Breaking

জামুগুৰিহাটৰ ইউকো বেংকত ঋণ দিয়াৰ নামত বৃহৎ দূৰ্নীতি

0 524

শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ইউকো বেংকত ঋণ দিয়াৰ নামত বৃহৎ দূৰ্নীতি অনিয়ম সংঘটিত হৈছে ৷ বেংকটোৰ একাংশ বিষয়া কৰ্মচাৰীয়ে ঋণ দিয়াৰ নামত দালালীৰ জৰিয়তে সৰ্ব্বসাধাৰণ ৰাইজৰ পৰা উৎকোষ লৈ থকাৰ গুৰুত্বৰ অভিযোগ পোহৰলৈ আহিছে ৷ শেহতীয়াকৈ এই দালালী চক্ৰটোৰ বিৰুদ্ধে জামুগুৰি আৰক্ষী থানাতো এক গোচৰ ৰুজু কৰা হৈছে ৷ ঘটনাৰ বিৱৰণী অনুযায়ী জামুগুৰিহাটৰ হাটিঙা অমৰাকচা নিৱাসী প্ৰণৱ জ্যোতি ভূঞাঁ নামৰ নিবনুৱা যুৱক জনৰ পৰা বেংকৰ পৰা ঋণ দিয়াৰ নামত নগদ পঁছিশ হেজাৰ টকা উৎকোষ লয় যোৱা বৰ্ষৰ ডিচেম্বৰত ৷ জামুগুৰি ইউকো বেংকত অস্থায়ী ভিত্তিত কৰ্মৰত কৰ্মচাৰী গৌতম চাহা নামৰ ব্যক্তি গৰাকীয়ে প্ৰণৱক এক লাখ নব্বৈ হেজাৰ টকা বেংকৰ পৰা ঋণ দিয়াৰ চুক্তিৰে উকা দলিলত চহীও কৰাই লয় ৷ সেই অনুসৰি প্ৰণৱৰ সকলো নথি পত্ৰ এই গৰাকী গৌতম চাহাই হাত কৰি লয় ৷ পৰবৰ্ত্তী সময়ত ঋণ বিছাৰি গৌতম চাহাৰ ওচৰলৈ প্ৰণৱে বাটকুৰি বাই থাকে যদিও আজিকোপতি ঋণ লাভ নকৰিলে ৷ শেষত প্ৰণৱে জমা দিয়া নথি পত্ৰ সমুহ হেৰাল বুলি কৈ গৌতম চাহা পলাবলৈ ললে ৷ উপায়ন্তৰ হৈ প্ৰণৱে জামুগুৰি আৰক্ষী থানাত গৌতম চাহাৰ ঠগ-প্ৰৱঞ্চঁনাৰ বিৰুদ্ধে যোৱা ৩১ মেত এখন এজাহাৰ দাখিল কৰে ৷ প্ৰণৱ জ্যোতি ভূঞাঁই জানিবলৈ দিয়ামতে গৌতম চাহা নামৰ ব্যক্তি গৰাকীয়ে জামুগৰি অঞ্চলৰ বহুতো নিবনুৱাৰ পৰা বেংকৰ পৰা ঋণ দিয়াৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগ আছে ৷ বেংকৰ পৰা ঋণলৈ ব্যৱসায়ৰ জৰিয়তে স্বাৱলম্বী হব খোজা প্ৰণৱে এতিয়া আৰক্ষীৰ পদক্ষেপলৈ বাট চাইছে ৷ চাকৰী মনোবৃত্তি ত্যাগ কৰি কৃষি কৰ্মৰ জৰিয়তে স্বাৱলম্বী হব খোজা প্ৰণব জ্যোতি ভূঞাঁৰ দৰে যুৱকক উচিত ন্যায় প্ৰদানৰ বাৱেও জামুগুৰি আৰক্ষীক অঞ্চলটোৰ সচেতন মহলে দাৱী জনাইছে ৷ আনহাতে গ্ৰাহক ৰাইজক দূব্যৱহাৰ কৰি অহা বেংকটোৰ বিষয়া কৰ্মচাৰী সকলকো নাকী লগাবলৈ উৰ্দ্ধতন কতৃপক্ষক দাৱী জনাইছে অঞ্চলটোৰ সচেতন মহলে ৷

Leave A Reply