মৰিগাঁৱৰ শ’লমাৰিত জিলা কৃষি বিজ্ঞান কেন্দ্রৰ দ্বাৰা পশুধনৰ চিকিৎসা শিবিৰ

 মৰিগাঁও জিলাৰ শ’লমাৰী দুদ্ধ উৎপাদক সমবায় সমিতিৰ গো পালক সকলক লৈ মৰিগাও জিলা কৃষি বিজ্ঞান কেন্দ্ৰই  যোৱা ১ অক্টোবৰত   শ’লমাৰীত এক চিকিৎসা  শিবিৰ অনুস্হিত কৰে । ইয়াত মৰিগাও ৰাজ্যিক পশু চিকিৎসালয়েও সহযোগ কৰে । শিবিৰত প্ৰায় ৬৭ জন গোপালকৰ পশুধনৰ বিভিন্ন ৰোগৰ  চিকিৎসা সেৱাৰ লগতে ঔষধ পাতিও বিনামুলীয়াকৈ বিতৰণ কৰা হয় । চিকিৎসা শিবিৰ উদ্বোধন কৰে কৃষি বিজ্ঞান কেন্দ্ৰৰ জিলা  সমন্বয়ক ডা: ৰিজুস্মিতা বৰা ডেকাই । এই অনুষ্ঠানতে জেষ্ঠ পশুচিকিৎসক ডা নীলোৎপল কাকতিয়ে পশুধন ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ সন্দৰ্ভত গোপালক সকলৰে আলোচনা আগবঢ়ায় । কৃষি বিজ্ঞান কেন্দ্ৰৰ ডা: সুভাষ চন্দ্ৰ কলিতাই কেন্দ্ৰই ইতিমধ্যে গোপালক সকলক যোগান ধৰা ঘাঁহ খেতিৰ বীজৰোপন আৰু প্ৰতিপালনৰ ওপৰত বিতং আলোচনা আগবঢ়ায় আৰু চিকিৎসা শিবিৰ পৰিচালনা কৰে ।উল্লেখ্য যে মৰিগও জিলাত সম্প্ৰতি বিশুদ্ধ  দুগ্ধ উৎপাদনৰ লক্ষেৰে বহু নিবনুৱা যুবকে গাই গৰু পালন কৰিবলৈ লৈছে । কৃষি বিজ্ঞান কেন্দ্ৰৰ এনে কাৰ্যসুচীয়ে গোপালক সকলক নি: সন্দেহে সহায় কৰিব ।

Related Articles