কাজিৰঙা ভ্ৰমণ কৰিলে লোক সভাৰ অধ্যক্ষ ওম বিৰলায়ে…

দেওবাৰে কাজিৰঙা দৰ্শন কৰিলে লোক সাভাৰ অধ্যক্ষ ওম বিৰলায়ে। কাজিৰঙাৰ হাতীখুলি চাহ বাগিচাত ঝুমুৰ নৃত্যৰে উষ্ম আদৰণি লোক সাভাৰ অধ্যক্ষ ওম বিৰলাক। অধ্যক্ষ গৰাকীক সংগ দিয়ে মন্ত্ৰী অতুল বৰাই। বাগিচা খনত উপস্থিত হৈ অধ্যক্ষ গৰাকীয়ে সংবাদ মাধ্যমৰ আগত অসমৰ চাহৰ ওপৰত গুৰুত্ব পূৰ্ণ মন্তব্য কৰাৰ লগতে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ বিষয়টো ইতিমধ্যে লোক সাভাত উপস্থাপন কৰা হৈছে বুলিও মন্তব্য কৰে ।

ইয়াৰ পিছতে বাগৰি বনাঞ্চলত জীপ চাফাৰী কৰে অধ্যক্ষ গৰাকীয়ে।বাগৰি বনাঞ্চল দৰ্শন কৰি আপ্লুত হৈ পৰে অধ্যক্ষ গৰাকী। বাগৰি বনাঞ্চল দৰ্শন কৰি কাজিৰঙাৰ বন্য জন্তুৰ ওপৰতো গুৰুত্ব পূৰ্ণ মন্তব্য কৰে অধ্যক্ষ গৰাকীয়ে।

Related Articles