দিপীলাত “শব্দৰ সোণালী শইচ” শীৰ্ষক সাহিত্যানুষ্ঠান

দিপীলাৰ নিকটৱৰ্তী ১ নং চেঙাপাৰাত  অনুষ্ঠিত হয় “শব্দৰ সোণালী শইচ “শীৰ্ষক এক মনোজ্ঞ সাহিত্যানুষ্ঠান । দিপীলা শাখা সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত ব্যতিক্ৰমী সাহিত্যানুষ্ঠানত গীত-কথা-কবিতাৰে জীপাল হয় আঘোনৰ হিমসনা আবেলি ।

কবি-চিকিৎসক ডা :কমলাকান্ত শৰ্মাই সঞ্চালনা কৰা অনুষ্ঠানটোত অখিল ৰঞ্জন ভট্ৰ, প্ৰাণেশ্বৰ শৰ্মা ,বানেশ্বৰী ডেকা, কমলা কান্ত কলিতা ,অনিল বৰা,ৰুদ্ৰ হাজৰিকা প্ৰমুখ্যে কেইবাজনো ব্যক্তিয়ে স্বৰচিত কবিতা পাঠ কৰে । প্ৰয়াত কালিৰাম বৰুৱা-পুনেশ্বৰী বৰুৱাৰ সোৱৰণত অনুষ্ঠিত সাহিত্যানুষ্ঠানত দৰং জিলা সাহিত্য সভাৰ সভাপতি  শৈলেন ৰাজবংশী আৰু সাংস্কৃতিক কৰ্মী মুকুট হাজৰিকা অতিথি হিচাপে উপস্থিত থকাৰ লগতে উক্ত সাহিত্যানুষ্ঠানত যথেষ্ট সংখ্যক স্থানীয় ৰাইজো উপস্থিত থাকে ।

দিবাকৰ বৰুৱা

Related Articles