Local News: মুকালমুৱাৰ বৰধাপৰ পৰা গুৱাহাটীলৈ যোৱা যুৱক সন্ধানহীন

নলবাৰী জিলাৰ মুকালমুৱাৰ বৰধাপৰ(Local News) এজন যুৱক সন্ধানহীন হোৱাত পৰিয়ালৰ লোকৰ মাজত হাহাকাৰময় পৰিস্থিতি দেখা গৈছে। সন্ধানহীন যুৱকজন ৰজব আলীৰ পুত্ৰ ৰফিকুল ইছলাম(২৭)। প্ৰাপ্ত তথ্য মতে দেওবাৰে জাম বিক্ৰী কৰিবলৈ ঘৰৰ পৰা গুৱাহাটীলৈ যোৱাৰ পিছৰে পৰা যুৱকজনৰ সন্ধান নাই।

পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰে যদিও আজিলৈকে সন্ধান পোৱা নাই। নিৰুপায় হৈ পৰিয়ালৰ লোকে যুৱকজনৰ সন্ধানত মুকালমুৱা আৰক্ষী থানাত অভিযোগ দাখিল কৰে। সদাশয় ৰাইজে যুৱকজনক কৰবাত দেখা পালে মুকালমুৱা আৰক্ষী থানাত নহলে ৯১০১৯১৫৩৭৪ / ৯৭০৭৪৭২০২০ নম্বৰত পৰিয়ালৰ লগত যোগাযোগ কৰিবলৈ অনুৰোধ জনায়।

Related Articles