দিছপুৰ সমষ্টিৰ পৰা টিকট বিচাৰি আবেদন কৰিছিল লুইত কুমাৰ বৰ্মনে৷ কিন্তু তেওঁ টিকট নাপালে৷ সেয়ে গৌৰৱ গগৈৰ পৰা ৫০ হাজাৰ টকাৰ আবেদন মাচুল ঘূৰাই বিচাৰে লুইত কুমাৰ বৰ্মনে৷ সামাজিক মাধ্যমত দিয়া এটা পোষ্টত বৰ্মনে এইবুলি লিখিছে- গৌৰৱ গগৈৰ নিকা ভাবমূৰ্তি দেখিহে কংগ্ৰেছৰ পৰা টিকট বিচাৰিছিলোঁ৷ সকলোকে টিকট দিব যে পাৰিব সেয়া কোনো সভাপতিয়ে নোৱাৰে আৰু এইটো সৰ্বজনবিদিত৷ কিন্তু সভাপতি এজনে কাৰোৱেই ফোন নধৰে, কাৰো মেছেজৰ উত্তৰ নিদিয়ে৷ তেনেকৈ দল চলাব পাৰিব নেকি? সাধাৰণ ৰাইজ বাদ দিয়ক দলৰ মানুহৰে ফোন নধৰে৷ দলৰ কৰ্মীসকলে কাৰো দৰমহা নলয় যে তেওঁ যে ফোন নধৰিব বা মেছেজৰ উত্তৰ নিদিব৷ দলৰ পৰা প্ৰাৰ্থিত্ব বিচাৰা লোকসকলক তেওঁ এবাৰ লগ কৰিছে নে? তেওঁ কাৰোবাক কৈছে নে চবকে টিকট দিয়া সম্ভৱ নহয়, গতিকে আপোনালোকে লাগক দলৰ হৈ৷ চৰকাৰ হ’লে সংস্থাপিত কৰিম৷ নিজৰ মানুহ কেইজনক যদি লগ কৰিছে নাজানো কিন্তু সাধাৰণ কৰ্মীক লগ কৰা নাই৷ বিজেপিৰ জয়জয় ময়ময় অৱস্থাত থকাৰ পিছতো পৰিত্ৰাণ বিচাৰিহে আদৰ্শগত কাৰণত টিকট বিচাৰিছিল৷ টিকট যদি নিদিয়েই তেন্তে প্ৰাৰ্থীবোৰৰ ইমান খৰচ কৰাব নালাগিছিল৷ মই আগতেই কৈছো যে মই ছিজনড পলিটিছিয়ান নহয়৷ মই পাবলৈও একো নাই হেৰুৱাবলৈও একো নাই৷ ইন ফেক্ট কংগ্ৰেছৰ টিকট বিচৰা বাবে বহুতে মোক বেয়াহে পাইছে৷ তথাপি সেইবোৰ মই কেৰেপ কৰা নাছিলোঁ৷ সমাজৰ ৰাইজৰ চিন্তা কৰিহে৷ কাৰণ জানো যে চৰকাৰৰ স্কীম সমূহৰ বাবে আৰু ১০য১৫ বছৰ পিছত অসমৰ মানুহৰ পানীত হাঁহ নচৰা হ’ব৷ সেইবোৰহে আমাৰ চিন্তা৷ ৰকিবুল হুছেইন বা প্ৰদু্যৎ বৰদলৈৰ পুত্ৰৰ অসমৰ সমাজ জীৱনৰ প্ৰতি কি অৰিহণা আছে যে টিকট দিছে? গৌৰৱ গগৈ ডাঙৰীয়া, আপুনি দলটো পূৰা ধবংস কৰি দিয়ক মাত্ৰ নিজৰ ইগ’ৰ বাবে৷ আমি কিন্তু আদৰ্শ ত্যাগ নকৰোঁ আৰু চিন্তা নকৰিব যে ইণ্ডিপেণ্ডেণ্ট খেলিম৷ কাইলৈ আপুনি ক’ব যে এইবোৰ কথা মুকলিকৈ নিলিখি দলৰ মজিয়াত ক’ব পাৰিলেহেঁতেন কিন্তু দলৰ মজিয়াত ক’বৰ বাবে কেতিয়াবা ৰেছপণ্ড কৰিছিল নে? মুখ্যমন্ত্ৰীৰ সামাজিক ইছু্যত মেছেজৰ ৰিপ্লাই দিয়াৰ সময় আছে, তেনেস্থলত আপুনি কোন হে? যি হ’ল হ’ল, আপোনাৰ দল যেনেকৈ মন যায় চলাই থাকক, মোৰ ৫০,০০০ টকাটো ঘূৰাই দিয়ক৷ সুত নালাগে৷

