Breaking

লোকসভা নিৰ্বাচন ২০২৪: দেশৰ দৰিদ্ৰ লোকৰ হিচাব নাই হাত শিবিৰৰ হাতত, কংগ্ৰেছ দলৰ পাঁচটা ন্যায় প্ৰতিশ্ৰুতি সঁচাকৈয়ে পূৰণ হ’বনে?

0 10

লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলে ভোটাৰসকলৰ মন জয় কৰিবলৈ পাঁচটা গেৰাণ্টিৰ কথা কৈ আহিছে। ১০ বছৰে কংগ্ৰেছ শানত নাই। কৰ্ণাটকত সফল পাইলট প্ৰকল্প আৰু তেলেংগানাত প্ৰাৰম্ভিক প্ৰকল্প ৰূপায়ণৰ পিছত কংগ্ৰেছ দলে পাঁচটা ন্যায়ৰ আধাৰ বহল কৰি সমগ্ৰ দেশতে বিয়পাব বিচাৰিছে। শেহতীয়াকৈ এক সাক্ষাৎকাৰত কংগ্ৰেছ দলৰ ইস্তাহাৰ সমিতিৰ সদস্য প্ৰবীণ চক্ৰৱৰ্তীক ৰাজকোষৰ ব্যয়ৰ বিষয়ে সোধা হৈছিল- যদি দলটো জয়ী হয় আৰু দৰিদ্ৰলোকৰ বাবে পাঁচটা গেৰাণ্টি কাৰ্যকৰী কৰে তেন্তে সেইবোৰ কি কি হ’ব? সাক্ষাৎকাৰত কংগ্ৰেছৰ ডাটা এনালিটিক্সৰ অধ্যক্ষ প্ৰবীণ চক্ৰৱৰ্তীয়ে কয় যে দলটোৰ ওচৰত মুঠ দৰিদ্ৰলোকৰ সংখ্যা সম্পৰ্কে কোনো শেহতীয়া তথ্য নাই।তেওঁ লগতে কয় যে কল্যাণমূলক আঁচনিসমূহৰ আনুমানিক ব্যয় পাঁচ বছৰৰ বাবে প্ৰায় ৫-৬ লাখ কোটি টকা হ’ব। ইয়াৰ অৰ্থ হৈছে কংগ্ৰেছৰ চৰকাৰ হ’লে ইয়াৰ পাঁচটা গেৰাণ্টি কাৰ্যকৰী কৰিবলৈ প্ৰতি বছৰে প্ৰায় ১.২ লাখ কোটি টকা ব্যয় কৰিব লাগিব পাঁচটা ন্যায়ৰ গেৰাণ্টি কি?

কংগ্ৰেছ দলে কৈছে যে যদি ক্ষমতালৈ আহে প্ৰতিটো দৰিদ্ৰ পৰিয়ালৰ এগৰাকী মহিলাই প্ৰতি বছৰে ১ লাখ টকা বা প্ৰতি মাহে ৮,৫০০ টকা লাভ কৰিব। ৰাহুল গান্ধীয়ে কৈছে যে এনে পদক্ষেপে দৰিদ্ৰতা দূৰ কৰাত সহায় কৰিব। কংগ্ৰেছে কেন্দ্ৰীয় চৰকাৰৰ সকলো চাকৰিত মহিলাসকলৰ বাবে ৫০% সংৰক্ষণ দিয়াৰ প্ৰতিশ্ৰুতি দিছে। তৃতীয় টো ন্যায় প্ৰতিশ্ৰুতি হৈছে অংগনৱাড়ী, আশা আৰু মধ্যাহ্ন ভোজন কৰ্মীৰ দৰমহাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ অৱদান দুগুণ কৰা হ’ব। চতুৰ্থ প্ৰতিশ্ৰুতিটো হ’ল প্ৰতিখন পঞ্চায়তত অধিকাৰ মৈত্ৰী নিযুক্তি দিয়া হ’ব। পঞ্চম গেৰাণ্টি হৈছে সমগ্ৰ ভাৰতৰ প্ৰতিখন জিলা সদৰত সাবিত্ৰী বাই ফুলে ৱৰ্কিং মহিলা হোষ্টেল নিৰ্মাণ কৰা হ’ব। কংগ্ৰেছ দলে স্বামীনাথন সমিতিঅনুসৰি এমএছপি ৰূপায়ণ আৰু কৃষকসকলৰ ঋণ মকুব কৰাৰ প্ৰতিশ্ৰুতি দিছিল। যুৱ আৰু শিক্ষাৰ্থীসকলৰ বাবেও আৰ্থিক সাহায্যৰ প্ৰতিশ্ৰুতি আছে। কিন্তু এনেবোৰ প্ৰতিশ্ৰুতিয়ে দেশবাসীক উপকৃত কৰিবনে? সেয়াই এতিয়া বহুতৰে প্ৰশ্ন।

Leave A Reply