Breaking

পুৰণি গুদামত লায়ন্স ক্লাৱ অৱ নগাঁৱৰ বিনামূলীয়া চকু চিকিৎসা শিবিৰ ! তিনিশতাধিক ৰোগীৰ উপস্থিতি…

0 19

আন্তৰাষ্ট্ৰীয় পৰ্য্যায়ৰ বেচৰকাৰী অনুষ্ঠান লায়ন্স ক্লাৱ অৱ নগাঁৱৰ উদ্যোগত আৰু গুৱাহাটী লায়ন্স চকু চিকিৎসালয়ৰ যুটিয়া সহযোগত তথা বাপুজী ভৱন আৰু পুথিভঁৰালৰ পৃষ্ঠপোষকতাত আজি পুৰণিগুদামৰ বাপুজী ভৱন আৰু পুথিভঁৰাল প্ৰেক্ষাগৃহত দিনযোৰা কাৰ্য্যসূচীৰে অনুষ্ঠিত হয় বিনামূলীয়া এটি চকু পৰীক্ষা শিবিৰ ৷ প্ৰায় তিনিশতাধিক বিভিন্ন বয়সৰ ৰোগীয়ে অংশগ্ৰহন কৰা শিবিৰটো উদ্বোধন কৰে লায়ন্স স্বাস্থ্য সমিতিৰ সভাপতি বসন্ত বৰদলৈয়ে ৷

বাপুজী ভৱন আৰু পুথিভঁৰালৰ সাধাৰন সম্পাদক আৰু সম্পাদক ক্ৰমে দ্বীপেন বৈৰাগী আৰু কুলপ্ৰদীপ দাসে আঁট ধৰা আৰু লায়ন্স ক্লাৱ অৱ নগাঁৱৰ সভাপতি ৰূপৰঞ্জন দাসৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উদ্বোধনী অনুষ্ঠানত সংগঠনটোৰ বহুসংখ্যক লায়ন্স সদস্য উপস্থিত থাকে ৷ অনুষ্ঠানত লায়ন্স ক্লাৱ অৱ নগাঁৱৰ প্ৰাক্তন সভাপতি মালা শৰ্মা বৰদলৈ ,ৰাষ্ট্ৰীয় অন্ধতা নিবাৰণ কাৰ্য্যক্ৰমৰ জিলা কাৰ্য্যক্ৰম পৰিচালক তথা সদস্য সচিব গালিৱ আহমেদ ,

বিশিষ্ট সাহিত্যিক ফনীন্দ্ৰ নাথ গায়ন , সত্ৰাধিকাৰ কৃষ্ণ গোস্বামী , হোমেশ্বৰ শইকীয়া , ডা° সীমান্ত বৰা , ডা° দেৱেশ্বৰ পাঠক , সুশান্ত বৰঠাকুৰ , ড° জোনালী শৰ্মা হাজৰিকা , লায়ন্স ক্লাৱৰ নেত্ৰ কোষৰ সহযোগী অধ্যক্ষ ইনামূল মজ্জিদ ,লায়ন্স ক্লাৱ অৱ নগাঁৱৰ যুটিয়া সম্পাদিকা ড° জোনালী শৰ্মা হাজৰিকাকে ধৰি কেইবাগৰাকীও লোকক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷ চকু পৰীক্ষা শিবিৰৰ অন্তত সংগঠনটোৱে অস্ত্ৰোপ্ৰচাৰ কৰিব লগা দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোক সকলক সম্পূৰ্ণ বিনামূলীয়াকৈ অস্ত্ৰোপ্ৰচাৰৰ ব্যৱস্থা কৰিব আৰু এই ক্ষেত্ৰত ৰোগী গৰাকীৰ BPL কাৰ্ড থকাটো হ’ব বাঞ্চনীয় ৷

Leave A Reply