যি সময়ত ৰাজ্যৰ শক্তি মন্ত্ৰী গৰাকীয়ে বিভাগটোক ন-ৰূপত এখোজ আগুৱাই নিয়াৰ চেষ্টা অব্যাহত ৰাখিছে তেন্তে সময়তে লাহৰীঘাট বিদ্যুৎ উপ সংমণ্ডলৰ একাংশ মিটাৰ ৰিডাৰে গ্ৰাহক সকলৰ মাজত চলাইছে লুণ্ঠন ৰাজ। একাংশ মিটাৰ ৰিডাৰে ঘৰতে বহি প্ৰস্তুত কৰে মনে সজা ধৰণেৰে বিদ্যুৎৰ বিল। এই দৃশ্য ভূৰাগাঁৱৰ বটালীমাৰি গাঁৱৰ। বিদ্যুতৰ বিল হাতত পোৱাৰ পিছতেই গাওঁ খনৰ গ্ৰাহকৰ মাজত সৃষ্টি হয় উত্তেজনাৰ। উল্লেখ্য যে নায়েব আলী নামত গ্ৰাহক জনে জুলাই মাহলৈকে পৰিশোধ কৰিছে বিল। আগষ্টত মাহত আকৌ বিল আহিল ৫৯৯৭ টকা। গ্ৰাহকৰ সন্দেহত উপজাত APDCL ৱেব চাইডত চাই যি দেখিলে সেয়া শুনিলে আপোনাৰো চকু কপালত উঠিব। ২৮৩ টকাৰ বিপৰীতে প্ৰস্তুত কৰা হৈছিল ৫৯৯৭ টকাৰ বিল। ইয়াৰ পিছতেই সৃষ্টি হয় উত্তেজনাৰ। মিটাৰ ৰিডাৰ এইজন সুজীত ঠাকুৰে দীৰ্ঘদিন ধৰি অঞ্চলটোত এনেদৰেই অতিৰিক্ত হাৰত ভূৱা বিল প্ৰস্তুত কৰি হাৰাশাস্তি কৰি আহিছে গ্ৰাহকক। সুজীত ঠাকুৰৰ চক্ৰবেহুত পৰি কোনোবাই যদি বন্ধকত দিছে ৰেচন কাৰ্ড, কোনোবাই বিক্ৰী কৰিছে গৰু-ছাগলী আন কোনোবাই আকৌ মাটি বন্ধকত দি পৰিশোধ কৰিছে বিদ্যুতৰ বিল। সংবাদ মাধ্যমৰ কেমেৰা দেখি সুৰজিতৰ মন্তব্য এয়া হেনো ভূলতে হৈছিল তেওঁ ঠিক কৰি দিব। ভূৰাগাঁও অঞ্চলত ভূৱা বিল প্ৰস্তুতৰে এনেদৰেই একাংশই চলাইছে লুণ্ঠন ৰাজ। সুৰজিতৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী ভুক্তভোগী গ্ৰাহকৰ। বিভাগটোৱে এনে লুণ্ঠনৰূপী মিটাৰ ৰিডাৰৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে হব লক্ষ্যণীয়।