Breaking

ডুবাইত এতিয়া মুকলিকৈ বিক্ৰী হ’ব সুৰা! জানি লওক কিয় লোৱা হ’ল এই সিদ্ধান্ত

0 93

এতিয়া ডুবাইত মুকলিকৈ বিক্ৰী কৰিব পাৰিব সুৰা। সুৰা বিক্ৰীৰ ৩০ শতাংশ কৰ (Alcohol Sales Tax) বাতিল কৰা হৈছে। ইয়াৰ লগতে ব্যক্তিগত সুৰা অনুজ্ঞাপত্ৰৰ সন্দৰ্ভতো ইউ টাৰ্ণ লোৱা হৈছে। সুৰাৰ অনুজ্ঞাপত্ৰৰ বাবে দিয়া মাচুল বাতিল কৰাৰ সিদ্ধান্তও লোৱা হৈছে। নৱবৰ্ষ উপলক্ষে এই কথা ঘোষণা কৰিছে ডুবাইৰ দুটা চৰকাৰী সুৰা বিক্ৰী কোম্পানীয়ে।

সুৰা বিক্ৰীৰ ৩০ শতাংশ কৰ আৰু অনুজ্ঞাপত্ৰ মাচুল বিলুপ্ত কৰাৰ এই সিদ্ধান্ত শাসকীয় আল মাকতুম পৰিয়ালৰ নিৰ্দেশ অনুসৰি লোৱা হৈছে।

ডুবাইত সুৰা বিক্ৰীৰ ওপৰত বিনামূলীয়া অনুজ্ঞাপত্ৰ আৰু ৩০ শতাংশ কৰ দিয়াৰ সিদ্ধান্ত লোৱা হৈছে পৰ্যটনৰ প্ৰচাৰৰ উদ্দেশ্যে। কৰ নিৰ্মূল কৰা দুয়োটা কোম্পানীয়েই এমিৰেটছ গ্ৰুপৰ অংশ। কৰ হ্ৰাস সন্দৰ্ভত এই সিদ্ধান্ত শাসকীয় আল মাকতুম পৰিয়ালৰ চৰকাৰী ডিক্রীত।

শেহতীয়াকৈ ডুবাইত পৰ্যটনৰ প্ৰসাৰৰ উদ্দেশ্যে কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।ৰমজানৰ সময়তো তাত সুৰা বিক্ৰী কৰিবলৈ দিয়া হৈছিল। কোভিদ লকডাউনৰ সময়ত সুৰাৰ হোম ডেলিভাৰী আৰম্ভ হৈছিল। আগতে সুৰা বিক্ৰীৰ পৰা চৰকাৰে বিপুল পৰিমাণৰ ৰাজহ লাভ কৰিছিল যদিও নতুন সিদ্ধান্তৰ পিছত ৰাজহৰ ক্ষেত্ৰত চৰকাৰে বৃহৎ লোকচান বহন কৰে৷

ডুবাইত মদ খোৱাৰ বাবে প্লাষ্টিক কাৰ্ড ব্যৱহাৰ কৰাৰ ধাৰা। এই কাৰ্ডখন ডুবাই আৰক্ষীয়ে মদ্যপায়ীসকলক প্ৰদান কৰে। সুৰা খোৱা লোকসকলে এই কাৰ্ডখন সাৱধানে ৰাখিব লাগিব। এই কাৰ্ডসমূহৰ জৰিয়তে সুৰা ক্ৰয়, পৰিবহণ আৰু সেৱন কৰিব পৰা যায়। কাৰ্ড নথকা কাৰোবাৰ পৰা যদি সুৰা উদ্ধাৰ হয়, তেন্তে তেওঁ ডাঙৰ জৰিমনা ভৰিব লাগিব।

ডুবাইৰ বাৰত এপিন্ট বিয়েৰৰ দাম ১০ ডলাৰ (৮২৭ টকা)তকৈও অধিক। এই আইন অনুসৰি ডুবাইত সুৰাপান কৰিবলৈ অমুছলমান লোকৰ বয়স ২১ বছৰ বা তাতকৈ অধিক বুলি নিৰ্ধাৰণ কৰা হৈছে।

Leave A Reply