ডিজিটেল ডেস্ক, ১ জুলাইঃ LPG Cylinder Price Cut দেশবাসীৰ বাবে জুলাই মাহৰ আৰম্ভণিতেই আহিল সুখবৰ। ইণ্ডিয়ান অইল ক’ৰ্প’ৰেশ্যনৰ সদৰী মতে, আজি ১ জুলাইৰ পৰা ৰন্ধন গেছৰ ১৯ কেজিৰ বাণিজ্যিক চিলিণ্ডাৰৰ দাম ৫৮.৫০ টকা হ্ৰাস পাইছে।
এই নতুন মূল্য আজি পহিলা জুলাইৰ পৰা সমগ্ৰ দেশতে কাৰ্যকৰী হৈছে। তাৰ অৰ্থ, এতিয়া ব্যৱসায়িক উদ্দেশ্যত ব্যৱহাৰ কৰা ১৯ কেজিৰ গেছ চিলিণ্ডাৰ আগৰ তুলনাত যথেষ্ট সস্তাকৈ লাভ কৰা যাব।
উল্লেখযোগ্য যে, কেৱল জুলাইতেই নহয়, জুন মাহতো এই চিলিণ্ডাৰৰ দামত ২৪ টকাৰ হ্ৰাস দিয়া হৈছিল।
তেল কোম্পানীসমূহে প্ৰতিমাহে এলপিজি চিলিণ্ডাৰৰ মূল্য পৰ্যালোচনা কৰি সেয়া বজাৰৰ পৰিস্থিতি আৰু আন্তৰ্জাতিক তেলৰ দামৰ আধাৰত সংশোধন কৰে। এতিয়া দেখা গৈছে যে, এইবাৰ মূল্য হ্ৰাসে ব্যৱসায়ীক ক্ষেত্ৰতো কিছু আৰ্থিক আৰাম কঢ়িয়াই আনিব।
যদিও এই হ্ৰাস কেৱল বাণিজ্যিক চিলিণ্ডাৰৰ ক্ষেত্ৰত প্ৰযোজ্য, ঘৰুৱা ব্যৱহাৰৰ ১৪.২ কেজিৰ চিলিণ্ডাৰৰ দাম আগৰ দৰেই আছে। তেন্তে সাধাৰণ ৰন্ধন ব্যৱহাৰকাৰীসকলৰ বাবে সদায় যেন এয়া এটা আশা হৈ থাকে যে, অহা দিনবোৰত ঘৰুৱা চিলিণ্ডাৰৰ ক্ষেত্ৰতো এনে সুখবৰ আহিব।