২৮জুলাই বিয়লি প্ৰায় ৪-৩০বজাত হোৱা এজাক প্ৰচণ্ড ধুমুহাই ডিব্ৰুগড় জিলাৰ টিংখাং অঞ্চলত বিস্তৰ ক্ষতি সাধন। জানিব পৰা মতে অঞ্চলটোৰ বিভিন্ন ঠাইত ধুমুহা জাকৰ ফলত বিদ্যুৎ বিভাগৰ বহু কেইটা খুঁটা ভাগি পৰে।তদুপৰি বিদ্যুৎ পৰিবাহী তাঁৰৰ ওপৰত গছ গছনি ভাগি পৰাৰ ফলত সমগ্ৰ অঞ্চলটোত বিদ্যুৎ যোগান বন্ধ হৈ আছে।বিদ্যুৎ বিভাগৰ বিষয়া কৰ্মচাৰী অঞ্চলটোত বিদ্যুৎ যোগানৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে।অঞ্চলটোৰ ৰতনপুৰ,ফেটেঙীবৰ,উদয়পুৰ,শালমাৰী, কদমণি,সৰোজিনী আদি অঞ্চলত বিদ্যুৎ বিভাগৰ বিস্তৰ ক্ষতি হোৱা বুলি জানিব পৰা গৈছে।

এই অঞ্চলত ব্যাপক হাৰত গছ গছনি ভাগি পথত পৰা বাবে বহু কেইটা গুৰুত্বপূৰ্ণ পথত যাতায়তৰ বন্ধ হৈ পৰিছে। পথ বিলাকৰ পৰা ধুমুহাত ভাগি পৰা গছ গছনি বিলাক আঁতৰ কৰিবলৈ স্থানীয়লোকে তৎপৰতা গ্ৰহণ কৰিছে।আনহাতে ধুমুহাৰ ফলত ৰতনপুৰত কেবাটা বাসগৃহৰ আংশিক ক্ষতি সাধন হৈছে।বাসগৃহত গছ গছনি পৰাৰ ফলতে ক্ষতি হোৱা বুলি জানিব পৰা গৈছে। প্ৰাপ্ত বাতৰি মতে ধুমুহাত অঞ্চলটোৰ কোনো লোক আঘাট প্ৰাপ্ত হোৱা নাই।

