ওদালগুৰি জিলাৰ ভেৰগাঁও মহকুমাৰ অন্তৰ্গত কলাইগাঁও বিধানসভা সমষ্টিৰ ভূঞাখাট গাঁৱৰ টংলা মহলীয়াপাৰা পথৰ পৰা গনকপাৰা চুবা হৈ হাতিবান্ধা, নিজ ভূঞাখাট সংযোগী পথটি কেইবাবছৰ ধৰি বিধ্বস্ত অৱস্থাতেই আছে যাৰ ফলত বিশেষকৈ ভূঞাখাট গাঁৱৰ গনকপাৰা চুবাৰ ৰাইজে ভুগিছে যমৰ যাতনা। বাৰিষা আহাৰ লগে লগে পথটিৰে গাড়ি মতৰ দুৰৰে কথা মানুহে খোজ কাঢ়ি অহা যোৱা কৰাও তান হৈ পৰে। শুকুৰবাৰে ভূঞাখাট গাঁৱৰ গনকপাৰা চুবাৰ কেইজনমান যুৱক লগ হৈ পথটিৰ কিছু পৰিমাণে মেৰামতি কৰিবলৈ ওলাই আহি পথটিৰ মেৰামতি কৰে। এনে ক্ষেত্ৰত এই গুৰুত্বপূৰ্ণ পথটিৰ মেৰামতিৰ বাবে চৰকাৰক দাবী জনাই ভূঞাখাট গাঁৱৰ গনকপাৰা চুবাৰ ৰাইজে।

