Breaking

গহপুৰ নগৰত এগৰাকী স্বামীহাৰা মহিলাৰ জীৱন সংগ্ৰাম

0 2,313

 জীৱনৰ ঘাট-প্ৰতিঘাট, বাধা-বিঘিনিক প্ৰত্যাহ্বান জনোৱাৰ সাহস যে এগৰাকী দৃঢ়মনা মহিলাৰ থাকে তাকে প্ৰতিপন্ন কৰিবলৈ সক্ষম হৈছে গহপুৰৰ এগৰাকী স্বামীহাৰা মহিলাই। গহপুৰ নগৰৰ ২নং ৱাৰ্ড ধেনুধৰাৰ নিৱাসী প্ৰয়াত হিৰণ বৰাৰ পত্নী জ্যোৎস্না বৰাই ২০১৮ চনতে অকালতে স্বামীক হেৰুৱাই দিক বিদিক হেৰুৱাই পেলাইছিল। উল্লেখ্য যে গহপুৰ নগৰৰ ট্ৰেফিক পইন্টৰ সমীপতে জোতা-চেন্দেলৰ এক ক্ষুদ্ৰ ব্যৱসায় প্ৰতিষ্ঠান চলাই পত্নী জ্যোৎস্না বৰা আৰু দুই পুত্ৰ সহ নিজৰ চাৰিজনীয়া পৰিয়ালটো সুখেৰে চলাই আছিল ধেনুধৰাৰ নিৱাসী হিৰণ বৰাই। কিন্তু ২০১১চনত উচ্চ ৰক্তচাপ জনিত ৰোগত আক্ৰন্ত হৈ হিৰণ বৰাৰ শৰীৰ অৰ্ধাংশ বিকল হৈ পৰে। পত্নী জ্যোৎস্না বৰাই দেওৰৰ লগতে বিভিন্ন জনৰ সহযোগিতাত ৭বছৰ কাল শয্যাগত স্বামীৰ চিকিৎসা কৰাৰ লগতে আলপৈচন ধৰি সুস্থ কৰি তোলাৰ অপ্ৰাণ চেষ্টা চলাইছিল যদিও ২০১৮ চনত হিৰণ বৰাৰ মৃত্যু ঘটে। বহু প্ৰচেষ্টাৰ অন্ততো স্বামীক জীয়াই ৰাখিবলৈ সক্ষম নোহোৱা জ্যোৎস্না বৰাৰ জীৱনলৈ স্বামীৰ মৃত্যুৰ ঘোৰ কাল অমানিশা নামি আহে। স্বামীক হেৰুৱাৰ বেদনাত দগ্ধ হৈয়ো দুই পুত্ৰৰ ভৱিষ্যতৰ কথা চিন্তা কৰি জ্যোৎস্না বৰাই অতি সাহসেৰে জীৱন সংগ্ৰাম চলোৱাৰ বাবে নিজকে মানসিক ভাবে প্ৰস্তুত কৰি তোলে। স্বামীয়ে আৰম্ভ কৰা জোতা-চেন্দেলৰ ব্যৱসায় প্ৰতিষ্ঠানটোৰ জৰিয়তে নিজৰ লগতে দুই পুত্ৰৰ দ্বায়িত্ব পালনৰ বাবে সাহস গোটায় জ্যোৎস্না বৰাই।  এই ক্ষেত্ৰত জ্যোস্না বৰাক বিশেষ ভাবে সহযোগিতা আগবঢ়ায় দেওৰ অমল বৰাই। এগৰাকী স্বামীহাৰা মহিলা হৈয়ো নিজৰ অদম্য মানসিক শক্তিৰ বলত জ্যোৎস্না বৰাই জ্যেষ্ঠ পুত্ৰক উচ্চতৰ মাধ্যমিক পৰ্যায়লৈকে পঢ়োৱাৰ পাছত ফটোগ্ৰাফী পাঠ্যক্ৰমত অধ্যয়ন কৰাৰ সুবিধা প্ৰদান কৰাৰ সামন্তৰালকৈ সৰু পুত্ৰক বৰ্তমান উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত নামভৰ্তী কৰাবলৈ সক্ষম হৈছে। নিজা প্ৰচেষ্টাৰে জীৱন সংগ্ৰাম চলাই থকা এইগৰাকী স্বামীহাৰা মহিলাই আজি পৰ্যন্ত লাভ কৰিবলৈ সক্ষম নহ’ল এগৰাকী স্বামীহাৰা মহিলাই লাভ কৰিব লগা চৰকাৰী আঁচনি বিধবা পেঞ্চন অথবা এককালিন সাহাৰ্য। দুই পুত্ৰ সহ তিনিজনীয়া পৰিয়ালটো চলাই থকাৰ সংগ্ৰামত ব্ৰতী থকা জ্যোৎস্না বৰাৰ ব্যৱসায় প্ৰতিষ্ঠানটো দুটা বছৰৰ ল’ক ডাউনৰ পাছত বৰ্তমান বহু পৰিমানে দুৰ্বল হৈ পৰা পৰিলক্ষিত হৈছে। উল্লেখ্য যে ল’ক ডাউনৰ সময়ত নিজৰ ব্যৱসায় প্ৰতিষ্ঠান বন্ধ হৈ পৰাৰ পৰিপ্ৰেক্ষিতত নিজ গৃহত চিলাই মেচিন লৈ গাঁওখনৰ ঘৰে ঘৰে ঘুৰি চিলাব লগীয়া কাপোৰ সংগ্ৰহ কৰি চিলাই কৰি পোৱা অৰ্থৰেই নিজৰ পৰিয়ালটো চলোৱাৰ বাবে কষ্ট কৰিব লগা পৰিস্থিতিৰ সন্মুখীন হৈছিল। চৰকাৰী ভাবে কোনো আৰ্থিক অনুদান অথবা বেংকৰ জৰিয়তে যদি কোনো ঋণ লাভ কৰিবলৈ সক্ষম হয় তেন্তে জ্যোৎস্না বৰাই নিজৰ ব্যৱসায় প্ৰতিষ্ঠানটো পুনৰ উজ্জীৱিত কৰাৰ আশা প্ৰকাশ কৰিছে।

Leave A Reply