Breaking

মাজুলী জিলা শিক্ষা খণ্ডৰ উদ্যোগত খৰিছাখোৱা প্ৰাথমিক বিদ্যালয়ত সাক্ষৰতা সভা…

0 94

মাজুলী জিলা সাক্ষৰতা অভিযানৰ অধীনত আৰু মাজুলী জিলা শিক্ষাখণ্ডৰ উদ্যোগত নৱ ভাৰত সাক্ষৰতা কাৰ্যক্ৰমৰ সপ্তাহযোৰা কাৰ্যসূচী অনুসৰি ১ চেপ্তেম্বৰৰ পৰা ৮ চেপ্তেম্বৰ লৈ পালন হ’বলগীয়া বিস্তৃত কাৰ্যসূচীৰ শুভাৰম্ভণি অনুষ্ঠান অনুষ্ঠিত হয় মাজুলীৰ কমলাবাৰী শিক্ষা মণ্ডলৰ অন্তৰ্গত অন্যতম শিক্ষানুষ্ঠান খৰিছাখোৱা প্ৰাথমিক বিদ্যালয়ত। সেই অনুসৰি পুৱা ৯ বজাৰ প্ৰাতঃ সভাত ছাত্ৰ-ছাত্ৰীয়ে বিশেষ সাক্ষৰতা শপত বাক্য গ্ৰহণ কৰাৰ পিছতে ৯.৩০ বজাত শিক্ষক, অভিভাৱক, শিক্ষাৰ্থী, ৰাইজৰ উপস্থিতিত বিদ্যালয়ত সাক্ষৰতা সভা অনুষ্ঠিত হয়। বিদ্যালয়ৰ প্ৰধান শিক্ষক অনুপ্ৰভা দেৱীয়ে আদৰণী ভাষণ আগবঢ়োৱা সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মাজুলী জিলা প্ৰাথমিক বিদ্যালয় সমূহৰ উপ পৰিদৰ্শক নৰনাথ গোহাঁই। তেওঁ নৱ ভাৰতত সাক্ষৰতা আৰু শিক্ষাৰ গুৰুত্বতাৰ ওপৰত বিষদভাৱে আলোচনা আগবঢ়ায়।

মাজুলী জিলা শিক্ষাখণ্ডৰ তৰফৰ পৰা মাজুলী জিলা প্ৰাথমিক বিদ্যালয় সমূহৰ সহ পৰিদৰ্শক কেশৱ দেউৰীয়ে উদ্দেশ্য বাখ্যা কৰা সভাখনত সমল ব্যক্তি লোহিত বৰুৱা, খৰিছাখোৱা প্ৰাথমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ উপসভাপতি যজ্ঞেশ্বৰ বৰা, অৰুণ দাস, ফণিধৰ বৰা, টিপেশ্বৰ বৰা, মাতৃগোটৰ সভানেত্রী নিজৰা বৰা, সম্পাদিকা পল্লবী দাস, সদস্যা ভাগ্যশ্ৰী বৰা, বোধেশ্বৰী বৰা, সহকাৰী শিক্ষক ৰীণা বৰুৱা প্ৰমুখ্যে বহু সংখ্যক শিক্ষাপ্ৰেমীয়ে অংশগ্ৰহণ কৰে | সভাৰ আৰম্ভণিতে গুণোৎসৱ ২০২৩ত ‘এ প্লাচ’ গ্ৰেডপ্ৰাপ্ত বিদ্যালয়খনত উপস্থিত হোৱা অতিথিসকল বিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা প্ৰধান শিক্ষক অনুপ্ৰভা দেৱীয়ে গামোচা আৰু অংগ বস্ত্রৰে আদৰণি জনায়।

Leave A Reply