Local News : কমলপুৰ সমষ্টিৰ ১৩৩ নং মান্দাকাটা গাঁও পঞ্চায়তৰ ১নং ৱাৰ্ডৰ আঞ্চলিক সদস্যা পদৰ বিজেপিৰ প্ৰাৰ্থী জেৰিনা বেগমৰ বিজয় বিনা প্ৰতিদ্বন্দ্বীতাৰে

২০২৫বৰ্ষৰ পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন প্ৰত্যাহাৰৰ শেষৰ দনটোতে নৱগঠিত কমলপুৰ বিধানসভা সমষ্টিত বিজেপি শিবিৰত আনন্দৰ বন্যা নামিছে।(Local News) সমষ্টিটোৰ বেজেৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত ১৩৩ নং মান্দাকাটা গাঁও পঞ্চায়তৰ ১নং ৱাৰ্ডৰ আঞ্চলিক সদস্য পদৰ বিজেপি দলৰ মনোনীত প্ৰাৰ্থী জেৰিনা বেগমৰ বিপৰীতে প্ৰাৰ্থীত্ব আগবঢ়োৱা কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী চোনিয়া বেগমে নিজৰ প্ৰাৰ্থীত্ব প্ৰত্যাহাৰ কৰে ৷

লগে লগে মান্দাকাটা গাঁও পঞ্চায়তৰ ১নং ৱাৰ্ডৰ আঞ্চলিক সদস্য পদৰ বিজেপি দলৰ মনোনীত প্ৰাৰ্থী জেৰিনা বেগমে বিনা প্ৰতিদ্বন্দ্বীতাৰে জয়ী হ’বলৈ সক্ষম হয়৷


উল্লেখ্য যে জেৰিনা বেগম মান্দাকাটা গাৱৰ ১নং ৱাৰ্ডৰ প্ৰয়াত ওৱাজেদ আলী আৰু প্ৰাক্তন পঞ্চায়ত সভানেত্ৰী নিলীমা খাতুনৰ কন্যা ৷ অঞ্চলটোত যথেষ্ট অগ্ৰণী তথা জনপ্ৰিয়তা থকা জেৰিণা বেগমৰ এনে সফলতাত কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা, মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰী প্ৰমুখ্যে বিভিন্নজনে শুভেচ্ছা জনাইছে বিজয়ী প্ৰাৰ্থীগৰাকীক ৷

Related Articles