অন্যান্য উপাদানসমূহৰ পৰিমাণ নিয়মীয়া কৰি ৰাখে আৰু অতিৰিক্ত ভাগ নিষ্কাশন কৰে। এই পদার্থসমূহৰ সন্তুলনৰ তাৰতম্য হ’লে কিডনীত পাথৰ (Stone) সৃষ্টি হ’ব পাৰে। আমাৰ দুটা কিডনী থাকে। কিডনীৰ লগত ইউৰেটৰ, ইউৰিনেৰি ব্লাডাৰ আৰু ইউবেথা সংলগ্ন হৈ থাকে। ইয়াৰ যিকোনো অংশতে পাথৰৰ সৃষ্টি হ’ব পাৰে। এই পাথৰবোৰ প্রকৃততে সৰু সৰু লৱণ আৰু খনিজ পদার্থৰ স্তুপ। কিডনীত উৎপন্ন হৈ পাথৰবোৰ মূত্ৰনলীৰ তলৰ ফালে গতি কৰিব পাৰে।

কিডনীৰ পথৰ কেইবা প্রকাৰৰ আছে –

কেলচিয়াম পাথৰ: এইবিধ পাথৰ কেলচিয়াম অক্সেলেট (Calcium oxalate), ফচফেট বা মেলিয়েটেৰে গঠিত।

ইউৰিক এচিড পাথৰ: পুৰুষৰ ক্ষেত্ৰত এইবিধ পাথৰ বেছিকৈ হয়। গাউটত ভোগা আৰু কেম’থেৰাপি লোৱা মানুহৰ ক্ষেত্ৰত ইউৰিক এচিড পাথৰ সাধাৰণতে হোৱা দেখা যায়। যেতিয়া প্ৰস্ৰাৱ বেছিকৈ আম্লিক হয়, তেতিয়া এইবিধ পাথৰৰ সৃষ্টি হয়। এইবোৰ আকাৰত ডাঙৰ আৰু প্ৰস্ৰাৱনলী অৱৰোধ কৰিব পাৰে। পুৰুষতকৈ মহিলাৰ ক্ষেত্ৰত এইবিধ পাথৰ বেছিকৈ হয়।

চিষ্টিন: এইবিধ পাথৰ কাচিৎহে হোৱা দেখা যায়। Cystinuria নামৰ জেনেটিক বিকাৰৰ ক্ষেত্ৰত এইবিধ পাথৰ সৃষ্টি হয়।

কিডনীৰ পাথৰ হোৱা সম্ভাৱনা বৃদ্ধি কৰা কাৰকবোৰ হ’ল –

শৰীৰত পানীৰ অভাৱ ঘটিলে, বংশানুক্ৰমিক, জেনেটিক, মেদবহুলতা, অধিক মাত্ৰাৰ প্ৰটিন, লৱণ আৰু গ্লু’কজ থকা খাদ্য, পেৰাথাইৰয়ড গ্রন্থিৰ অসুখ, গেষ্ট্ৰিক বাইপাছ ছাৰ্জাৰি, Diureties, anti seizure drugs, কেলচিয়ামযুক্ত এন্টাচিদ ইত্যাদি।

কিডনী পাথৰৰ লক্ষণবোৰ হ’ল- পিঠিৰ তলৰ অংশ, পেট আৰু কাষত অত্যন্ত বিষ, প্ৰস্ৰাৱত তেজ, কঁপনি জ্বৰ ইত্যাদি। বিষ হঠাতে আৰম্ভ হ’ব পাৰে। বমি হ’ব পাৰে। ঘনাই প্ৰস্ৰাৱৰ ভাব আহিব পাৰে।

কিডনীৰ পাথৰৰ কাৰণে কিছুমান জটিলতাৰ সৃষ্টি হ’ব পাৰে। পাথৰে ইউৰেটাৰত (কিডনীৰ পৰা ওলাই অহা নলী) ঘা লগাব পাৰে, মূত্ৰনলী অৱৰোধ কৰিব পাৰে। কিডনীত সংক্ৰমণ হৈ ক্ষতি সাধন হ’ব পাৰে।

চিকিৎসা –

পাথৰৰ আকাৰ অনুসৰি চিকিৎসা পদ্ধতি বেলেগ বেলেগ হ’ব পাৰে। অতি সৰু পাথৰ হ’লে, যথেষ্ট পানী খালে প্ৰস্ৰাৱৰ লগত নিৰ্গত হয়। দিনে ৬-৮ গিলাচমান পানী খাব লাগে, যাতে যথেষ্ট পৰিমাণে প্ৰস্ৰাৱ হয়। ডিহাইড্ৰেশ্যন হ’লে I. V. Fluid দিব লাগে। পেটৰ উপশমৰ বাবে Narcotic বিষনাশক গ্রহণ কৰিব লাগে। সংক্ৰমণৰ কাৰণে চিকিৎসকৰ পৰামর্শ অনুসৰি এণ্টিবায়’টিক খাব লাগে। প্ৰস্ৰাৱ ভালদৰে হ’বৰ বাবে Diuretics আৰু আম্লিকতা দূৰ কৰিবলৈ ছডিয়াম বাইকার্বনেট ব্যৱহাৰ কৰা হয়।

লিথ’ট্রিপছি (Lithotripsy)

