Breaking

মাতৃ দিৱস উপলক্ষে দেশৰ প্ৰধানমন্ত্ৰীলৈ ৰাজ্যৰ মাতৃ সমাজৰ পত্ৰ। ধঁপাত নিয়ন্ত্ৰণ আইন অধিক কঠোৰ কৰাৰ দাবী…

0 58

মাতৃ দিৱসৰ লগত সংগতি ৰাখি কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰামৰ উদ্যোগত দেওবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শতাধিক মাতৃয়ে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী লৈ এখন পত্ৰ প্ৰেৰণ কৰে। ৰাজ্যৰ মাতৃ সমাজে এই পত্ৰ খনৰ জৰিয়তে ধঁপাতৰ আসক্তিৰ পৰা যুৱ প্ৰজন্মক ৰক্ষা কৰাৰ স্বাৰ্থত ধঁপাত নিয়ন্ত্ৰণ আইন অধিক কঠোৰ কৰিবলৈ প্ৰধান মন্ত্ৰীক আহ্বান জনায়। এই অভিযানত ৰাজ্যৰ বিভিন্ন চহৰৰ মাতৃ সমাজে স্বতঃস্ফূৰ্ত ভাবে অংশ গ্ৰহণ কৰে। শতাধিক মাতৃয়ে স্বাক্ষৰ কৰা এই পত্ৰখনৰ জৰিয়তে জনস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি সংসদৰ আগন্তুক বৰ্ষাকালীন অধিবেশনত এখন শক্তিশালী ধঁপাত বিৰোধী আইন গৃহীত কৰাৰ বিষয়টো জৰুৰী ভাৱে বিবেচনা কৰিবলৈ প্ৰধানমন্ত্ৰীক আহ্বান জনায়। পত্ৰখনত মাতৃ সমাজে কয় – আমাক এনেকুৱা এখন আইন লাগে যাৰ দ্বাৰা আমি আমাৰ সন্তানক ধঁপাতৰ কৰাল গ্ৰাসৰ পৰা ৰক্ষা কৰি এটা ধঁপাত মুক্ত জীৱন দিব পাৰো। সন্তানৰ বাবে সদায় আশংকাত ভুগি থকা আমাৰ দৰে মাতৃ সকলৰ বাবে এইয়া এক বৃহৎ সকাহ হব। ধঁপাত সেৱনৰ বাবে নিৰ্দিষ্ট স্থানৰ ক্ষেত্ৰত নিষেধাজ্ঞা , বিক্ৰী স্থানৰ লগতে সকলোতে ধঁপাতৰ সকলো ধৰণৰ বিজ্ঞাপন বন্ধ কৰা, পেকেটৰ পৰিবৰ্তে খোলাকৈ চিগাৰেটৰ বিক্ৰী বন্ধ কৰা, ধঁপাত সেৱনৰ আইনী বয়স ১৮ বছৰৰ পৰা ২১ বছৰলৈ বৃদ্ধি কৰা আদিৰ দৰে এখন শক্তিশালী ধঁপাত নিয়ন্ত্রণ আইন আমি বিচাৰো।

এই সমূহে আমাৰ সন্তানক ধঁপাতৰ প্ৰতি আসক্ত হোৱাৰ পৰা ৰক্ষা কৰাৰ লগতে তেওঁলোকৰ জীৱন ৰক্ষা কৰিব। আপুনি নিশ্চয় অৱগত যে মৃত্যুৰ ৬ টাৰ পৰা ৮ টা মূল কাৰকৰ ভিতৰত ধঁপাত সেৱন অন্যতম। কৰ্কট, হৃদ, হাওঁফাওঁ জনীত ৰোগৰ ৪০% ই ধঁপাত সেৱনৰ ফলত হয়। মাতৃ হিচাপে আমি সদায় নিজৰ সন্তানক লৈ উদ্বিগ্ন হৈ থাকো। ধঁপাত ব্যৱহাৰৰ ফলত হবলগীয়া ক্ষতিৰ পৰা নিজৰ সন্তানক কেতিয়াবা কেতিয়াবা অভিভাৱক সকলে যথেষ্ঠ চেষ্টা কৰিও ৰক্ষা কৰাত ব্যৰ্থ হয়। ধঁপাতৰ ভয়াবহতাৰ বিষয়ে অৱগত হোৱাৰ পিছতো ধঁপাতৰ ব্যাপক বিজ্ঞাপনে লৰা ছোৱালীক গভীৰ ভাৱে প্ৰভাৱিত কৰে। কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰামৰ সচিব অধিবক্তা অজয় হাজৰিকাই কয় – দেশৰ ১৩ বছৰৰ পৰা ১৫ বছৰৰ ভিতৰৰ এক-পঞ্চমাংশ ছাত্র ছাত্ৰীয়ে ধঁপাত সেৱন কৰা বুলি এক শেহতীয়া সমীক্ষাত প্রকাশ। দেশৰ ৩৮% ছাত্রই চিগাৰেট, ৪৭% বিড়ি আৰু ৫২%এ ধোঁৱা বিহীন ধঁপাত সেৱনৰ অভ্যাস ১০ বছৰ বয়সৰ পৰাই আৰম্ভ কৰে।

Leave A Reply