বিহালীত অবৈধ মাৰাণাস্ত্ৰসহ সজীৱ গুলী উদ্ধাৰ

বিহালী আৰক্ষীথানা অন্তৰ্গত বটীয়ামাৰীত অবৈধ মৰনাস্ত্ৰ সহ গুলী উদ্ধাৰৰ খৱৰ পোৱা গৈছে। বিহালী আৰক্ষী বিষয়া কমল বড়োৰ নেতৃত্বত এটা আৰক্ষীৰ দলে এক গোপন সুত্ৰৰ পমখেদি বিহালীৰ বটীয়ামাৰীৰ নিত্য ঢাকাল(৪৪)ৰ বাসগৃহৰ পূজাস্থলীৰ পৰা উদ্ধাৰ কৰে  দুটাকৈ নাইন এম•এম পিস্তলসহ ১১ জাঁই সজীৱ গুলী ৷আনহাতে ,মাৰাণাস্ত্ৰ উদ্ধাৰ হোৱা ঘটনাৰ লগত জড়িত আন দুজন যুৱকদ্বয় ক্ৰমে বটীয়ামাৰীৰ উত্তম ঢাকাল(৪০), ৰাংছালী গোপচাৰৰ ৰাজু ওৰাং(২০)ক আৰক্ষীয়ে আটক কৰে৷ধৃত তিনি যুৱকে কি কাৰণত মাৰাণাস্ত্ৰ মজুত কৰিছিল সেই সম্পৰ্কত বৰ্তমানলৈকে  বিহালী আৰক্ষীয়ে কোনো তথ্য সদৰি কৰা নাই৷উল্লেখ্য যে, বিগত দুমাহৰ পূৰ্বে, অৰুণাচলৰ পৰা ক্ৰয় কৰিছিল পিস্তল দুটাসহ সজীৱ গুলী৷   ধৃত যুৱক ত্ৰয়ৰ লগত  কোনো  বিশেষ লোক জড়িত থকাৰ কথা সন্দেহ আৰক্ষীৰ।তদন্তৰ পিছতহে আচল ৰহস্য প্ৰকাশ পাব!

Related Articles