Breaking

বাল্য বিবাহৰ বিৰুদ্ধে চলা অভিযানৰ দৰেই ৰঙালী বিহুৰ পূৰ্বে ৰাজ্যত চলিব পাৱাৰ লুমৰ গামোচাৰ বিৰুদ্ধে অভিযান!

0 114

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিলে-ৰঙালী বিহুৰ পূৰ্বে এইবাৰ ৰাজ্যত চলিব পাৱাৰ লুমৰ গামোচাৰ বিৰুদ্ধে অভিযান।

বাল্য বিবাহৰ বিৰুদ্ধে চলোৱা অভিযানৰ দৰেই ৰাজ্যত পাৱাৰ লুমৰ গামোচাৰ বিৰুদ্ধেও চৰকাৰে অভিযান চলাব।

অসমত পাৱাৰ লুমৰ গামোচা বিহুৰ সময়ত বিক্ৰী কৰিব নোৱাৰিব। জব্দ কৰা হ’ব এই ধৰণৰ সকলো গামোচা৷

পাৱাৰ লুমৰ গামোচা বিক্ৰেতাৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল’ব চৰকাৰে।

উল্লেখ্য যে, অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুৰ সময়ত বহিঃৰাজ্যত নিৰ্মিত গামোচাৰে অসমৰ বজাৰ ভৰি পৰে।

এনে পৰিপ্ৰেক্ষিতত অসমৰ থলুৱা শিপিনী সকলে তাঁতশালত বোৱা গামোচাৰ চাহিদা কম হৈ পৰা দেখা যায়।

যাৰ বাবে এই পাৱাৰ লুমৰ গামোচাৰ বিৰুদ্ধে অসম চৰকাৰে অভিযান ঘোষণা কৰিছে।

Leave A Reply