এই পদ্ধতিৰে পাথৰ ভাঙি পেলোৱা হয়, যাতে ইউৰেটাৰ আৰু ব্লাডাৰেদি ই পাৰ হৈ সহজে প্ৰস্ৰাৱৰ লগত নিৰ্গত হ’ব পাৰে। ছাৰ্জাৰিৰ দ্বাৰাও কিডনীৰ পাথৰৰ চিকিৎসা কৰা হয়।

মেদবহুলতাৰ লগত পাথৰ সৃষ্টি হোৱাত এক সম্বন্ধ আছে। অধ্যয়নৰ পৰা দেখা গৈছে যে কৈশোৰ কালৰ প্ৰথম অৱস্থাৰ পৰা যিসকলৰ ওজন বেছিকৈ বাঢ়ে, পৰৱর্তী কালত তেওঁলোকৰ কিডনী পাথৰ হোৱাৰ সম্ভাৱনা থাকে। অত্যধিক পৰিমাণে ভিটামিন-ডি, ভিটামিন-চি, লৱণ, প্রটিন আৰু অক্সেলেটত সমৃদ্ধ খাদ্য গ্রহণ কৰিলে কিডনীত পাথৰ হোৱাৰ সম্ভাৱনা বেছি থাকে। কিন্তু বর্তমান এই ধাৰণা কিছু সলনি হৈছে।

কিডনী পাথৰৰ প্ৰতিৰোধ –

ছ’ডা, অতিৰিক্ত ছুগাৰ, ফ্ৰুক্টজ পৰিহাৰ কৰিব লাগে। মেগনেচিয়ামে কেলচিয়াম অক্সেলেট সৃষ্টি হোৱাত বাধা দিয়ে। পালেং শাক আৰু সেউজীয়া শাক-পাচলিত মেগনেচিয়াম থাকে। বীণ, বাদাম, ৰঙালাউৰ গুটি, সূৰ্যমুখীৰ গুটি, তিলৰ গুটি, এভ’কাডো আদি মেগনেচিয়ামৰ চহকী ভঁৰাল। হাভাৰ্ড স্কুল অব্‌ পাব্লিক হেল্‌থৰ অধ্যয়নৰ পৰা দেখা গৈছে কেলচিয়াম সমৃদ্ধ খাদ্যই কিডনী পাথৰ সৃষ্টি কৰাত বাধা দিয়ে। বহুতে ভাবে যে কিডনী পাথৰ প্রতিৰোধৰ বাবে অক্সেলেট সমৃদ্ধ খাদ্য পৰিহাৰ কৰিব লাগে। কিন্তু ‘National Kidney Foundation’ ৰ মতে এই খাদ্যবোৰ পৰিহাৰ কৰিলে ইয়াত থকা পুষ্টিকৰ উপাদানবোৰৰ পৰা আমি বঞ্চিত হ’ম। পিনাট (Peanut), পালেং শাক, বীট, চকলেট, মিঠা আলু, বাদাম, মাহ, চাহপাত, শাক-পাচলি আৰু ফল-মূলত অক্সেলেট থাকে। এনেবোৰ খাদ্য গ্রহণ কৰিলে, কেলচিয়ামে অক্সেলেটৰ লগত যোগ হৈ পাকস্থলী আৰু অন্ত্ৰত কেলচিয়াম অক্সেলেট উৎপন্ন হয়। এনে প্রক্রিয়াৰে উৎপন্ন হোৱা কেলচিয়াম অক্সেলেটে কিডনী পাথৰ সৃষ্টি নকৰে। ছ’না (Sanna), জগিং, অতিমাত্রা ব্যায়াম কৰাৰ ফলত শৰীৰৰ পানীভাগ নিৰ্গত হৈ ডিহাইড্রেশ্যন হ’ব পাৰে। তেতিয়া প্ৰস্ৰাৱৰ পৰিমাণ কমি যাব পাৰে।

ফলস্বৰূপে পাথৰ সষ্টিকাৰী পদার্থবোৰ কিডনীত জমা হৈ পাথৰ উৎপন্ন কৰিব পাৰে। ইয়াক প্ৰতিৰোধ কৰিবৰ কাৰণে যথেষ্ট পৰিমাণে পানী খাব লাগে। ৰঙা মাংস, ছেলফিচ (Shell fish) আদি পিউৰিনৰ উৎস। এই পিউৰিন অধিক গ্রহণ কৰিলে ইউৰিক এচিড উৎপন্ন হয় আৰু পাথৰ সৃষ্টি হয়। সেয়েহে পিউৰিন সমৃদ্ধ খাদ্য কমাই খাব লাগে। এলকহলে তেজৰ ইউৰিক এচিডৰ মাত্রা বৃদ্ধি কৰে। ফল-মূল আৰু শাক-পাচলিয়ে প্ৰস্ৰাৱৰ আম্লিকতা কমাই পাথৰ সৃষ্টিত বাধা দিয়ে।

দিনে দিনে আমাৰ মাজত কিডনী পাথৰৰ সমস্যা বৃদ্ধি পাইছে। এইখিনি সাৱধানতা অৱলম্বন কৰিলে আমি নিশ্চয় উপকৃত হ’ম আৰু এই সমস্যা ৰোধ হ’ব।

লেখিকাডামিৰান্দাদত্ত

Leave A Reply