Breaking

লামডিঙৰ চান্দুৰা বস্তিৰ এটি দূৰ্ভগীয়া পৰিয়ালৰ কৰুণ গাঁথা

0 16

হোজাই জিলাৰ ৰেল নগৰি পূৰ্বৰ লামডিঙ পঞ্চায়তৰ চান্দুৰা বস্তিৰ আৰ্থিক ভাবে দুৰ্বল এটি পৰিয়ালৰ এটি কৰুণ কাহিনী। জন্মৰ পৰাই জটিল ৰোগত আক্ৰান্ত হৈ বিচনাত শয্যাশায়ী হৈ আছে সুবাস দাসৰ তিনিজন সন্তান আকাশ দাস অঞ্জনা দাস আৰু সুসিল দাস।এই জটিল ৰোগৰ উন্নত চিকিৎসাৰ বাবে পিতৃ,মাতৃ তেনেই অপাৰগ। যি সা-সম্পত্তি আছিল সমগ্ৰ বিক্ৰী কৰি দিশহাৰা হৈ পৰিছে পৰিয়ালটো।

সুবাস দাসৰ তিনিজন সন্তান জন্মৰ পৰাই বিকলাংগ আৰু পত্নীৰো পেটৰ টিউমাৰত ভুক্তভোগী। উন্নত চিকিৎসাৰ বাবে দুৰ্ভগীয়া পৰিয়ালটোৰ এতিয়া প্ৰয়োজন এক বৃহত পৰিমাণৰ ধন।আৰ্থিক দৈন্যতাৰে জীৱন নিৰ্বাহ কৰি অহা দুৰ্ভগীয়া পৰিয়ালটোৰ ভবিষ্যত জীৱনলৈ নামি আহিছে অন্ধকাৰ।তিনি সন্তানৰ পিতা সুবাস দাস এতিয়া দিশহাৰা হৈ পৰিছে।সুবাস দাসৰ প্ৰয়োজন স্থানীয় বিধায়ক ,আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। তেওঁলোকক প্ৰয়োজন আপোনাৰ মোৰ দৰে দহ জনৰ সহায়ৰ হাত। মানবতাৰ খাতিৰত উঠি অহা সপোন বিকলাংগ সুবাস দাসৰ তিনিজন সন্তান আৰু দুৰ্ভগীয়া পৰিয়ালটোৰ মুখলৈ হাঁহি ঘুৰাই আনিব পাৰে আপুনি।আপুনি যদি পৰিয়ালটোক আৰ্থিক সহায় আগবঢ়াব বিচাৰিছে তেন্তে এই একাউন্ট নম্বৰত অৰ্থ দান কৰিব পাৰে।

STATE BANK OF INDIA, LUMDING BRANCH. ACCOUNT HOLDER : SUBHASH  DAS, ACCOUNT NO : 37437823185, IFSC CODE : SBIN0006310

Leave A Reply