আজি বৃহত্তৰ দমদমা অঞ্চলৰ অগ্ৰণী শিক্ষানুষ্ঠান পি.এম. শ্ৰী. দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নতুনকৈ নাম ভৰ্তি কৰা ষষ্ঠ, সপ্তম আৰু অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক সকলক লৈ অভিভাৱক সন্মিলন এখন অনুষ্ঠিত হয়।(Local News) অনুষ্ঠানত সভাপতিত্ব কৰে বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি তথা অসম চৰকাৰৰ অৱসৰী আয়ুক্ত সচিব থানেশ্বৰ মালাকাৰ দেৱে।

সভাৰ উদ্দেশ্য ব্যাখ্যা আৰু আদৰণী ভাষণ আগবঢ়ায় বিদ্যালয়ৰ অধ্যক্ষ সূৰ্য কুমাৰ ভট্টাচাৰ্যই। আদৰণী ভাষণত তেখেতে ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱক-অভিভাৱিকা সকলক ছাত্ৰ ছাত্ৰীৰ শিক্ষা গ্ৰহণত তেওঁ বিলাকৰ ভূমিকা কেনে হ’ব লাগিব সেই বিষয়ে অৱগত কৰে আৰু লগতে শিক্ষক-শিক্ষয়িত্ৰী সকলৰ সৈতে তেওঁবিলাকৰো সহযোগিতা কামনা কৰে– যাতে ছাত্ৰ-ছাত্ৰী সকলক মানৱ সম্পদ হিচাপে পূৰ্ণাংগ বিকাশ সাধন কৰিব পৰা যায়।
অনুষ্ঠানত বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ উপ-সভাপতি তথা কবি-লেখক বাবুল চন্দ্ৰ দাসে অংশ গ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰী সকলৰ পঢ়া-শুনাৰ লগতে তেওঁলোকৰ নিজ নিজ প্ৰতিভা বিকাশৰ বাবে শিক্ষক সমাজৰ লগতে অভিভাৱক সকলৰ সহযোগিতা কামনা কৰি বক্তব্য আগবঢ়ায়। লগতে একোগৰাকী পূৰ্ণাংগ মানুহ হিচাপে গঢ়ি তুলিব কৰাটোৱেই আমাৰ সকলোৰে উদ্দেশ্য হ’ব লাগে বুলিও তেওঁ প্ৰসঙ্গ ক্ৰমে উল্লেখ কৰে। সভাপতিৰ ভাষণত মালাকাৰ ডাঙৰীয়াই ছাত্ৰ ছাত্ৰীৰ শিক্ষা গ্ৰহণত মাতৃ সমাজৰ যি দায়িত্ব আৰু কৰ্তব্য সিয়ে ভাৰতীয় নাৰী (মাতৃ) সমাজৰ মহান ত্যাগৰ কথা সোঁৱৰাই দিয়ে।

অনুষ্ঠানটোত অভিভাৱক তথা অভিভাৱিকা সকলৰ মাজৰ পৰা তেওঁলোকৰ ল’ৰা-ছোৱালীক যাতে সু-নাগৰিক হিচাপে গঢ়ি তুলিব পৰা যায় সেই বিষয়ে বিভিন্ন দিশ পৰ্যালোচনা কৰি বিভিন্ন জনে মন্তব্য আগবঢ়ায়। শিক্ষক সকলৰ মাজৰ পৰা হিৰণ্য শৰ্মা, পংকজ শৰ্মা আৰু ৰজনী শালৈয়ে বক্তব্য আগবঢ়ায়। আজিৰ এই অনুষ্ঠানত বিশেষকৈ কৃতি ছাত্ৰ-ছাত্ৰী কেইগৰাকী মানক বিদ্যালয়ৰ তৰফৰ পৰা একোখনকৈ ইংৰাজী অভিধান আগবঢ়োৱা হয়। শেষত অসম সংগীত পৰিবেশনেৰে আজিৰ অনুষ্ঠানৰ সফল সামৰণি পৰে।

