‘সাহিত্যিক সকলে আত্মাৰ কথা শুনিব লাগে’আজি গুৱাহাটী প্ৰেছ ক্লাবত লেখিকা কানন শৰ্মাৰ পাচখনকৈ ভিন্ন বিষয়ক গ্ৰন্থৰ উন্মোচনী সভাত এইদৰে কয় অসম সাহিত্য সভাৰ উপ সভাপতি মৃণালিনী দেৱীয়ে।ভাষণ প্ৰসংগত উল্লেখ কৰে যে যাৰ জাতীয় জীৱন মুক্ত আৰু স্বাধীন সেই সাহিত্যও স্বাধীন আৰু মুক্ত। অনুষ্ঠানত এগৰাকী উন্মোচক হিচাপে উপস্থিত থাকি সাহিত্যিক ড০ পূর্ণ ভট্টাচার্যই কলমৰ সত্যই আচল সত্য বুলি কয়।
গুৱাহাটীৰ চানমাৰী পিয়লি ফুকন নগৰ সাহিত্য চক্ৰৰ উদ্যোগত আয়োজিত এই গ্ৰন্থ উন্মোচনী সভাত লেখিকা কানন শৰ্মাৰ ‘আইতাৰ স্নেহাৰ্ঘ্য’, ‘এখন নেদেখা নদীৰ সিপাৰ’, ‘আমি পোহৰ বিচাৰি যাওঁ’, ‘প্ৰাচীন সিপাৰ সন্ধানত’ আৰু ‘লুইতৰ বলীয়া বান’ শীর্ষক পাচখন গ্ৰন্থৰ আন কেইগৰাকী উন্মোচক আছিল ক্ৰমে বিশিষ্ট লেখক প্ৰমোদ চন্দ্র ভট্টাচার্য, ধিৰেন শইকীয়া আৰু হৰেন্দ্ৰ নাথ বৰা। আটাইকেইগৰাকী উন্মোচকে ষাঠিৰ উৰ্ধৰ লেখিকা গৰাকীৰ এই প্ৰচেষ্টাৰ শলাগ লয়।
জ্যোতিনগৰ সাহিত্য সভাৰ সভাপতি ৰাতুল চক্ৰৱৰ্তী আৰু পিয়লি ফুকন নগৰ সাহিত্য চক্রৰ উপ সভাপতি তাৰিনী তালুকদাৰ উপস্থিত থকা সভাখনত লেখিকা কানন শৰ্মাই নিজৰ লেখিকা জীৱনৰ অভিজ্ঞতা ব্যক্তকৰে। গ্ৰন্থ উন্মোচনী সভাখনতে ভ্ৰাম্যমাণ থিয়েটাৰৰ বিশিষ্টা অভিনেত্রী ৰন্জু দেৱী, শিক্ষাবিদ চায়েদা বেগম,লেখিকা লিলি দাস, অঞ্জনা চক্ৰৱৰ্তী, আৰতি বাগচী, সৰলা দেৱী, গিৰিজা দাস আদিক সম্বৰ্দ্ধনা জনোৱা হয়।

