Breaking

নগাঁও আৰু কাছাৰ পেপাৰ মিলৰ নিলাম স্থগিত ৰাখিবৰ বাবে প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ

0 524

অসমত কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত হিন্দুস্তান পেপাৰ কৰ্পোৰেশ্যন লিমিটেডৰ দুটা বন্ধ হৈ থকা পেপাৰ মিলৰ নিলাম বাতিল কৰিবলৈ আৰু দুয়োটা কাৰখানাৰেই পুনৰুজ্জীৱিতকৰণ নিশ্চিত কৰিবলৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আহ্বান জনায়।কাছাৰ কাগজ কল ২০১৫ চনৰ পৰা আনহাতে জাগীৰোডস্থিত নগাঁও কাগজ কল ২০১৭ চনৰ পৰা বন্ধ হৈ আছে।২০১৭ চনৰ জানুৱাৰী আৰু মাৰ্চমাহৰ পৰা কাছাৰ আৰু নগাঁও কাগজ কলৰ কৰ্মচাৰীসকলক কোনোধৰণৰ দৰমহা দিয়া হোৱা নাই।কেন্দ্ৰীয় চৰকাৰক প্ৰদান কৰা এই পত্ৰখনত কোৱা হৈছে যে প্ৰধানমন্ত্ৰীয়ে ২০১৬, ২০১৯ আৰু ২০২১ চনৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত বাৰে বাৰে প্ৰতিশ্ৰুতি দিছিল যে এক বিশেষ অৰ্থনৈতিক পেকেজ প্ৰদান কৰি দুয়োটা কাগজ কল পুনৰুজ্জীৱিত কৰা হ’ব।মুখ্যমন্ত্ৰী ডঃ হিমন্ত শৰ্মা আৰু পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি আন জ্যেষ্ঠ বিজেপি নেতাসকলেও ৰাজ্যখনৰ জনসাধাৰণক আশ্বাস দিছিল যে দুয়োটা কাগজ কল যিকোনো মূল্যতেই পুনৰুজ্জীৱিত কৰা হ’ব কিয়নো ই হৈছে “ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ জনসাধাৰণৰ জীৱনৰেখা”।পত্ৰখনত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে কেন্দ্ৰীয় চৰকাৰক মিলদুটা নিলাম কৰাৰ পৰিৱৰ্তে পুনৰুজ্জীৱিত কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰক পৰামৰ্শ দিবলৈ আৰু সহায় কৰিবলৈ আহ্বান জনায়।পত্ৰখনৰ এটা প্ৰতিলিপি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈও প্ৰেৰণ কৰা হৈছে।

Leave A Reply