কামপুৰত পৰকীয়া প্ৰেমৰ পৰিণতি :: পত্নী আৰু প্ৰেমিক শিক্ষকক নৃশংসভাবে হত্যা কৰি হত্যাকাৰীৰ আত্মসমৰ্পণ ।

২১ মে’ ২০২৫: নগাঁও জিলাৰ কামপুৰৰ পাছনিজাৰত কালি নিশা পৰকীয়া প্ৰেমৰ বাবে সংঘটিত হোৱা এক নৃশংস হত্যাকাণ্ডই বৃহত্তৰ কামপুৰৰ সভ্য সমাজক লজ্জানত কৰিছে । পৰকীয়া প্ৰেমৰ বাবে স্বামীয়ে ৰডেৰে কোবাই কোবাই হত্যা কৰিলে পত্নী আৰু এজন প্ৰেমিক শিক্ষকক ৷ খবৰ অনুসৰি, কামপুৰ পৌৰসভাৰ ৬ নং মহলাৰ একেটা ঘৰৰে দুটা পৃথক কোঠাত ভাড়াতীয়া হিচাপে থকা জয়কান্ত দাসৰ পত্নী গীতাৰাণী দাস আৰু শিক্ষক ভাস্কৰ নাথৰ মাজত অবৈধ সম্পৰ্ক গঢ় লৈ উঠিছিল৷

কৰ্মসূত্ৰে গুৱাহাটীৰ এটা কোম্পানীত থকা গীতাৰাণীৰ স্বামী জয়কান্তই কালি নিশা তেওঁৰ ভাড়াঘৰৰ ভিতৰত পত্নী গীতাৰাণী আৰু ভাস্কৰ নাথক একেলগে অসংযত  অৱস্থাত নিজ চকুৱে দেখা পাই ৰডেৰে কোবাই কোবাই হত্যা কৰে। হত্যাকাণ্ড সংঘটিত কৰি জয়কান্ত নাথে নিশাই কামপুৰ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে । জয়কান্ত দাসৰ প্ৰকৃত ঘৰ দেৱ নাৰিকলী আৰু তেওঁৰ পত্নীৰ ঘৰ তুলসীমুখ দেউৰী গাঁৱত বুলি জানিব পৰা গৈছে।

তেওঁলোকৰ ষষ্ঠ শ্ৰেণীত পঢ়া পুত্ৰ সন্তান এটিও আছে। ইফালে, নিহত টেট শিক্ষক ভাস্কৰ নাথৰ ঘৰ মঙ্গলদৈৰ চিপাঝাৰত বুলি জানিব পৰা গৈছে। হত্যাৰ বলি হোৱা ভাস্কৰ নাথ কামপুৰ পুঠিমাৰীৰ এখন প্ৰাথমিক বিদ্যালয়ত শিক্ষকতা কৰিছিল। আনহাতে, হত্যাকাণ্ড সংঘটিত হোৱাৰ পিছতে নিশাই উচ্চপদস্থ আৰক্ষীৰ দল উক্ত স্থানত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰি আজি মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে। ইতিমধ্যে হত্যাকাৰী জয়কান্ত দাসক আৰক্ষীয়ে আজি জে’ল-হাজোতলৈ প্ৰেৰণ কৰে।

এই হত্যাকাণ্ডৰ খবৰ পোৱাৰ পিছতে কামপুৰ অঞ্চলৰ যথেষ্ট সংখ্যক সচেতন লোক ভাড়াঘৰটিত উপস্থিত হৈ এই ঘটনা সমাজৰ বাবে অতি ক্ষতিকাৰক বুলি অভিহিত কৰি ঘটনাটোক একেমুখে ধিক্কাৰ দিয়ে আৰু এনে ধৰণৰ অপকৰ্ম ৰোধ কৰাৰ ক্ষেত্ৰত সজাগতামূলক পদক্ষেপ গ্ৰহণ কৰি যুৱ সমাজক আগবাঢ়ি আহিবলৈ আহ্বান জনায়।

Related Articles