ফুটবলৰ জৰিয়তে শান্তি আৰু ঐক্য স্থাপন কৰিবলৈ(local news) বিটিআৰ পৰিষদীয় চৰকাৰৰ উদ্যোগত আয়োজিত চি ইএম কাপ ফুটবল প্ৰতিযোগিতাৰ সমষ্টি ভিত্তিক খেল আজি চাকমা খেলপথাৰত আৰম্ভ হৈছে৷
মহকুমাৰ ২ নং গুমা পৰিষদীয় সমষ্টিৰ চাকমা ফুটবল খেলপথাৰত আয়োজিত চি ই এম ফুটবলৰ প্ৰথম সংস্কৰণ উদ্বোধন কৰে প্ৰাক্তন বিধায়ক হেমেন্দ্ৰ নাথ ব্ৰহ্মই৷গুমা ব্লকৰ টিচিএলচিচিৰ সভাপতি নুৰ হাচান আনছাৰীয়ে উদ্বোধনী অনুষ্ঠানত সভাপতিত্ব কৰে৷উদ্বোধনী অনুষ্ঠানত ব্লক কমিটিৰ সভাপতি গোপাল নাৰ্জাৰী, প্ৰাক্তন পৌৰপতি প্ৰফুল্ল ইছলাৰীৰ উপৰি বাবুবিল, গুৱাবাৰী, ভুমকা, চাকমা ভিচিডিচিৰ সভাপতি আৰু কৰ্মকৰ্তা সকলে উপস্থিত থাকে৷ উদ্বোধনী খেলত অংশগ্ৰহণ কৰে ভুমকা আৰু বাবুবিল ভিচিডিচিৰ ফুটবল দলে৷