Breaking

অসম সাহিত্য সভাৰ প্ৰজাতীয় মৈত্রীবন্ধন আৰু কুঁহিৰ উদ্যোগত মাজুলীৰ ২২৮ নং ঝাৰণী সোণোৱাল প্ৰাথমিক বিদ্যালয়ত সাহিত্য প্ৰতিযোগিতা

0 71

দেওবাৰে মাজুলীৰ মধ্য অংশৰ বিস্তৃত অঞ্চলৰ কেইবাখনো প্ৰাথমিক বিদ্যালয়ক সামৰি শিশুসকলৰ মাজত অসম সাহিত্য সভাৰ প্ৰজাতীয় মৈত্রীবন্ধন আৰু কুঁহি উপসমিতিৰ উদ্যোগত আৰু অমৰ শিশুপ্ৰাণ অমৰেন্দ্ৰ বৰুৱা মেমৰিয়েল ট্ৰাষ্টৰ সৌজন্যত মাজুলীৰ ২২৮নং ঝাৰণী সোণোৱাল প্ৰাথমিক বিদ্যালয়ত দুটা শিতানত সাহিত্য প্ৰতিযোগিতা অনুষ্ঠিত হয়৷

অসম সাহিত্য সভাৰ প্ৰজাতীয় মৈত্রীবন্ধন উপসমিতিৰ আহ্বায়ক মনোজ্যোতি ৰেগন আৰু কুঁহি উপসমিতিৰ আহ্বায়ক শংকুসিদ্ধ নাথৰ পৰিচালনাত অসম সাহিত্য সভাৰ দৃষ্টিভংগী অনুসৰি জনগোষ্ঠীয় ঐক্য-সম্প্ৰীতিৰ লগতে শিশুসকলৰ সাহিত্যিক আৰু সাংস্কৃতিক উত্তৰণত বাবে এখন বিশেষ মঞ্চ প্ৰদানৰ লক্ষ্যৰে অনুষ্ঠিত কৰা কুইজ আৰু কবিতা আবৃত্তিৰ দুয়োখন প্ৰতিযোগিতাতে শিশুসকলৰ প্ৰতিভাৰ বৰ্ণিল প্ৰকাশ পৰিস্ফুট হয়৷

সেই মৰ্মে কবিতা আবৃত্তি প্ৰতিযোগিতাত চয়নিকা ৰেগন, মৃদুল পায়েং, ৰাজেশ গাতাকে ক্ৰমে প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ লাভ কৰাৰ পিছতে কুইজ প্ৰতিযোগিতাত জয়মতী দলে (সিদ্ধাৰ্থ ৰেগন, দীপক পায়েং, নয়নজ্যোতি মিলি, ছায়ামণি গীতাৰ, ৰূপকুমাৰ পায়েং) প্ৰথম, গোমধৰ কোঁৱৰ দলে (চয়নিকা ৰেগন, হয়নজ্যোতি পায়েং, গায়ত্রী ৰেগন, আয়ুস্মিতা ৰেগন, বিশ্বজিৎ পায়েং) দ্বিতীয় আৰু লাচিত বৰফুকন দলে (তৰালী পায়েং, ৰিম্পী পায়েং, তৰালী চিন্তা, জোনমণি, বিকাশ পায়েং) তৃতীয় শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰে৷ বিশেষ নিয়মানুবৰ্তিতা অৱলম্বনৰ পুৰষ্কাৰ লাভ কৰে আয়ুস্মিতা ৰেগনে৷

মাজুলী জিলা সাহিত্য সভাৰ ধনভঁৰালী প্ৰণৱজিত মিশ্ৰ, অমৰ শিশুপ্ৰাণ অমৰেন্দ্ৰ মেমৰিয়েল ট্ৰাষ্টৰ অন্যতম সদস্যা অনুপ্ৰভা দেৱী, উত্তৰ কমলাবাৰী শাখা সাহিত্য সভাৰ সম্পাদক কৃষাৰাণী শইকীয়া বৰুৱা, মাজুলী জিলা মইনা পাৰিজাতৰ সম্পাদক শশীধৰ বৰুৱা, ২ নং ওপৰ সোণোৱাল প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰুণু দাস, ২২৮ নং ঝাৰণী সোণোৱাল প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক গণেশ দত্ত, সহকাৰী শিক্ষক ক্ৰমে জেউতী নৰহ, অনন্ত পায়েং আৰু দীপাংকৰ শইকীয়াই বিশিষ্ট অতিথিৰূপে উপস্থিত থকা সভাখনত গ্ৰাম্যাঞ্চলৰ প্ৰতিজন শিশু-অভিভাৱককেই অসম সাহিত্য সভাৰ লগত জড়িত হৈ ভাষা-জননীৰ সেৱাত উৎসৰ্গিত হ’বলৈ আহ্বান জনোৱা উক্ত কাৰ্যসূচীৰ প্ৰশংসা কৰে উপস্থিত ৰাইজে৷ পুৰস্কাৰ বিতৰণৰ পিছতে জাতীয় সংগীতেৰে সভাৰ সামৰণি পৰে৷

Leave A Reply