হালধা হাইস্কুলত জীৱনৰ দিগদৰ্শন আৰু দক্ষতাৰ কৰ্মশালা

দৰঙৰ হালধা হাইস্কুলত ছাত্ৰ ছাত্ৰী সকলৰ মাজত জীৱনৰ দিগদৰ্শন আৰু দক্ষতা বৃদ্ধি শীৰ্ষক এখন কৰ্মশালা ১৬ ডিচেম্বৰত অনুষ্ঠিত হৈ যায়। বিদ্যালয়ৰ সহ শিক্ষক ড : দীপক কাকতিৰ সঞ্চালনাত অনুষ্ঠিত কৰ্মশালাখনৰ আঁত ধৰে বিদ্যালয়ৰ প্ৰধান শিক্ষক তপন চন্দ্ৰ ডেকাই। কৰ্মশালাখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকি বিষয়বস্তুৰ সন্দৰ্ভত বক্তব্য আগবঢ়ায় অসম বিজ্ঞান সমিতিৰ যুটীয়া সম্পাদক তথা বাপুজী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষক হিৰণ্য কুমাৰ নাথে । হাইস্কুল শেহান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত কি কি বিষয় অধ্য‌য়ন কৰাৰ সুযোগ আছে আৰু ইয়াৰ প্ৰস্তুতি সন্দৰ্ভত সমল ব্যক্তি গৰাকীয়ে কৰ্মশালাত  তথ্য সহকাৰে বিবৰি কয়। তাৰোপৰি উচ্চতৰ মাধ্যমিকত কলা, বাণিজ্য , বিজ্ঞান বিষয় লৈ উৰ্ত্তীণ হোৱাৰ পাছত কি কি কেৰিয়াৰ বাছনি কৰিব পাৰি সেই দিশবোৰ বক্তব্যত দাঙি ধৰে। বৃত্তিমূলক শিক্ষা গ্ৰহণৰ বাবে থকা সুবিধা আৰু নিয়োজনৰ সম্ভাৱনাৰ বিষয়েও তেওঁ চুই যায়। তেওঁ কয় – কেৰিয়াৰ এটা বাছনি কৰিবলৈ যাওতে আমাৰ ছাত্ৰ ছাত্ৰী সকলে নিজৰ দক্ষতা, অভিৰুচি, ব্যক্তিত্ব, অৰ্হতা আদি দিশবোৰৰ প্ৰতি গুৰুত্ব দিয়া উচিত। আমন্ত্ৰিত বক্তা গৰাকীয়ে লগতে মেডিকেল, ইঞ্জিনিয়াৰিং, শিক্ষকতা, প্ৰতিৰক্ষা , প্ৰশাসনিক আদি বিভাগত নামভৰ্তিৰ বাছনি পৰীক্ষাৰ বিষয়ে অৱগত কৰায়। ইয়াৰ উপৰি তেওঁ যোগাযোগ, ধনাত্মক চিন্তা, সমস্যা সমাধানৰ উপায়, সমুচিত চিন্তা , আবেগৰ নিয়ন্ত্ৰণ আদি জীৱনৰ কৌশল সমূহৰ ওপৰত আলোকপাত কৰে। আন এগৰাকী আমন্ত্ৰিত বক্তা বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী তথা অধিবক্তা কৰবী জ্যোতি শইকীয়াই জীৱিকাৰ কৌশল সমূহ বিদ্যালয়ৰ চাৰিবেৰৰ মাজতে আয়ত্ব কৰিব পাৰি বুলি কয়। নিজৰ জীৱনত অৰ্জন কৰা দক্ষতা সমূহৰ বাবে তেওঁ এসময়ত অধ্যয়ন কৰা গুৰু মণ্ডলীৰ অৰিহণাৰ কথা শ্ৰদ্ধাৰে স্বীকাৰ কৰে। আনহাতে এটা ভাল আৰু নিজ পচণ্ডৰ কেৰিয়াৰ বাচনিৰ বাবে সৰুৰে পৰাই ছাত্ৰ ছাত্ৰী সকলক সাজু কৰি তোলাৰ প্ৰয়োজন বুলি বক্তা গৰাকীয়ে উল্লেখ কৰে। কৰ্মশালাৰ অন্তত বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক পবিত্ৰ ডেকাৰ সঞ্চালনাত অনুষ্ঠিত লোক কৃষ্টিৰ মাধ্যমেৰে কৈশোৰ সবলীকৰণ আৰু সামাজিক পৰিবৰ্তন বিষয়ত অনুষ্ঠিত আন এক কাৰ্যসূচীত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে বিয়াগীত, জিকিৰ, মহোহো, নাঙেলী গীত, বিহু হুঁচৰি, বাগৰুম্বা, খেৰাই নৃত্য আদি প্ৰদৰ্শন কৰি সকলোকে আপ্লুত কৰে ।

Related Articles